সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

গ্ৰহণ নকৰাকৈ থকা নাছিল। মাৰ জীৱনৰ প্ৰধান লক্ষ্য আছিল নিজৰ সন্তানক যি কোনো বিপদৰ পৰা ৰক্ষা কৰি নিৰাপদে ৰখা আৰু নিজ কর্তব্যত আগবাঢ়ি যোৱাৰ লগতে নিজকে সকলো দিশৰ পৰা স্বাধীন ও স্বাৱলম্বী করা। এই লক্ষ্যত উপনীত হোৱাত যথেষ্ট পৰিমাণে তেওঁ সফল হোৱাটো পৰিলক্ষিত হৈছে। তেওঁৰ আটাইকেইজন ল'বা ছোৱালীকেই একো একোজন স্বাধীন তথা স্বাৱলম্বী ব্যক্তি হিচাবে গঢ়ি তুলিবলৈও সক্ষম হৈছে। মা লাবান স্কুলত কাম কৰি থাকোতে তেওঁৰ ছাত্ৰীসকলক পঢ়ুওৱা আৰু স্কুলব অন্যান্য যাবতীয় দায়িত্বসমূহ পালন কৰাৰ উপৰিও স্কুল ছুটী হোৱাৰ পাছত কেতিয়াবা কেতিয়াবা স্কুলৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমাৰ ঘৰতে ছাত্ৰীসকলৰ নাচ-গানৰ আখৰা কৰাইছিল। আমাৰ ঘৰতে হাৰমণিয়াম আৰু অৰ্গেন আছিল । মোৰ এজন মামাই খুউব ভাল বাঁহীও বজাইছিল। অর্গেন ও বাঁহীৰ সুৰৰ তালে তালে ছাত্রী সকলে নাচিছিল আৰু গান গাইছিল। আমাৰ ঘৰত এটা সংগীত মুখৰ পৰিবেশৰ সৃষ্টি হৈছিল। তেনে এক পৰিবেশ সৃষ্টি হোৱাৰ বাবেই আমাৰো সংগীতৰ প্ৰতি আগ্ৰহ বাঢ়ে । আমি প্রত্যেকেই সুগায়ক গায়িকা নহলেও গান গাওঁ আৰু গান ভাল পাওঁ। ইয়াৰ বাবে মাৰ ওচৰত আমি পৰম কৃতজ্ঞ । মা লাবান স্কুলত চাকৰি কৰি থাকোতেই শ্বিলঙৰ চেন্ট মেরিজ কলেজত বি টি পঢ়িছিল। মাৰ অধ্যয়ন পদ্ধতিটো কিছু বেলেগ ধৰণৰ আছিল। ইমান জাকৰুৱা মানুহৰ ঘৰত মাৰ বাবে আছুতীয়াকৈ পঢ়া কোঠা বা মেজ চকী নাছিল। মাই যেতিয়াই সময় পাইছিল তাৰ দ্ব্যৱহাৰ কৰিছিল। সময় পালেই ঘৰৰ পিছ ফালৰ ফল-মূল, শাক-পাচলিৰ ডাঙৰ বাৰীখনৰ ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়ি কাঢ়ি পঢ়িছিল। কেতিয়াবা তাতে থকা ডাঙৰ শিলৰ ওপৰত বহিও পঢ়িছিল। মা বি টি পাছ কৰাৰ পিছত আহমেদাবাদলৈ মন্টেছবী প্রশিক্ষণ (Montessoi Training) লবলৈ গৈছিল । আহমেদাবাদলৈ যোৱাৰ সময়ত মাই মোক আৰু মোৰ সৰু ভাই টাবুক সেই সময়ত ছয়গাঁৱত থকা মাহীদেউ মহাদেউৰ ঘৰত, তেখেতসকলৰ তত্ত্বাবধানত থৈ গৈছিল। মাজতে মাত্ৰ এবছৰ বা দুবছৰৰ বাদে, তেতিয়াৰ পৰাই আমি মাৰ লগত মেট্ৰিক দিয়া পৰ্য্যন্ত থকা নাছিলো। পিছলৈ টাবু আছিল শ্বিলঙত আৰু ম‍ই আছিলো মাহীদেউৰ লগত । মহাদেউ এছ ডিচি/ইএচি আছিল বাবে অসমৰ বিভিন্ন ঠাইলৈ চৰকাৰী বিষয়া হিচাবে বদলি হৈছিল। গতিকে মোৰ অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰা আৰু বিভিন্ন শিক্ষানুষ্ঠানত পঢ়াব সৌভাগ্য ঘটিছিল। আহমেদাবাদৰ পৰা প্ৰশিক্ষণ লৈ ঘূৰি অহাৰ কিছুদিনৰ পিছতেই মা বি এড পঢ়িবলৈ স্কলেণ্ডলৈ গৈছিল। তেতিয়া আমি মাহীদেউৰ লগতেই আছিলো। মাহীদেউৱে মোৰ আৰু টাবুৰ একেলগে গছৰ ডালত ধৰি থকা এখন বৰ ধুনীয়া ফটো তোলাই মালৈ ৮৩