সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

তেনে ভক্তিমূলক গীত- মাত সাদৰে গ্ৰহণ কৰিছিল। কিন্তু পিছলৈ দিল্লীৰ পৰা নিৰ্দ্দেশ আহিছিল যে ‘ৰঘুপতি ৰাঘৱ' ৰ ঠাইত স্থানীয় গীত-মাত, প্ৰাৰ্থনা মন্ত্ৰ আদিহে গোৱাব লাগে। ফলস্বৰূপে সমস্যা বাঢ়িলহে, নকমিল। কাৰণ এক উপজাতিৰ ছাত্ৰই অন্য উপজাতিৰ পূজাৰ মন্ত্ৰ বা ভক্তিমূলক গীত গোৱাত আপত্তি তুলিছিল। তদুপৰি তেওঁলোকৰ পূজাৰ মন্ত্ৰবোৰ ৰাজহুৱাকৈ স্কুলত গোৱাটো তেওঁলোকে মুঠেই পছন্দ নকৰিছিল। ফলত স্কুলত পুৱাৰ প্ৰাৰ্থনাৰ ব্যৱস্থাটোৱেই সোলোক ঢোলোক হৈ পৰিছিল। জনজাতীয়সকলৰ মাজত প্ৰচলিত অন্ধ বিশ্বাস, কুসংস্কাৰবোৰক ভুল বুলি কলেও তেওঁলোকৰ বহুতে বেয়া পাইছিল। এবাৰ তেওঁলোকৰ মৃতকৰ সংস্কাৰ প্ৰথাক সমালোচনা কৰা এজন চাহাবক হত্যা কৰা হৈছিল। এইদৰে এশ এবুৰি সমস্যাৰ মাজেৰেই শিক্ষা বিষয়াসকলে তেওঁলোকৰ পোহৰৰ অভিযান অব্যাহত ৰাখিছিল। সেই সফলতাৰ মূলতে আছিল শীৰ্ষ শিক্ষা-বিষয়া গৰাকীৰ চাৰিত্ৰিক দৃঢ়তা, কৰ্ম্ম তৎপৰতা, সৰ্বোপৰি তেওঁৰ সম্পূৰ্ণ নিকা ভাৱমূৰ্ত্তি। শিক্ষা বিভাগত সিদ্ধান্ত গ্ৰহণৰ সকলো ক্ষমতা তেওঁৰ হাততে ন্যস্ত আছিল যদিও সেই ক্ষমতাৰ অপব্যৱহাৰ তেওঁ কোনোদিনেই কৰা নাছিল। তেওঁ অৰ্হতাসম্পন্ন, নিষ্ঠাবান লোকক মাতি নি এবছৰীয়া কঠোৰ প্ৰশিক্ষণৰ অন্ততহে শিক্ষাদান কাৰ্য্যত নিয়োগ কৰিছিল। সেইকালত শিক্ষকৰ নিযুক্তি- প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ শিক্ষাগত আৰু অন্যান্য অৰ্হতাৰ কথাহে আহিছিল, আজিৰ দৰে অৰ্থলোভ আৰু ব্যক্তি-স্বাৰ্থৰ চিন্তাই সেই প্ৰক্ৰিয়াক কলুষিত কৰিব পৰা নাছিল। অনুশাসনৰ দিশত দৃঢ় আছিল যদিও শিক্ষক আৰু তলতীয়া শিক্ষা-বিষয়াসকলক তেওঁ পুত্ৰ বা ভাতৃসম জ্ঞান কৰিছিল। মূৰব্বী বিষয়া গৰাকীৰ সজ দৃষ্টান্ত, কৰ্ম্ম-প্ৰেৰণা আৰু মৰম-স্নেহেৰে অনুপ্ৰাণিত হৈ শিক্ষক তথা শিক্ষা-বিষয়াসকলে ব্যক্তিগত স্বাৰ্থলে পিঠি দি নেফাৰ প্ৰকৃত সেৱক হিচাপে অশেষ কষ্ট স্বীকাৰ কৰি অঞ্চলটোৰ প্ৰতিটো শিশুকে সুশিক্ষিত আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলাৰ মহান উদ্দেশ্য সাধনত ব্ৰতী হৈছিল; বিনিময়ত তেওঁলোকে পাইছিল সহজ সৰল জনজাতীয় ৰাইজৰ আস্থা আৰু নিৰ্ভেজাল মৰম চেনেহ। শিক্ষক বদলি হ’লে বা অৱসৰ পালে ল'ৰাৰ পৰা বুঢ়ালৈকে গাঁৱৰ সকলোৱে চকু পানী টুকি টুকি গাঁৱৰ মূৰলৈকে বিদায়ী শিক্ষাগুৰুক আগবঢ়াই দিবলৈ আহিছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ অভিশপ্ত দিনটোত আততায়ীৰ হাতত মহামানৱ মহাত্মা গান্ধীৰ নিধনৰ সংবাদে সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। তেওঁৰ চিতা ভষ্ম পবিত্ৰ স্থানত নিক্ষেপনৰ বাবে ভাৰতৰ বিভিন্ন স্থানলৈ নিয়া হৈছিল। পৰশুৰাম কুণ্ডত বিসৰ্জ্জনৰ বাবে চিতা ভষ্মৰ পাত্ৰ নেফালৈকো কঢ়িয়াই নিয়া হৈছিল। অসমৰ শিক্ষা মন্ত্ৰী অমিয় কুমাৰ দাস, লোকবন্ধু ভুবনেশ্বৰ বৰুৱা, দিহিং সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে গণ্য মান্য লোকসকলে মাৰ ৩৩