সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

স্কুলত ইন্দিৰাৰ সবাতোকৈ প্ৰিয় বিষয় আছিল অঙ্ক। মাতৃভাষা হিচাপে বঙলাকে পঢ়িছিল। সেইকালৰ শিক্ষা ব্যৱস্থাত গৃহ-শিক্ষকতাৰ কোনো ধাৰণাই সোমোৱা নাছিল; বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলেই পুৱাৰ ভাগত, নহলে স্কুল ছুটীৰ পিছত ছাত্ৰীসকলৰ পঢ়া শুনা চাই দিছিল। ব্ৰাহ্ম গাৰ্লচ হোষ্টেলত তেওঁৰ সৈতে থকা অসমীয়া ছাত্ৰী কেইগৰাকীৰ ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেৱৰ বায়েক নিৰ্ম্মলা চলিহা আৰু লোকনায়ক অমিয় কুমাৰ দাসৰ দুগৰাকী ভতিজা জীয়েক আশা দাস আৰু প্ৰতিমা দাসৰ কথা তেওঁৰ মনত পৰে। ১৯২৮ চনত ইন্দিৰাই মেট্ৰিক পৰীক্ষা দিয়াৰ বছৰতে কলিকতাত জাতীয় কংগ্ৰেছ মহাসভাৰ অধিবেশন বহিছিল। সেই অধিবেশনত তেওঁলোকে স্বেচ্ছাসেৱক বাহিনীৰ সদস্যা হিচাপে যোগদান কৰিছিল। সেই বাহিনীৰ সৰ্বাধিনায়ক আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। তেজী ঘোৰাত উঠি স্বেচ্ছাসেৱক বাহিনীৰ কুচ্-কাৱাজ চাবলৈ অহা উদ্দীপ্ত কণ্ঠৰ সেই সুদৰ্শন তেজস্বী পুৰুষগৰাকীক নিচেই ওচৰৰ পৰা দেখাৰ সৌভাগ্য তেওঁৰ সৰুতেই হৈছিল। দেশৰ কেন্দ্ৰীয় ৰাজনৈতিক নেতৃবৃন্দ আৰু মুধা ফুটা শিক্ষাবিদ, সাহিত্যিক, বৈজ্ঞানিক সকলৰ কলিকতালৈ সঘন আহ-যাহ আছিল। কলিকতাত পঢ়িবলৈ যোৱাৰ ফলত ইন্দিৰাৰ এক বিশেষ সুবিধা হৈছিল যে তেওঁ মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰ লাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, ৰবীন্দ্ৰ নাথ ঠাকুৰ, প্ৰফুল্ল চন্দ্ৰ ৰয়, জগদীশ বসু প্ৰমুখ্যে স্বনামধন্য লোকসকলৰ সততে দৰ্শন লাভ কৰিছিল। সভাই - সমিতিয়ে শুনা সৰোজিনী নাইডুৰ মৰ্ম্মস্পৰ্শী সুললিত বক্তৃতা যেন আজিও তেওঁৰ কাণত বাজি থাকে। ১৯২৮ চনত হাই স্কুলীয়া শিক্ষা সফলতাৰে সমাপ্ত কৰি ইন্দিৰাই মহানগৰৰে স্কটিছ চাৰ্চ কলেজত নাম লগায়। সেই সময়ত গুৱাহাটীৰ অমল প্ৰভা দাস, উজনি অসমৰ বেদৱতী বুঢ়াগোহাঁই, কুঞ্জ গগৈ, নৰ্ম্মদা সিঙকে ধৰি কেইবাগৰাকীও অসমীয়া ছোৱালী ছাত্ৰীৰ আছুতীয়া শিক্ষানুষ্ঠান বেথুন কলেজত পঢ়ি আছিল। তেনেস্থলত সোণাধৰ সেনাপতিয়ে তেওঁৰ ছোৱালীক লৰাৰ সৈতে একেলগে পঢ়িবলৈ স্কটিছ চাৰ্চ কলেজলৈ পঠিয়াই তেওঁৰ প্ৰগতিশীল চিন্তাধাৰাৰ পৰিচয় দাঙি ধৰে। সেইখন কলেজত ইন্দিৰা সেনাপতি সোমোৱাৰ দুই এবছৰ আগৰ পৰাহে ছাত্ৰীক প্ৰবেশৰ অনুমতি দিয়া হৈছিল। গতিকে ছাত্ৰী সংখ্যা আছিল তেনেই নগণ্য আৰু অসমীয়া ছাত্ৰী বুলিবলৈ একমাত্ৰ তেঁৱেই আছিল। কলেজখনৰ অধ্যক্ষ ডঃ আৰ্কহাৰ্ট (Dr. Arquohart) এজন অভিজ্ঞ শিক্ষাবিদ আৰু অতি সুদক্ষ প্ৰশাসক আছিল। তেওঁ পিছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হৈছিল। ইন্দিৰাৰ জীৱন আৰু ব্যক্তিত্ব গঠনত এইজন বৰেণ্য ব্যক্তিৰ প্ৰভাৱ তেওঁ স্বীকাৰ কৰে। ১২