সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

তেখেতৰ ভাষাৰেই কবলৈ গ'লে, মই “চেলাপেটী জোক লগাদি লাগি থকাত” অবশেষত মিৰি বাইদেৱে তেখেতৰ ব্যক্তিগত জীৱন সম্পৰ্কে মোৰ এলানি প্ৰশ্নৰ উত্তৰ হিচাপে কিছু টোকা প্ৰস্তুত কৰি দিয়াই নহয়, তেখেতৰ সংগ্ৰহৰ পৰা কিতাপ-আলোচনী দিও মোক সহায় কৰিলে। সেই টোকাসমূহ জীৱনীখনৰ অ'ত-ত'ত ম‍ই উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰিছো শ্ৰীযুতা মিৰিৰ ঘৰৰ পিছপিনৰ বাৰাণ্ডাত বহুদিন ঘন্টাৰ পিছত ঘন্টা বহি তেখেতৰ মুখৰ পৰাই মই অধিকাংশ তথ্য সংগ্ৰহ কৰিছিলো। সেই ক্ষেত্ৰত মই কিছু সমস্যাৰো সন্মুখীন হৈছিলো। বাইদেউৰ হাতত তেখেতৰ ঘটনাবহুল অতীত জীৱন সম্পৰ্কে কোনো লিখিত বিৱৰণ নাই। ডায়েৰী লিখাৰ অভ্যাসে। তেখেতৰ নাছিল। গতিকে মৌখিক তথ্য- পাতিৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হ'লো। তেখেতৰ স্মৰণীয় অতীতক ধৰি ৰখা কোনো পুৰণি ফটোও হেনো বাইদেউৰ হাতত নাই। গতিকে বেটুপাতৰ বাবে নতুনকৈ তোলা ফটোখনত বাদে অন্য ফটো গ্ৰন্থখনত দিব পৰা নগ'ল। সম্প্ৰতি বাইদেউৰ বয়স একানব্বৈ বছৰ পূৰ হওঁ হওঁ। এই বয়সত হয়তো বহু পুৰণি কথা স্মৃতিৰ পৰা মচ খাই গৈছে। যিখিনি সমল তেখেতৰ মুখৰ পৰা পোৱা গৈছে তাতো ক'ৰবাত তথ্যৰ ইফাল সিফাল হব পাৰে। নেফাত তেখেতৰ সৈতে কাম কৰা লোকসকলৰ অধিকাংশই ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় লৈছে। আমাৰ অজ্ঞতাবশতঃ তেনে কোনো লোকৰ কথা এই জীৱনীৰ পৰা বাদ যাবও পাৰে। গতিকে গ্ৰন্থখনিৰ সীমাবদ্ধতাৰ বিষয়ে সচেতন হৈ সকলো চ্যুতি-বিচ্যুতিৰ বাবে আগতীয়াকৈ কৰযোৰে ক্ষমা বিচাৰিছো। যি কেইজন লেখকৰ গ্ৰন্থ ও কাকত-আলোচনীত প্ৰকাশিত প্ৰৱন্ধৰ তথ্য-পাতি আৰু উদ্ধৃতি এই পুথিত সন্নিবিষ্ট হৈছে সেইসকলৰ ঋণ নতশিৰে স্বীকাৰ কৰি জীৱিত মৃত আটাইকেইজনলৈকে শ্ৰদ্ধা ও কৃতজ্ঞতা জ্ঞাপন কৰিছো। জীৱনীৰ সমল বিচাৰি ম‍ই মিৰি বাইদেউৰ দুই চাৰিগৰাকী আত্মীয়ৰো ওচৰ চাপিছিলো। তথ্য-পাতিৰে মোক সহায় কৰা সেইসকলৰ ভিতৰত বাইদেউৰ ভতিজা শ্ৰীলাবু সেনাপতি আৰু ভণী, মোৰ একালৰ সহপাঠী শ্ৰীমতী মৃণালিনী বৰবৰাৰ নাম বিশেষ ভাবে উল্লেখযোগ্য। দুয়োলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছো। পুথিখনিৰ শেষৰ অধ্যায়ত, শ্ৰীযুতা মিৰিৰ ব্যক্তিত্ব সম্পৰ্কে, বিভিন্ন সময়ত তেখেতৰ সান্নিধ্যলৈ অহা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ লগতে পৰিয়ালৰ দুগৰাকী লোকৰ অভিমত সংযোজন কৰা হ'ল। যিসকলে সময় খৰচ আৰু কষ্টস্বীকাৰ কৰি লিখনি আগবঢ়ালে, যি কেইগৰাকীয়ে বাদ্ধক্যজনিত অসুস্থতাবশতঃ লেখা দিব নোৱাৰিলেও মৌখিক ভাবে নিজ অভিজ্ঞতা মোক জনালে সেইসকললৈ সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছো। দুই এগৰাকীৰ লেখাদীঘলীয়া হোৱাত ভাৱৰ কোনো বিসংগতি নঘটোৱাকৈ