সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

কৰা, পাঠটোকা সময় মতে প্ৰস্তুত কৰা, শিক্ষাৰ আহিলা পাতি নিজে প্ৰস্তুত কৰি বিষয়- শিক্ষকক সময় মতে দেখুওৱা আদি কথাত গুৰুত্ব দিছিল। তেখেতৰ সুদক্ষ পৰিচালনাত সচাকৈয়ে কলেজখনৰ শৈক্ষিক পৰিবেশ যথেষ্ট উন্নত হৈছিল। বাণীকান্ত বি টি কলেজত অধ্যক্ষা হিচাপে থকাৰ সময়ৰে পৰা বাইদেউৰ লগত মোৰ যোগাযোগ বেছিকৈ হৈছিল। বিশ্ববিদ্যালয়ৰ কোনোবা সভালৈ আহিলে পোনতে মোৰ বহা কোঠাত সোমাই বিশ্ববিদ্যালয়ৰ বিভিন্ন কথা আৰু সমস্যা জানিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল। মই বিভাগীয় মূৰব্বী হোৱাৰ পিছৰে পৰা বাইদেউৰ লগত মোৰ বৌদ্ধিক সম্বন্ধ গাঢ় হৈ পৰিছিল। আলোচনা-চক্ৰ পাতিলে ইন্দিৰা বাইদেউ, পুষ্পলতা দাস আৰু নীলিমা দত্ত বাইদেউক নিমন্ত্ৰণ কৰি আনি উঠি অহা ল'ৰা ছোৱালীহঁতক তেখেতসকলৰ সাৰগৰ্ভ ভাষণ আৰু ব্যক্তিত্বৰ সৈতে চিনাকী কৰি দিব বিচাৰিছিলো। প্ৰচাৰ বিমুখ এই মহিলা গৰাকী স্পষ্টবাদী যদিও কাকো বেয়াকৈ নকৈছিল। যোৱা বিজয়া দশমীৰ দিনা নব্বৈ বছৰ সম্পূৰ্ণ কৰা মানুহ গৰাকীয়ে জীৱনৰ বিচিত্ৰ অভিজ্ঞতাসমূহ ৰোমন্থন কৰিবলৈ আজিও মানসিক ভাৱে সুস্থ হৈ আছে। এই বয়সতো তেখেতেৰ আশাবাদী মনটোৱে আমাক উৎসাহ আৰু প্ৰেৰণা দিয়ে কাম কৰি যাবলৈ। তেখেতৰ সান্নিধ্যত মই বিভিন্ন ধৰণে উপকৃত হৈছো। মই লিখা ‘আধুনিক শিক্ষা নীতি আৰু তত্ত্ব' খনৰ সম্পাদনা কালত তেখেতে যিখিনি উপদেশ দিছিল সেইখিনি মোৰ বাবে আছিল আৰ্শীবাদ। অসমৰ শিক্ষা জগতত এনে এক বিৰল প্ৰতিভা ও ব্যক্তিত্বৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছো। শ্ৰীসূৰবালা পাতিৰ শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ দেওৰেক শ্ৰীৰজনী কান্ত পাতিৰে মোক বিয়া কৰাই তেখেতৰ বৌৱেক ইন্দিৰা মিৰি বাইদেউৰ কৰ্ম্মস্থান মাৰ্ঘেৰিটাৰ ঘৰত থৈ গৈছিল। মই মিি বাইদেউৰ লগত ডেৰ মাহ আছিলোঁ। মিৰি বাইদেউ মোতকৈ বহুত শিক্ষিত যদিও মোক বৰ মৰমেৰে একো অসুবিধা নোপোৱাকৈ লগত ৰাখিছিল। মই সৰু ‘জা' হিচাপে তেখেতৰ পৰা যি মৰম-চেনেহ পাব লাগে সেই সকলো পাইছিলোঁ। অকল মোক বুলিয়েই নহয়, বাইদেউৰ চৰকাৰী ঘৰৰ ওচৰতে তেখেতসকলৰ এডুকেচন ডিপাৰ্টমেন্টে অৰ্ফেন স্কুল এখন লগত বৰ্ডিঙেৰে সৈতে খুলিছিল। তাৰে সৰু সৰু ল'ৰা-ছোৱালীবোৰ পুৱা গধূলি মিৰি বাইদেউৰ ঘৰত ‘মা’-‘মা’ বুলি মাতি দৌৰি ফুৰি থকা দেখিবলৈ পাইছিলোঁ। সিহঁতক মিৰি বাইদেউৱে যেতিয়াই সময় পায় কোলাত তুলি মাকৰ দৰে মৰম কৰা দেখিছিলোঁ; আৰু মিৰি বাইদেউৱে অৰ্ফেন স্কুলখনত