সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

“আমাৰ মাথা নত কৰে দাওহে তোমাৰ চৰণ ধুলা তলে সকল অহংকাৰ হি আমাৰ ডুবাও চোখেৰ জলে নিজেৰে কৰিতে গৌৰৱ দান নিজেৰে কেবলি কৰি অপমান আমাৰে যেন নাকৰি প্ৰচাৰ আমাৰ আপন কাজে " ইন্দিৰা বাইদেউ, পেচ মেকাৰ লৈয়েই আপুনি শতবৰ্ষ জীয়াই থাওক। শ্ৰীৰাম গোস্বামী - সুলিখিকা শ্ৰীমতী হিৰণ্ময়ী দেৱীয়ে আমাৰ সকলোৰে পৰিচিত, পৰম শ্ৰদ্ধাৰ শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ জীৱন আৰু কৃতিৰ বিষয়ে গ্ৰন্থ এখন যুগুত কৰিছে বুলি খবৰটো জনোৱাত মই পৰম আনন্দিত হৈছো আৰু শ্ৰীমতী হিন্ময়ী দেৱীক শলাগ জনাইছো। কবলৈ গ'লে, ইন্দিৰা মিৰি বাইদেউৰ ওচৰত আমাৰ কৃতজ্ঞতাৰ অন্ত নাই। অসাধাৰণ প্ৰতিভা সম্পন্না এইগৰাকী বৰ্ষীয়ান সমাজ-সেৱিকাই অসমবাসীৰ অন্তৰ জয় কৰিছে। বিশিষ্ট শিক্ষাবিদ ৰূপে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জনাজাত এইগৰাকী বিদূষী মহিলাৰ মন আৰু চিন্তাৰ পৰিধি বিশাল। তেখেতৰ জীৱন ইতিহাস বহু অভিজ্ঞতাৰ সমষ্টি। তেখেত বলিষ্ঠ জীৱনবাদী, মানৱমুখী আৰু বিশ্বমানবিকতাত বিশ্বাসী মহিলা। নিঃসন্দেহে, নিঃসংশয়ে কব পাৰি যে ইন্দিৰা মিৰি হৈছে ভাৰতীয় সংস্কৃতিৰ দৃষ্টান্ত স্বৰূপ মহীয়সী নাৰী। মই তেখেতক শ্বিলঙত থকা দিনৰে পৰা জানো। মোৰ শহুৰ দেউতা, সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক প্ৰয়াত জীৱেশ্বৰ গোস্বামীৰ লগত সেনাপতি পৰিয়ালৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। সংস্কৃতিবান সেনাপতি পৰিয়ালটো আছিল শ্বিলঙীয়া বৃহৎ অসমীয়া সমাজখনৰ সকলো বিষয়তে আগভাগ লওঁতা উৎসাহী ঘৰ। সোণাধৰ সেনাপতি আছিল ঘৰখনৰ মূল মানুহ। শহুৰ দেউতাৰ মুখত শুনিছিলো যে মানুহজনৰ সৰ্বজনপ্ৰিয় পৰোপকাৰী স্বভাৱ বহু ৰাজহুৱা আৰু সামাজিক অনুষ্ঠানৰ ৰূপ বিধানত সাৰ্থক উদাহৰণ স্বৰূপে পৰিলক্ষিত হৈছিল। অনেক অসমীয়া ডেকাক চৰকাৰী কামত ভৰাই দি সেনাপতি ডাঙৰীয়াই মহৎ উপকাৰ সাধিছিল। সেনাপতি পৰিয়ালৰ উদাৰ মনোভাৱ, সহজ আৰু সাৰ্বজনীন প্ৰকাশ পুৰণি অসমীয়া সমাজখনে স্বীকৃতি সহকাৰে গ্ৰহণ কৰি ধন্য হৈছিল। লাবান নামঘৰ, আসাম ক্লাব, প্ৰাচীন কামৰূপী নৃত্যসংঘ প্ৰভৃতিৰ