সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

১৯৫৫ চনত পাঠ্যপুথি উৎপাদন শাখা এটা খোলা হৈছিল। শিক্ষা বিভাগৰ ঘাই অফিচ আগৰ বছৰতে শ্বিলঙলৈ স্থানান্তৰিত হৈছিল যদিও পাঠ্যপুথি উৎপাদন বিভাগটো নৱ নিযুক্ত উন্নয়ন আয়ুক্ত লোথ্ৰা চাহাবৰ অধীনত নেফাতে ৰখা হ'ল। টি টি আইৰ অধ্যাপক মুক্তিনাথ বৰদলৈক সহকাৰী শিক্ষা-বিষয়ালৈ পদোন্নতি দি তেওঁকে পাঠ্যপুথি প্ৰণয়নৰ দায়িত্ব দিয়া হৈছিল। এতিয়া সমস্যা হ'ল পুথি প্ৰণয়নৰ বাবে কি ভাষা ব্যৱহাৰ কৰা যায়। নেফাৰ শিক্ষকসকলে জনজাতীয় ভাষা আয়ত্ব কৰি অতদিনে সেই ভাষাৰ মাধ্যমেৰেই যথাসাধ্যে শিক্ষা দান কাৰ্য্য চলাই আছিল। সেই ব্যৱস্থা কিছুদিন চলি থাকিবলৈ দিয়া হ'লে লাহে লাহে জনজাতীয়সকলৰ মাজৰ পৰাই তেওঁলোকৰ ভাষাত পুথি লেখক ওলালহেঁতেন। কিন্তু ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিত ভাৱে নেফাত হঠাতে অসমীয়া ভাষাৰ ব্যৱহাৰ বন্ধ কৰি তাৰ ঠাইত হিন্দী চলোৱা হ'ল। নেফাৰ জনসাধাৰণৰ বাবে হিন্দী ভাষা একেবাবে অপৰিচিত আছিল। বৰঞ্চ শাসনৰ দায়িত্বত থকা চাহাবসকলৰ সংস্পৰ্শলৈ অহা হেতুকে ইংৰাজী ভাষাৰ সৈতেহে তেওঁলোকৰ কিছু চিনাকী আছিল। এনে পৰিস্থিতিত, হিন্দীক শিক্ষাৰ মাধ্যম হিচাপে লোৱা হৈছিল যদিও সেই ব্যৱস্থা স্থায়ী নহল আৰু ইংৰাজীয়ে পিছত সেই স্থান অধিকাৰ কৰিলে। শেহতীয়াকৈ নেফাৰ উচ্চ ইংৰাজী স্কুলসমূহত চি বি এছ ই পাঠ্যক্ৰম প্ৰৱৰ্ত্তিত হৈছে। প্ৰাথমিক পৰ্য্যায়ত মাতৃভাষা বাধ্যতামূলক হোৱা বাবে সেই পৰ্য্যায়ত কিতাপবোৰ জনজাতীয় মাধ্যমতে হব লাগিছিল। কিন্তু জনজাতীয় মাধ্যমত কিতাপ লিখিব কোনে? গতিকে অভিজ্ঞ লেখকৰ হতুৱাই ইংৰাজী ভাষাতে মাতৃ ভাষা, গণিত আৰু সমাজ শিক্ষা বিষয়ক পুথি ‘ক’ মানৰ পৰা ৩ য় মানলৈকে ব্যৱহাৰৰ বাবে ৰচনা কৰাই সেইবোৰ বিভিন্ন জনজাতীয় দোৱানলৈ অনুবাদ কৰিবলৈ দিয়া হৈছিল। অনুবাদক সকলৰ প্ৰায়ভাগেই আছিল ইংৰাজী ভাষাত বিশেষ হাত থকা অজনজাতীয় লোক। তত্ৰাচ সমস্যাৰ ওৰ পৰা নাছিল। নেফাত প্ৰচলিত দোৱানৰ সংখ্যা ডেৰকুৰিৰো ওপৰ হব। সকলোবোৰ দোৱানতে পাঠ্যপুথি ৰচনা সম্ভৱপৰ কথা নহয়। গতিকে তাৰ মাজৰ পৰাই চৈধ্যটা দোৱান বাচি লৈ কিতাপ লিখাৰ দিহা কৰা হৈছিল, কিন্তু যিসকলৰ দোৱান এই নিৰ্বাচনত নুঠিল সেইসকল ক্ষুণ্ণ হ’ল আৰু তাৰে অজুহাত লৈ ভাষাগত অনৈক্য আৰু বিভেদৰ ভাৱে নেফাত গা কৰি উঠিল। লিপিৰ সমস্যা লৈয়ো জটিলতাৰ সৃষ্টি হৈছিল। দোৱানক লিখিত ভাষাৰ স্তৰলৈ নিবলৈ লিপি অপৰিহাৰ্য্য। ভাষা শিক্ষাৰ প্ৰচেষ্টাৰ প্ৰথম পদক্ষেপ হিচাপে ইন্দিৰা মিৰিয়ে অসমীয়া লিপিৰে জনজাতিৰ দোৱানৰ কিছুমান 'চাৰ্ট’প্ৰকাশ কৰিছিল। কিন্তু মাধ্যম হিচাপে অসমীয়া ভাষা আৰু লিপি নাকচ হোৱাত সেইবোৰৰ কাম নোহোৱা হ'ল। এচামে আকৌ ৰোমান লিপিৰ বাবে দাবী তুলিলে। নেফাত চাকৰি কৰি থকা নগা, মিজো, খাচীয়া আবৰ 80