সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

লিখিবলৈ লয়। সোণাধৰ সেনাপতিৰ ককাদেউতাক সুগম সেনাপতিও আহোম ৰজাৰ আমোলত এজন ৰাজখোৱা বিষয়া আছিল। তেওঁৰ পুত্ৰ ভদ্ৰাম সেনাপতি শিৱসাগৰ অঞ্চলৰ এজন নিপুণ সোণাৰী আৰু সোণ ৰূপৰ অলংকাৰৰ সফল ব্যৱসায়ী আছিল। অঞ্চলটোৰ মধ্যবিত্ত শ্ৰেণীৰ এজন প্ৰভাৱশালী ব্যক্তি ভদ্ৰাম সেনাপতি আনহাতে আছিল এজন নিষ্ঠাবান সমাজ সেৱক। গাঁৱত কলেৰা, টাইফয়েড আদি মহামাৰীয়ে দেখা দিলে আতুৰ গঞালোকে 'ভদ্ৰাম কাই'ৰ ওচৰলৈ ঢাপলি মেলিছিল; তেওঁ ততালিকে গৈ ঘটনাস্থলীত উপস্থিত হৈ ঘৰুৱা চিকিৎসা আৰু দিহা-পৰামৰ্শৰে ৰোগীক সকাহ দিবলৈ যথাসাধ্যে চেষ্টা কৰিছিল। তেওঁৰে পুত্ৰ, উপযুক্ত পিতৃৰ উপযুক্ত সন্তান সোণাধৰে ১৮৬৮ খৃষ্টাব্দত অৰ্জ্জুনগুৰিত জন্ম লাভ কৰে। ভদ্ৰাম সেনাপতিৰ তিনিজন পুত্ৰৰ কনিষ্ঠ দিবাধৰৰ ন বছৰ বয়সতে অকাল মৃত্যু ঘটে। দ্বিতীয়জন দীনাধৰৰো, ঢাকাত উচ্চ শিক্ষা লৈ থকা অৱস্থাতে আকস্মিক বিয়োগ ঘটে৷ সোণাধৰৰ সৰুৰে পৰা লিখা পঢ়াৰ প্ৰতি অতি ধাউতি আছিল; তেওঁ পৈত্ৰিক সোণাৰী বৃত্তি লবলৈ ইচ্ছা নকৰি লিখা পঢ়াৰ পিনেহে মনোযোগ দিলে। ফলত ১৯১০ চনত ভদ্ৰাম সেনাপতিৰ মৃত্যুৰ লগে লগে স্বৰ্ণ শিল্পৰ অনুৰাগী উত্তৰাধিকাৰীৰ অভাৱত পৈত্ৰিক ব্যৱসায় লোপ পালে। শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা যথা সময়ত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জীৱিকাৰ সন্ধানত সোণাধৰ গুৱাহাটী পায়হি আৰু অসম উপত্যকাৰ জিলাসমূহৰ কমিছনাৰ চাহাবৰ কাৰ্য্যালয়ত আঠ টকা দৰমহাত উমেদাৰ পদত নিযুক্তিৰে কৰ্ম্ম জীৱন আৰম্ভ কৰে। চৰকাৰী চাকৰিত সোমাই নিজৰ সততা আৰু কৰ্ত্তব্য নিষ্ঠাৰ গুণত দোপত দোপে উন্নতি কৰি সোণাধৰে এসময়ত কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত বৰকেৰাণীৰ বাব পায়গৈ। কিছুদিনৰ পিছত তেওঁ ৰেভিনিউ চিৰস্তাদাৰ হিচাপে নগাঁৱলৈ বদলি হয়। একে পদতে কিছুবছৰ নগাঁও আৰু ধুবুৰীত চাকৰি কৰাৰ অন্তত অসম চৰকাৰৰ দ্বাৰা বিশেষৰূপে মনোনীত হৈ সোণাধৰ সেনাপতিয়ে শ্বিলঙৰ অসম সচিবালয়ত প্ৰধান সহকাৰীৰূপে নিযুক্তি লাভ কৰে। ১৯৩০ চনত তেওঁ স্থায়ীভাৱে সচিবালয়ৰ ৰেজিষ্টাৰ পদত মকৰল হয়। অনুন্নত সম্প্ৰদায়ত জন্ম গ্ৰহণ কৰিও সেনাপতিদেৱে নিজ পুৰুষাৰ্থৰ বলতে সচিবালয়ৰ ৰেজিষ্টাৰৰ দৰে প্ৰশাসনিক দিশৰ পৰা গুৰুত্বপূৰ্ণ চাকৰি লাভ কৰি সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেনাপতিদেৱ চাকৰি সূত্ৰে য'তেই আছিল ত’তেই তেওঁ অনুন্নত, দুখীয়া শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰিছিল; নিজৰ চৌহদৰ ভিতৰতে অস্থায়ী ঘৰ সাজি দি গাঁৱৰ দুখীয়া লৰাহঁতক চহৰত থাকি পঢ়া শুনা বা চাকৰি কৰাৰ সুবিধা কৰি দিছিল।