সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

- সকলো যায়। কিন্তু দুখৰ কথা, শিক্ষক প্ৰশিক্ষণৰ ইমান সুবিধা হোৱা সত্ত্বেও শিক্ষাদানৰ মানব উন্নতি হওক চাবি, দিনক দিনে অৱনতি হে হ'ব লাগিছে। সেই বিষয়ে অভিজ্ঞা শিক্ষাবিদ্ ইন্দিৰা মিৰিক প্ৰশ্ন কৰাত তেওঁ কৈছিল,” - মোৰ দিনত B.T. কলেজে বিশ্ববিদ্যালয়ৰ কট্‌টীয়া শৈক্ষিক নিয়ম-নীতি মানি চলিবলগীয়া হৈছিল। প্ৰশিক্ষণ, কলেজৰ ঘৰ-দুৱাৰ, সা-সঁজুলি, উপযুক্ত প্ৰশিক্ষক, উপযুক্ত প্ৰশিক্ষাৰ্থী, প্ৰশিক্ষক প্ৰশিক্ষাৰ্থীৰ আনুপাতিক হাৰ, উপস্থিতিৰ হাৰ, প্ৰেক্‌টিচ্ টিচিং, প্ৰশিক্ষাৰ্থীৰ শিক্ষা পদ্ধতিৰ বিষয় বাচনি ক্ষেত্ৰতে তেতিয়া নিয়ম-নীতিৰ বাধ্যবাধকতা আছিল। আজিৰ B.T. কলেজত তেনে নিয়ম নীতি নাই। B.T ডিগ্ৰী আজি শিক্ষক নিযুক্তিৰ বাবে একপ্ৰকাৰ বাধ্যতামূলক হোৱাত অগণন শিক্ষক আৰু ভবিষ্যতে হবলগীয়া শিক্ষকে এই ডিগ্ৰী লবলৈ বিচাৰিছে, গতিকে প্ৰয়োজনৰ তাড়নাতে এনেবোৰ কলেজ শিপাইছে। বিশ্ববিদ্যালয়ে যদি এনে কলেজ পতাৰ বাবে অনুমোদন দিওঁতে কটকটীয়া নিয়ম পালনৰ দ্বাৰা বিশেষ সতৰ্কতা অৱলম্বন নকৰে তেতিয়া হ'লে শিক্ষকে B.T. ৰ দৰে এটা উচ্চমানৰ স্নাতকোত্তৰ ডিগ্ৰী পোৱাৰ কোনো অৰ্থ নেথাকে। এনে B.T. ডিগ্ৰীয়ে ‘প্ৰাইভেট টিউটহে তৈয়াৰ কৰিব, সন্মানিত, সাৰ্থক শিক্ষক তৈয়াৰ নকৰে --- তেখেতে আন এঠাইত কৈছে, “জ্ঞান আহৰণ আৰু জ্ঞান দান যে দুটা বেলেগ পদ্ধতি তাক মানি নোলোৱাই শিক্ষাৰ অধোগতিৰ এটা মূল কাৰণ। শিক্ষা দান-গ্ৰহণৰ বিষয়, দান কৰিব লাগে হাত মুকলি কৰি আৰু গ্ৰহণ কৰিব লাগে হাত যোৰ কৰি।” সত্তৰৰ দশকত গুৱাহাটীৰ পূৱ অঞ্চলৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ্থে কেইগৰাকীমান সমাজ সচেতন লোকৰ উদ্যোগত কন্যা মহাবিদ্যালয় নামে এখন ছোৱালী কলেজ স্থাপনৰ পৰিকল্পনা হাতত লোৱা হৈছিল। সেই উদ্দেশ্যে অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় • বিষয়া খনীন্দ্ৰ চন্দ্ৰ বৰুৱাক সভাপতি আৰু সমাজসেৱিকা শুচিব্ৰতা ৰায়চৌধুৰীক সম্পাদিকা হিচাপে লৈ এখন কমিটী গঠন কৰা হৈছিল। ইন্দিৰা মিৰিৰ ঘৰৰ মজিয়াতে পাটী পাৰি ছগৰাকী ছাত্ৰীৰে এই কলেজৰ শুভাৰম্ভ হৈছিল। স্থায়ী অধ্যক্ষৰ নিযুক্তি নোহোৱালৈকে ইন্দিৰা মিৰিয়েই অধ্যক্ষা ৰূপে কাম চলোৱাৰ উপৰিও পাঠদানো কৰিছিল। সুদীৰ্ঘকাল ধৰি শুচিত্ৰতা ৰায়চৌধুৰী আৰু ইন্দিৰা মিৰি কলেজ পৰিচালনা সমিতিৰ যথাক্ৰমে চেক্ৰেটাৰী আৰু প্ৰেছিডেন্ট আছিল। এতিয়া কলেজখন নিজ মাটি-ঘৰেৰে সুসংস্থাপিত এখন পূৰ্ণ পৰ্য্যায়ৰ স্নাতক কলেজ। ইন্দিৰা মিৰিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক্‌জিকিউটিভ কাউঞ্চিলৰ সদস্যা ৰূপে তিনিটা টাৰ্ম কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় একজিকিউটিভ কাউঞ্চিলৰো দুটা টাৰ্মৰ সদস্যা আছিল। ১৯৬৪ চনত ভাৰত চৰকাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ 89