সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

অপূৰ্ব্ব প্ৰাকৃতিক শোভা দেখুৱাবলৈ উলিয়াই লৈ গৈছিল। সেইকালত শ্বিলঙত কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠা নাছিল। সেইখন স্কুলৰ শিক্ষা সাং হোৱাত তেওঁক জেইলৰোড এম ই স্কুলত নাম লগাই দিয়া হয়। তাতো তেওঁ বঙলা মাধ্যমেৰেই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। তেনে পৰিস্থিতিত দেউতাকে চিন্তা কৰিলে, ছোৱালীয়ে যদি বঙলা মাধ্যমতে লিখা পঢ়া শিকিব লাগে তেন্তে কলিকতাৰ স্কুলতে ভৰ্ত্তি হৈ উন্নত শিক্ষাৰ সোৱাদ লওকগৈ। অসমত সেইকালত ছোৱালীৰ উচ্চ শিক্ষাৰ কথা মানুহে ভাবিবই পৰা নাছিল৷ গতিকে কলিকতাত পঢ়িবলৈ ল'লে ভৱিষ্যতে তেওঁৰ উচ্চ শিক্ষাৰ পথো সুগম হব। তদুপৰি ব্ৰাহ্মসমাজ বা মিছনেৰীসকলৰ স্কুলত পঢ়িলে ছোৱালীয়ে থকা-খোৱাৰ ক্ষেত্ৰত জাত-পাতৰ তিতা-কেহা অভিজ্ঞতাৰ পৰাও হাত সাৰি চলিব পাৰিব। কথাষাৰ সকলো দিশৰ পৰা বিবেচনা কৰি তেওঁ বৰজীয়েকক কলিকতাত পঢ়িবলৈ পঠোৱাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই কথা গম পাই ইন্দিৰাৰ শিশু প্ৰাণ আনন্দত নাচি উঠিল। অচিন অজান ঠাই কলিকতা দেখা পাব, হোষ্টেলত থাকিব, ডাঙৰৰ দৰে বাকচৰ চাবি, পইছা নিজৰ লগত থাকিব– এনেবোৰ কল্পনাত তেওঁ আপোন পাহৰা হৈছিল; অৱশ্যে মাতৃহাৰা কণমানি ভায়েকৰ বাবে তেওঁৰ প্ৰাণে কান্দিছিল। ১৯২১ চনৰ শিক্ষা বছৰৰ আৰম্ভনিতে ইন্দিৰাক লগত লৈ সোণাধৰ সেনাপতি কলিকতামুখী ৰেলত উঠিল। শ্বিলঙৰ মনোৰম প্ৰাকৃতিক পৰিবেশ এৰি থৈ, পাইন গছৰ মাজে মাজে লৰি ঢাপৰি ফুৰা, ওখ-চাপৰ আলিবাটত চাইকেল চলাই ফুৰা শৈশৱৰ দিনবোৰৰ স্মৃতি বুকুত বান্ধি দহ এঘাৰ বছৰীয়া ছোৱালীজনীয়ে এক অপৰিচিত অনাগত ভবিষ্যতৰ পিনে ভৰি আগবঢ়ালে। তেওঁ তাৰ আগতে ৰেলত উঠা দূৰৰে কথা, ৰেলখন ওচৰৰ পৰা দেখাই নাছিল। ৰেলৰ খিড়িকিৰে বাহিৰলৈ চাই দুয়ো কাষৰ গছ-বন, ঘৰ-দুৱাৰবোৰ ওলোটা মুখে লৰি যোৱা দেখি তেওঁৰ বিস্ময়ৰ সীমা নাছিল। কলিকতাত পঢ়ি থকা গুৱাহাটীৰ ছাত্ৰ তিনিজনে তেওঁলোকক শিয়ালদহ ষ্টেচনৰ পৰা আগবঢ়াই নিবলৈ আহিছিল। দেউতাকৰ সৈতে কলিকতাৰ হোটেলত সাদিন মান ৰাখি তেওঁক ভিক্‌টোৰীয়া মেমোৰিয়েল, চিৰিয়াখানা আদি দৰ্শনীয় ঠাইবোৰ দেখুৱাবলৈ নিয়া হৈছিল। কলিকতাত ট্ৰাম–বাছ, দোকান-পোহাৰ, অট্টালিকা, বিজুলী চাকি দেখি তেওঁ থৰ লাগিছিল। কলিকতাৰ আপাৰ চাৰ্কুলাৰ ৰোডত থকা ব্ৰাহ্ম গাৰ্লচ স্কুলত তেওঁৰ প্ৰৱসুৱা শিক্ষা জীৱন আৰম্ভ হয়। বিৰাট দুমহলীয়া স্কুল ঘৰ, আহল বহল চৌহদ; স্কুলৰ লগতে পিছফালে প্ৰকাণ্ড হোষ্টেল। হোষ্টেলত এশগৰাকীমান ছাত্ৰী আছিল। ছোৱালীহঁতৰ তদাৰক কৰিবলৈ কেইবাগৰাকী শিক্ষয়িত্ৰীও তেওঁলোকৰ লগতে আছিল। স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল স্বৰ্গীয়া জ্যোতিৰ্ম্ময়ী গাংগুলী। এইগৰাকী ব্যক্তিত্বশালী মহিলাই ইন্দিৰাক আকৰ্ষিত ১০