সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

সাক্ষাৎকাৰৰ ভেকো ভাওনা এখন অনুষ্ঠিত কৰি শ্যামলাল ছোনী নামৰ বাহিৰৰ হিন্দী ভাষী এজনকহে সঞ্চালক ৰূপে নিযুক্তি দিয়া হ'ল। দহ বছৰৰ ক্লান্তিহীন, নিষ্কলঙ্ক সেৱাৰ বিনিময়ত এনে পুৰষ্কাৰ লাভ কৰাৰ পিছত তেওঁৰ সেই চাকৰিৰ প্ৰতি কি মোহ থাকিব পাৰে? গতিকে তেওঁ চাকৰি ইস্তফা দি ভৈয়ামৰ মানুহ ভৈয়ামলৈ গুছি অহাৰে সিদ্ধান্ত লয়। অৱশ্যে তেওঁ নেফাৰ প্ৰতি কোনো বিদ্বেষ বা বিতৃষ্ণাৰ ভাৱ লৈ গুছি অহা নাছিল। তেওঁৰ প্ৰতি কৰা সেই অবিচাৰ কেন্দ্ৰীয় শাসিত নেফাত চলা ‘অসমীয়া হাটাও' অভিযানৰে স্বাভাবিক পৰিণতি বুলি তেওঁ নিঃসন্দেহ আছিল। সেয়ে আতৰি আহিলেও তেওঁৰ মনৰ মণিকোঠাত আজিও সযতনে সংৰক্ষিত হৈ আছে নেফাৰ সহজ সৰল জনগণৰ সান্নিধ্যত কটোৱা দহোটা বছৰৰ অলেখ মিঠা স্মৃতি। নেফাৰ কৰ্ম্মজীৱন সুঁৱৰি তেওঁ লিখিছে, “কাম কৰিছিলো তন্ময় নিষ্ঠাৰে, অসীম সাহসেৰে, ক্লান্তিহীন উদ্যমেৰে, অনন্ত আশাৰে, অপাৰ আনন্দেৰে; যিমানেই কৰিছিলো সিমানেই কৰাৰ আগ্ৰহ বাঢ়িছিল। ----- - শাৰীৰিক ক্লেশ-ক্লান্তি, মানসিক-দুশ্চিন্তা, কৰ্ম্মৰ কাঠিন্যই মোক কোনো দিনেই কৰ্ম্ম বিৰত কৰিব পৰা নাছিল। চৰকাৰৰ ফালৰ পৰাও মই কোনো দিনেই কোনো কথাত বাধা পোৱা নাছিলো। মই শুদ্ধ, সত্য, শিক্ষা দৃষ্টিকোণৰ পৰা আগবঢ়োৱা সকলো পৰামৰ্শকে চৰকাৰে যথোচিত গুৰুত্ব দি গ্ৰহণ কৰিছিল।” বাস্তবিকতে চল্লিশৰ দশকৰ শেষাৰ্দ্ধলৈকে শিক্ষাৰ কোনো আও ভাও নোপোৱা কানো আও ভাও নোে নেফাৰ অজ্ঞ, অৰ্দ্ধসভ্য জনগণৰ বাবে শিক্ষাৰ বুনিয়াদ গঢ়ি তোলাত ইন্দিৰা মিৰিৰ গুৰুত্বপূৰ্ণ ভূমিকা অনস্বীকাৰ্য্য। নিজৰ ঘৰ-সংসাৰ, ল'ৰা ছোৱালীৰ পৰা বহু আতৰত থাকি, কৰ্ম্মকেই জীৱনৰ ব্ৰত হিচাপে লৈ দুৰ্গম অৰণ্য অঞ্চলত নিজৰ জীৱন বিপন্ন কৰিও তেওঁ আৰু

  • সহযোগী সকলে শিক্ষাৰ ক্ষেত্ৰত ৰাইজলৈ সেৱা আগবঢ়াইছিল। শিক্ষা-বিষয়াসকলে শিশু

শিক্ষাৰে কাম আৰম্ভ কৰিছিল যদিও অভিভাৱকৰ শিক্ষা, সমাজৰ শিক্ষায়ো তেওঁলোকৰ ... কৰ্ম্ম আঁচনিত ঠাই পাইছিল। নেফাত তেওঁলোকে কেইখনমান মধ্য-ইংৰাজী আৰু হাইস্কুলকে ধৰি প্ৰায় ১৪০ খনমান স্কুল স্থাপন কৰিছিল। অন্তৰত গভীৰ দেশ প্ৰেম, সেৱাৰ মনোভাৱ নেথাকিলে, আৰ্থ-সামাজিক দিশত পিছপৰা জনজাতীয়সকলৰ প্ৰতি সদিচ্ছা সহানুভূতি নেথাকিলে মানুহে এইদৰে দেহমন উছৰ্গি কাম কৰিব নোৱাৰে। ৪২