সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ভয়ত গা মূৰ ঢাকি যাবলগীয়া হৈছিল। কেতিয়াবা দুই তিনিদিনৰ মূৰতহে তেওঁলোকে গন্তব্য স্থান পায়গৈ। পূৰ্ব্বতে শিক্ষা-বিষয়াই খবৰ দি থোৱা মতে গাঁৱৰ লোকসকল এঠাইত গোট খায়। সেই ঠাইত সভা পাতি শিক্ষাৰ আৱশ্যকতা, সুফল আদি ব্যাখ্যা কৰাব লগতে স্বাস্থ্য-নীতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খোৱা পানীৰ বিশুদ্ধতা, কানি খোৱাৰ অপকাৰিতা আদিৰ বিষয়ে বক্তৃতাৰ দ্বাৰা জনতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছিল। উল্লেখযোগ্য যে সেই কালত নেফাৰ বহুলোক, বিশেষকৈ মিচিমি আৰু খাম্‌টি লোকসকল কানিৰ প্ৰতি আসক্ত আছিল। সহজ-সৰল জনজাতীয় লোকসকলে অৱশ্যে শিক্ষা- বিষয়াসকলৰ দিহা পৰামৰ্শ প্ৰায়ে মানি লয় আৰু ৰাইজৰ পিনৰ পৰাই স্কুল ঘৰ, শিক্ষকৰ ঘৰ, ছাত্ৰ সকলৰ বাবে বাগান, খেল পথাৰ আদি পাতি দিয়াত আগভাগ লৈছিল। নতুনকৈ খোলা প্ৰাথমিক স্কুলসমূহত একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিয়োগ কৰা হৈছিল আৰু শিক্ষাৰ আৱশ্যকীয় সা-সঁজুলি চৰকাৰৰ তৰফৰ পৰাই যোগান ধৰা হৈছিল। ছাত্ৰ ছাত্ৰীৰ বাবে ঔষধ পাতি, ‘ফাৰ্ষ্ট এইড বক্‌স্', দাঁত ঘঁহা সজুলি, গা মোছা টাৱেল, চাবোন পৰ্যন্ত চৰকাৰেই দিছিল। ল'ৰা-ছোৱালীহঁতক পাঠ শিকোৱাতকৈ স্বাস্থ্য নীতিৰ শিক্ষা দিয়া, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঠন কৰোৱাটোহে প্ৰধান কাম হৈছিল। খেতি- বাতি আৰু অন্য হস্ত-শিল্প শিক্ষাৰ বাবে দা, কোৰ, কটাৰীকে আদি কৰি সকলো আৱশ্যকীয় সজুলি চৰকাৰেই যোগান ধৰিছিল। মুঠ কথাত, নেফাত শিক্ষা বিস্তাৰৰ নামত ভাৰত চৰকাৰে দুহাত উজাৰি ধন ঢালিছিল। শিক্ষকসকলে প্ৰশিক্ষণৰ সময়ত শিকি অহা মতে প্ৰাথমিক স্বাস্থ্য সেৱা অকল ছাত্ৰ ছাত্ৰীৰ বাবে নহয়, সমগ্ৰ গাওঁবাসীলৈকে আগবঢ়োৱা হৈছিল। সেইমতে শিক্ষক আৰু শিক্ষা-বিষয়াসকলৰ উদ্যোগত মাহেকে পষেকে গাঁৱত চাফাইৰ কাম চলিছিল। পুৱাতে প্ৰভাত ফেৰীৰে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। উদ্যোক্তা সকলে গাইছিল - দেশৰ কাৰণে ৰণ আমি ৰাখিব লাগিব জননীৰ মান জাগা জাগা জনগণ। ” প্ৰভাত ফেৰীৰ অন্তত হাতে হাতে কোৰ, কুঠাৰ, দা, বাঢ়নী আদি লৈ আটায়ে চাফাই কামত লাগিছিল। স্কুল চৌহদৰ উপৰিও, হাবি বন কাটি গাঁওখনো সাৰি পুছি চাফা কৰা হৈছিল, বাস্তা ঘাট মেৰামতিৰ কামো চলিছিল। এইবোৰ কামত শিক্ষক, ছাত্ৰ, গাঁৱৰ ৰাইজ, শিক্ষা-বিষয়া আনকি গাঁৱত থকা আন চৰকাৰী বিষয়াসকলেও আনন্দেৰে ভাগ লৈছিল। স্কুলত সন্ধিয়া বয়স্ক শিক্ষাৰ ব্যৱস্থাও কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ হতুৱাই মাজে সময়ে নৃত্য-গীতৰ আয়োজন কৰি গাওঁবাসীৰ মনোৰঞ্জনৰ দিহা কৰা হৈছিল। গাঁৱৰ ৩০