সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

১৯৪৫ চনত ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদ এৰি ইন্দিৰা মিৰি বিলাতলৈ যাত্ৰা কৰে আৰু স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত দুবছৰীয়া B.Ed. কোৰ্চৰ শিক্ষা আৰম্ভ কৰে। তাত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে প্ৰশিক্ষাৰ্থী সকলক এটি চমু প্ৰশিক্ষণৰ বাবে অফোৰ্ড বিশ্ববিদ্যালয়লৈ নিয়া হৈছিল। তাতে ইন্দিৰাই তেওঁৰ স্কুলীয়া দিনৰে সহপাঠী সুসাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাদেৱক ক অপ্ৰত্যাশিত ভাৱে লগ পাই বৰ আনন্দিত হৈছিল। বৰুৱাদেৱ সেই সময়ত অধ্যয়ন-গৱেষণাৰ খাতিৰতে অফোৰ্ডত আছিলগৈ। কটন কলেজৰ প্ৰথম জনা অধ্যক্ষ চুদমাৰ্ছন চাহাবৰ জোঁৱায়েক এজনেও ইন্দিৰাৰ লগতে অফোৰ্ডত প্ৰশিক্ষণ লৈছিল। চুদমাৰ্ছন চাহাব সেই সময়ত আলৰ বুঢ়া, কাণেৰে একেবাৰে নুশুনে। জোঁৱায়েকৰ মুখে অসমৰ পৰা ইন্দিৰা মিৰি অধ্যয়নৰ বাবে স্কটলেণ্ডলৈ অহা বুলি শুনি তেওঁ বৰ সন্তোষ পাইছিল আৰু মহিলাগৰাকীক এবাৰ তেওঁৰ ঘৰলৈ নিবৰ বাবে জোঁৱায়েকক অনুৰোধ কৰিছিল। নিমন্ত্ৰণ ৰক্ষা কৰি ইন্দিৰা মিৰি এদিন মিঃ চুদমাৰ্ছনৰ ঘৰ ওলালগৈ। একালৰ বন্ধু কন্যাক লগ পাই উল্লসিত বুঢ়া মানুহজনে কৈছিল, “এসময়ত ম‍ই তোমালোকৰ ঘৰলৈ গ'লে ঘৰৰ ছোৱালীহঁত চাহাবৰ ভয়তে কেনিবা পলাইছিল; আজি তুমি চাহাবৰ দেশত পঢ়িবলৈ আহিলা।” এইখিনিতে উল্লেখযোগ্য, এসময়ত কটন কলেজৰ অধ্যক্ষ ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰা চুদমাৰ্ছন চাহাবক অসমীয়া ভাষা শিকোৱাৰ দায়িত্ব পৰিছিল সেই সময়ৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্ম্মচাৰী সোণাধৰ সেনাপতিৰ ওপৰত॥ সেই সূত্ৰে দুয়োৰে মাজত চিনা-পৰিচয় আৰু একপ্ৰকাৰ ঘনিষ্ঠতাও হৈছিল। চুদমাৰ্ছন চাহাবে নিয়মিত সান্ধ্য ভ্ৰমণত ওলাই শিলপুখুৰীৰ ৰাজহুৱা ৰাস্তাৰে (বৰ্তমানৰ গোপীনাথ বৰদলৈ পথ) অহা যোৱা কৰোতে একোদিনা সেনাপতিপুৰীত সোমাই গৃহস্থৰ সৈতে দুআষাৰ কথা-বতৰা পাতি খন্তেক জিৰাই গৈছিল। চাহাব অহা বুলি গম পালে ইন্দিৰাৰ পেহীয়েকহঁতে ভয়তে লৰমাৰি গৈ পিছপিনৰ পুখুৰী পাৰ পাইছিলগৈ। ইন্দিৰা মিৰিৰ মতে, তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা দুবছৰীয়া বি এড পাঠ্যক্ৰম সম্প্ৰতি আমাৰ ইয়াত প্ৰবৰ্ত্তিত বি এড পাঠ্যক্ৰমতকৈ বহু উন্নত স্তৰৰ আছিল। তাত শিক্ষাৰ তাত্ত্বিক দিশতকৈ শিক্ষণ পদ্ধতিত বহু গুণে বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল। শিশু মনস্তত্ত্বৰ সকলো দিশলৈকে তীক্ষ্ণ দৃষ্টি ৰখা তেওঁলোকৰ শিক্ষাদান পদ্ধতি, শিক্ষক সকলৰ নিষ্ঠা আৰু নিয়মানুবৰ্ত্তিতা দেখি ইন্দিৰা মিৰি বিস্ময়-বিমুগ্ধ হৈছিল। তাত তেওঁৰ গৱেষণা পত্ৰৰ বিষয় আছিল Factorial Analysis of Children of the Age group of Thirteen. সুদীৰ্ঘ দুটা বছৰ ল'ৰা ছোৱালী, ঘৰ এৰি থৈ বিদেশত নিবিষ্ট চিত্তে অধ্যয়ন কৰি তেওঁ কৃতকাৰ্য্যতাৰে শিক্ষা সমাপ্ত কৰে।