সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

গুৱাহাটী এৰি যোৰহাটতে থিতাপি ললেগৈ। যোগেন শ‍ইকীয়া আৰু সিতাংশু মজুমদাৰ নামেৰে দুজনৰ পোনতে শিক্ষক হিচাপে নিযুক্তি হ'ল। কলেজখন গঢ়ি তোলাত এই দুগৰাকী শিক্ষকে তেওঁক দেহে কেহে সহায় কৰিছিল। সেই দুজন প্ৰশিক্ষক আৰু ১৫/২০ গৰাকীমান ‘ডেপুটেড' শিক্ষক-শিক্ষয়িত্ৰীক লৈ যোৰহাট নৰ্ম্মাল স্কুলতে কলেজখনৰ শুভাৰম্ভ হয়। দিনত নৰ্ম্মাল স্কুল, ৰাতি বি টি কলেজৰ ক্লাচ বহে। নৰ্ম্মাল স্কুলৰ হলঘৰটোতে এটা ‘পেট্ৰোমাক্‌সৰ পোহৰত শিক্ষাদান চলে। শিক্ষক বহিবৰ বাবে কোঠা নাই; এজন শিক্ষক শ্ৰেণী কোঠালৈ গ’লৈ কলেজৰ অধ্যক্ষা ইন্দিৰা মিৰি আনজন শিক্ষকৰ সৈতে এটা হাৰিকেন লেম্পৰ পোহৰত বাৰাণ্ডাতে বহি থাকে। যোৰহাটত তেতিয়া স্কুল ইন্সপেক্‌টৰ আছিল গোপাল শৰ্ম্মা বৰুৱা। তেওঁৰ কৃপাতে ইন্দিৰা মিৰিয়ে বি টি কলেজৰ কাৰ্য্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ ইন্সপেক্‌টৰৰ অফিচতে এটা কোঠা পাইছিল। কিন্তু দূৰণিবটীয়া প্ৰশিক্ষাৰ্থী সকলৰ থকা-খোৱাৰ সমস্যাৰো সমাধান হব লাগিব। সেই সময়ত নৰ্ম্মাল স্কুলৰ অধ্যক্ষ আছিল চিৰাজুল হক বৰুৱা। তেওঁক বৰকৈ ধৰাত নৰ্ম্মাল স্কুলৰ হোষ্টেলতে আঁতৰৰ পৰা অহা শিক্ষক আৰু শিক্ষয়িত্ৰী সকলক ভাগে ভাগে থাকিবলৈ অনুমতি দিয়া হ'ল। ইতিমধ্যে যোৰহাট চৰকাৰী হাইস্কুলত কাম কৰা দুজন B.T. পাছ শিক্ষককো অংশকালীন হিচাপে কলেজখনত নিযুক্তি দিয়া হ'ল। তেওঁলোক দুজন আছিল যতীন গোস্বামী (অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি) আৰু গোপাল বৰদলৈ। এবাৰ যোৰহাটত স্কুল চাবলৈ আহোতে শিক্ষাধিকাৰ হিৰণ্য ভূঁঞাদেৱে কলেজখনৰ দুৰৱস্থা দেখা পাই দুদিনমান তাতে থাকি শ্ৰেণী কোঠাত পোহৰৰ ব্যৱস্থা কৰি দিলে। তেওঁৰ অনুৰোধত নৰ্ম্মাল স্কুলৰ অধ্যক্ষই শিক্ষক বহিবলৈ কোঠা এটাও দিলে। ৰী মাটিত লাহে লাহে চৰকাৰী কলেজৰ ঘৰ-দুৱাৰে মূৰ দাঙি উঠিল; কলা, বিজ্ঞান দুয়োটা শাখাতে প্ৰশিক্ষণ আৰম্ভ হ'ল। ইন্দিৰা মিৰিৰ সুদক্ষ পৰিচালনাত কলেজখনে যথেষ্ট উন্নতিৰ মুখ দেখিলে। তেওঁৰ মাতৃ সুলভ আচৰণ, নিকা প্ৰশাসন আৰু শিক্ষাৰ প্ৰতি ঐকান্তিক আগ্ৰহে শিক্ষকসকলক বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল। যোৰহাটত এবছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণৰ এই পূৰ্ণাংগ অনুষ্ঠান গঢ় লৈ উঠাত উজনি অসম আৰু উত্তৰৰ পাহাৰীয়া অঞ্চলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বাটকুৰি বাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰশিক্ষণৰ বাবে অহা কষ্টৰ পৰা অব্যাহতি পালে। শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত শিক্ষাৰ তাত্ত্বিক দিশতকৈ প্ৰায়োগিক দিশতহে অধিক গুৰুত্ব দিয়া উচিত। সেই বিষয়ত বিশেষ ভাৱে সচেতন অধ্যক্ষা গৰাকীয়ে শিক্ষণ পদ্ধতিতহে বেছি জোৰ দিছিল আৰু যোৰহাটৰ শিক্ষানুষ্ঠানসমূহৰ সৈতে ঘনিষ্ঠ সহযোগ ৰক্ষা কৰি প্ৰশিক্ষাৰ্থীসকলৰ ‘প্ৰেক্‌টিকেল ক্লাচ' ৰ সুব্যৱস্থা কৰি দিছিল। যোৰহাট বি টি কলেজৰ অধ্যক্ষা ৰূপে ইন্দিৰা মিৰিয়ে নিজৰ অভিজ্ঞতা এইদৰে বৰ্ণাইছে, “কলেজ গঢ়াৰ 88