সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

সেই সময়ত অসম সচিবালয় আৰু অন্যান্য বিভাগতো অসমীয়া কৰ্ম্মচাৰীৰ সংখ্যা নগণ্য আছিল, সকলোতে বঙালী লোকৰে প্ৰাধান্য। সেনাপতিদেৱে তেওঁৰ চৰকাৰী প্ৰভাৱ খটুৱাই ভালেমান অসমীয়া ডেকাক শ্বিলঙত চাকৰি দিয়াইছিল। শ্বিলঙত স্থায়ীভাৱে চাকৰি কৰিবলগীয়া হোৱাত তেওঁ লাবানত ঘৰ-মাটি কিনিছিল৷ এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল আৰু সমাজ সচেতন, দায়িত্বশীল নাগৰিক হিচাপে শ্বিলঙৰ সমাজখনত তেওঁৰ এক বিশিষ্ট স্থান আছিল। সুদীৰ্ঘ প্ৰায় দুকুৰি বছৰ বিভিন্ন চৰকাৰী পদত কৃতিত্বেৰে সেৱা আগবঢ়াই ১৯৩১ চনত সোণাধৰ সেনাপতিয়ে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ কৰ্ম্ম দক্ষতা আৰু ৰজাঘৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ স্বীকৃতি স্বৰূপে বৃটিছ চৰকাৰে তেওঁক সন্মানসূচক ‘ৰায় বাহাদুৰ' খিতাপ প্ৰদান কৰে। অৱসৰৰ পিছত তেওঁ লাবানৰ ঘৰ মাটি বেচি কেঞ্চেছ ট্ৰেছত ভালেখিনি মাটি কিনি প্ৰকাণ্ড হাউলি সাজে। হিন্দু ধৰ্ম্মৰ ঘোৰ কলঙ্ক হিচাপে অস্পৃশ্যতা, জাতিভেদ আদিৰ দৰে নানা কুসংস্কাৰ কুৰি শতিকাৰ প্ৰথমাৰ্দ্ধলৈকে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰৱল ভাৱে চলিছিল। সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰ গুৰুৰ ঐক্য-প্ৰেম-সমতাৰ বাণীৰ প্ৰভাৱত এই ক্ষেত্ৰত অসমৰ ছবিখন কিছু উন্নত আছিল যদিও উচ্চ হিন্দু আৰু অনুন্নত সম্প্ৰদায়সমূহৰ মাজত সামাজিক আৰু মানসিক বৈষম্যৰ পৰিবেশ আমাৰ ৰাজ্যতো আছিল। তেনে বৈষম্যৰ মনোভাৱ দূৰ কৰি অনুন্নত সম্প্ৰদায় আৰু পাহাৰ-ভৈয়ামৰ জনজাতীয় লোকসকলৰ বাবে সামাজিক, ৰাজনৈতিক সকলো ক্ষেত্ৰতে সা-সুবিধা লাভৰ পৰিবেশ সৃষ্টি কৰাৰ প্ৰচেষ্টাতে সেনাপতিদেৱে জীৱন পাত কৰিলে। উল্লেখযোগ্য যে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতে অসমৰ পিছপৰা সম্প্ৰদায়ৰ লোকসকলে ‘অনুসূচিত জাতি' আৰু ‘অনুসূচিত জনজাতি' ৰূপে স্বীকৃতি আৰু সা-সুবিধা লাভ কৰি আত্মবিকাশ আৰু উন্নয়নৰ পথত অগ্ৰসৰ হবলৈ সুযোগ পালে। কুৰি শতিকাৰ দ্বিতীয় দশকৰ শেষলৈকে সমাজৰ বিভিন্ন অনুন্নত সম্প্ৰদায়ৰ উন্নয়নৰ স্বাৰ্থত কাম কৰা কোনো উমৈহতীয়া অনুষ্ঠান গঢ় লৈ উঠা নাছিল। অৱশ্যে সম্প্ৰদায় ভেদে ভিন ভিন অনুষ্ঠানে তেনে উন্নয়নমূলক কাম কাজ চলাই আছিল। অনুষ্ঠান বিভিন্ন হ'লেও সকলো অনগ্ৰসৰ সম্প্ৰদায়ৰ সমস্যাসমূহ প্ৰায় একেই আছিল। সকলোৱে একে ধৰণৰ সামাজিক শোষণ-নিপীড়ন আৰু ৰাজনৈতিক বঞ্চনাৰ বলি হবলগীয়া হৈছিল। শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোক পিছপৰা আছিল। গতিকে নিজ পুৰুষাৰ্থৰ বলত তেওঁলোকৰ মাজৰ পৰা যি দুই চাৰিজন শিক্ষিত নেতৃস্থানীয় লোক ওলাইছিল তেওঁলোকেই নিজ নিজ সমাজৰ সমস্যা দূৰীকৰণৰ প্ৰচেষ্টাত আগভাগ লবলগীয়া হৈছিল। সোণাধৰ সেনাপতি এনেবোৰ কামত সদায় আগৰণুৱা আছিল। সেনাপতিদেৱে লালুং, কছাৰী, মিৰিকে আদি কৰি ভৈয়ামৰ জনজাতীয়সকল আৰু বনিয়া, কৈবৰ্ত্ত, হীৰা আদি অন্ত্য জাতিসকলক একেখন পতাকাৰ 8