সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

আজলি ফুলৰ পাহিৰ দৰেই কোমল, মানুহ আৰু সৃষ্টি-প্ৰপঞ্চৰ প্ৰতি নিভাজ দৰদেবে আদ্ৰ ইন্দিৰা মিৰি বাইদেউক প্ৰথম দেখিছিলোঁ, তেখেত নেফাত থাকোতে নেফাৰ শিক্ষা-ব্যৱস্থাৰ বেদনাভৰা কাহিনী বৰ্ণাবলৈ যেতিয়া পিতৃদেৱৰ ওচৰলৈ আহিছিল। ওচৰ চাপিলোঁ যুৱ নিবাস সন্থাৰ মহিলা নিবাসটো নাৰে?িত সজাৰ আগে আগে। তেতিয়া মই যুৱ নিবাস সন্থাৰ সাধাৰণ সম্পাদিকা আৰু তেখেত উক্ত সন্থাৰ সভানেত্ৰী। উক্ত মহিলা নিবাসটো নিৰ্ম্মাণ কৰিবলৈ ভাৰত চৰকাৰৰ পৰা প্ৰায় ২০ লাখ টকাৰ আঁচনিখনত অনুমোদন সহ ১ ম কিস্তিৰ প্ৰায় ২.৫০ আঢ়ৈ লাখ টকাৰ মঞ্জুৰীটো আহি পাইছিল। মই তেতিয়া অসম খাদী- গ্ৰামোদ্যোগ বোৰ্ডৰ পৰা গৈ গুৱাহাটী আদালতত ১ ম শ্ৰেণীৰ দণ্ডাধীশ। তেতিয়া কামৰূপৰ উপায়ুক্ত আছিল বিখ্যাত ভাৰতীয় প্ৰশাসনীয় বিষয়া বি পি সিং। আঁচনিখন কাৰ্য্যকৰী কৰাৰ সন্দৰ্ভত কামৰূপৰ উপায়ুক্তক অধ্যক্ষ হিচাবে লৈ এখন কমিটি গঠন কৰা হ'ল। ইন্দিৰা মিৰি বাইদেউৰ পৰামৰ্শ মতেই অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰয়াত বিৰাজ মোহন চক্ৰৱৰ্ত্তী আৰু একে পদৰে প্ৰয়াত কমলেশ্বৰ বৰুৱাক সেই কমিটিৰ সদস্য কৰি লোৱা হৈছিল। উক্ত কমিটিয়ে দিয়া দিহা অনুসৰি হয় অসম চৰকাৰৰ নিৰ্ম্মাণ নিগম, যাক থোৰতে এ জি চি চি বুলি জনা যায়, নহয় অসম গড় কাপ্টানী বিভাগক মহিলা নিবাস নিৰ্ম্মাণৰ দায়িত্ব দিয়াৰ ব্যৱস্থা কৰা হ'ল। নিৰ্ম্মাণ নিগমে নিৰ্ম্মাণ ব্যয়ৰ ২৫% অংশ বিভাগীয় খৰচ হিচাবে কাটি ৰাখে বাবে শেষত গড় কাপ্টানী বিভাগকে কামটো সঁপি দিয়া হ'ল। ভাৰত চৰকাৰে অনুমোদন দিয়া আঁচনিবোৰৰ খৰচৰ এটা বুজন অংশ আঁচনি সম্পাদন কৰা প্ৰতিষ্ঠানে বহন কৰিব লাগে। যুৱ নিবাস সন্থাৰো সেয়ে হৈছিল। নিৰ্ম্মাণ ব্যয়ৰ সন্থাৰ ভাগত পৰা অংশটোৰ বাবে ৰাইজৰ পৰা বৰঙণি তোলাৰ ক্ষমতা নাছিল বাবে আমি চৰকাৰৰ ওচৰ চাপিব লগীয়া হৈছিলো। সেইখিনি সময়ত ইন্দিৰা মিৰি বাইদেৱে যি প্ৰচণ্ড প্ৰাণ শক্তিৰে মোক পৰিচালিত কৰিছিল তাৰ কথা ভাবিলে আজিও মই বিস্ময়াভিভূত হৈ পৰো। দায়িত্ব, কৰ্ত্তব্য আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি ইমান গভীৰ নিষ্ঠা আৰু সচেতনতা দেখি মোৰ মন শুদ্ধাত দোঁ খাই পৰিছিল। তেতিয়া এ জি চি চি ৰ মুখ্য অভিযন্তা আছিল হৰেণ চক্ৰৱৰ্ত্তী, গড় কাপ্টানী বিভাগৰ মুখ্য অভিযন্তা ভৱদেৱ শৰ্ম্মা আৰু কাৰ্য্যবাহী অভিযন্তা আছিল শৈলেন শীল। এখেতসকলক দপ্তৰত লগ ধৰি সকলো কথা বিতং ভাৱে আলোচনা কৰাটো সুবিধাজনক নোহোৱা বাবে বাইদেৱে পুৱা ৫ পাঁচ বজাতে আমাৰ ঘৰলৈ আহি মোক তেওঁলোকৰ ঘৰে ঘৰে লৈ ফুৰিছিল। আমি কামটো খতি-খুন নথকা মজবুত অথচ কম খৰচতে হোৱাটো বিচাৰিছিলোঁ। গতিকে প্ৰথম শ্ৰেণীৰ সৎ ঠিকাদাৰ বিচাৰি বিখ্যাত মাধৱ বৰাৰ ঘৰো ওলাইছিলোঁ। ঘৰটোৰ নক্সা, প্ৰাক্কলন আদি এতিয়া কাৰিকৰী শিক্ষাৰ অতিৰিক্ত সঞ্চালক বিশ্ব দত্ত (স্থপতিবিদ) আৰু তেতিয়াৰ কাৰ্য্যবাহী অভিযন্তা পাঠান হাজৰিকাই (পোছাকী ৭৪