সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

হৰেশ্বৰ গোস্বামীয়ে Extension Officer হিচাপে কাম চলাইছিল। সেই বিভাগৰ উদ্যোগত কলেজত প্ৰতিমাহে হাইস্কুল পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ছেমিনাৰ পতা হৈছিল। শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰ দাঙি ধৰা, শিক্ষাৰ শেহতীয়া ধাৰণা - সমূহ শিক্ষকসকলক অৱগত কৰোৱা সেই আলোচনা চক্ৰসমূহৰ মূল উদ্দেশ্য আছিল। সেইবোৰ সভাত ইন্দিৰা বাইদেউ মুখ্য বক্তা আছিল। তেওঁ সুন্দৰ, শুৱলা বক্তৃতা দিছিল। বাইদেউৰ সৈতে একেলগে নেফাত কাম কৰা আমাৰ সহকৰ্ম্মী ৰাম প্ৰসাদ খাউণ্ডৰ মুখে বাইদেৱে সেই পাহাৰীয়া অঞ্চলত দিনে ন দহ মাইললৈকে খোজ কাঢ়ি কেতিয়াবা বাটে বাটে ৰাতি খপি আওহতীয়া দুৰ্গম ঠাইত স্কুল পাতিবলৈ যোৱা কাহিনীবোৰ শুনি বিস্মিত হৈছিলো। যোৰহাটত অৱস্থিত ৰাজ্যিক শিক্ষা গৱেষণা কেন্দ্ৰৰো (S.I.E.) বাইদেৱেই অধ্যক্ষা আছিল। ময়ো সেই অনুষ্ঠানত এজন সহযোগী বিষয়া ৰূপে কাম কৰিছিলো। তাত ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ উন্নতি সাধনৰ অৰ্থে চিন্তা-চৰ্চা চলোৱা হৈছিল। অনুষ্ঠানটোৰ তৰফৰ পৰা প্ৰাথমিক শিক্ষক-সকলৰ বাবে হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। মিৰি বাইদেউৰ নেতৃত্বত তেনে প্ৰশিক্ষণৰ কাৰ্য্যসূচী হাতত লৈ আমি অসমৰ ইমূৰ সিমূৰ ঘূৰি ফুৰিছিলো। সাধাৰণতে বিভিন্ন ঠাইত থকা বুনিয়াদী শিক্ষা-কেন্দ্ৰসমূহতে তেনে প্ৰশিক্ষণ নাইবা ছেমিনাৰৰ ব্যৱস্থা কৰা হৈছিল৷ সাধাৰণতে ইন্দিৰা বাইদেউ, ৰাম প্ৰসাদ খাউণ্ড আৰু মই লগত এজন পিয়ন আৰু ৰন্ধা বঢ়া কৰাৰ সামগ্ৰী লৈ সেইবোৰ ঠাইলৈ যাত্ৰা কৰিছিলো। সকলো ঠাইতে আমি ৰান্ধি বাঢ়ি খাইছিলো; কেতিয়াবা একোটা স্কুল ঘৰতে বেঞ্চ যোৰা দি ধানখেৰৰ বিছনা কৰি আমি হাঁহি মাতি কথা বতৰা পাতি আনন্দ মনে ৰাতি কটাইছিলো। এবাৰ শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জৰ পিনে যাওঁতে বাটতে ভূমিস্খলনৰ বাবে ৰেল বন্ধ হ'ল। তেতিয়া আমি চাৰিওজনে লামডিং প্লেটফৰ্মতে কাপোৰ একোখন পাৰি লৈ শুই পৰিছিলো। এখন কলেজৰ অধ্যক্ষা, এগৰাকী সন্মানিতা ভদ্ৰমহিলা হোৱা সত্ত্বেও বাইদেৱে হাঁহিমুখে এনেবোৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। বি টি কলেজৰ পৰা অৱসৰ পোৱাৰ পিছত বাইদেউ গুৱাহাটীলৈ আহি বাণীকান্ত বি টি কলেজৰ অধ্যক্ষা হয়। ময়ো কলেজ এৰি শিক্ষা বিভাগৰ চাকৰিত যোগদান কৰো আৰু অসমৰ শিক্ষাধিকাৰ (D.P.I.) পদৰ পৰা অৱসৰ লওঁ। শিক্ষাৰ ক্ষেত্ৰত সমৰ্পিতপ্ৰাণ এইগৰাকী ব্যক্তিত্বসম্পন্না নাৰীক ভগৱানে যেন এশবছৰ পৰমায়ু দান কৰে। ৬৭