সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

একেলগে খোৱা-লোৱা কৰাৰ নিয়ম সেইকালত নাছিল। গতিকে তেনে ছাত্ৰসকলে খ্ৰীষ্টিয়ান মিছনেৰীৰ হোষ্টেলবোৰত থকা খোৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। সেনাপতি ডাঙৰীয়াই মিছনেৰীসকলৰ সৈতে যোগাযোগ কৰি ভালেমান অনুন্নত সম্প্ৰদায়ৰ ল'ৰাক চহৰৰ হোষ্টেলত থাকি পঢ়া শুনাৰ কৰাৰ সুবিধা কৰি দিছিল। কলিকতাত পঢ়িবলৈ যোৱা নিম্ন জাতিৰ ল'ৰাক তাত থকা সুবৰ্ণবনিক সমাজৰ জৰিয়তেও থকা-খোৱাৰ বন্দবস্ত কৰি দি তেওঁলোকৰ উচ্চ শিক্ষাৰ পথ সুগম কৰি দিছিল। কুৰি শতিকাৰ তৃতীয় দশকলৈকে নিম্ন বৰ্ণৰ লোকৰ বাবে চৰকাৰী চাকৰিও দুষ্প্ৰাপ্য আছিল। তেতিয়াৰ দিনতে ডিগ্ৰী লাভ কৰা তেনে যি দুই চাৰিজন যুৱক আছিল তেওঁলোকে ওকালতি বা অন্য কোনো স্বাধীন ব্যৱসায় কৰি পেটৰ ভাত মোকোলাব লগীয়া হৈছিল। সোণাধৰ সেনাপতিৰ ভাগিনীয়েক স্বৰ্গীয় মহেন্দ্ৰ লাল দাস অনুসূচিত জাতিৰ প্ৰথম স্নাতক আৰু প্ৰথম আইনৰ ডিগ্ৰীধাৰী আছিল। মহেন্দ্ৰ লাল দাসৰ মাতৃ সেনাপতিদেৱৰ মাজু বায়েক অকালতে বিধৱা হোৱাত তেওঁৰ পৰিয়ালটোকো সেনাপতিদেৱে নিজৰ লগলৈ আনি তেওঁলোকৰ ভৰণ-পোষণ আৰু ল'ৰা ছোৱালীহঁতৰ শিক্ষাৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছিল। মহেন্দ্ৰ লাল দাস অসম ব্যৱস্থাপক সভা আৰু ৰাজ্য সভাৰো সদস্য আছিল। পিছলৈ তেওঁ ৰেলৱে বোৰ্ডৰো চেয়াৰমেন হৈছিল। পৰিয়ালৰ ল'ৰা ছোৱালীৰ উপৰিও বাহিৰৰ কেইবাজনকো পৰিয়ালভুক্ত কৰি লৈ সেনাপতিদেৱে তেওঁলোকক শিক্ষা-দীক্ষাৰে উপযুক্তকৈ গঢ়ি তুলিছিল। সাংসাৰিক দিশতো সোণাধৰ সেনাপতি অতি সফল ব্যক্তি আছিল। তেওঁৰ তেৰটি সন্তানৰ আটাইকে ল'ৰা ছোৱালী নিৰ্বিশেষে সমানে শিক্ষাৰ সুবিধা কৰি দিয়াত তেওঁ কাহানিও কাৰ্পণ্য কৰা নাছিল। ইন্দিৰা মিৰিৰ উপৰিও তেওঁৰ তৃতীয়া কন্যা বনজ সেনাপতিয়ে বিলাতত সুখ্যাতিৰে সমাজ-বিজ্ঞানত উচ্চ শিক্ষা সমাপ্ত কৰি সমাজকল্যাণ বিভাগৰ উচ্চ বিষয়াৰূপে ভাৰতৰ বিভিন্ন ঠাইত চাকৰি কৰি অৱশেষত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ ডেপুটি ডাইৰেক্‌টৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আন এগৰাকী কন্যা মৃণালিনী বৰবৰা এগৰাকী বিশিষ্টা গায়িকা; নুমলীয়া জীয়ৰী অচলা বৰা তেজপুৰ বি. টি. কলেজৰ অধ্যক্ষা হৈছিল। তেওঁৰ এজন পুত্ৰ আই এ এছ বিষয়া অষ্টদল সেনাপতি নেফাত ডি ছি আছিল। বৰপুত্ৰ স্বৰ্গীয় জীতেন সেনাপতি অসম চৰকাৰৰ আৱকাৰী বিভাগৰ অধীক্ষক আৰু দ্বিতীয় পুত্ৰ অৰবিন্দ সেনাপতি শ্বিলং সচিবালয়ৰ ডেপুটি চেক্ৰেটাৰী হৈছিল। অসমৰ আগশাৰীৰ সাহিত্যিক স্বৰ্গীয় প্ৰফুল্ল দত্ত গোস্বামীয়ে ‘মনৰ পখী উভতি উৰে' নামৰ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থত সোণাধৰ সেনাপতিৰ বিষয়ে এইদৰে লিখিছে, “শাস্ত্ৰত আছে – ‘সংস্কাৰৈদ্বিজ উচ্যতে'। যদিহে এই কথা সত্য তেনেহলে মিৰি বাইদেউৰ পিতৃ আছিল শূদ্ৰ হৈও দ্বিজ বা ব্ৰাহ্মণ। এওঁ নিজৰ ল'ৰা ছোৱালীক যি আৰ্হি বা শিক্ষা দিছিল তাৰ ৰিজনি G