সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

স্বাভাবিক গুণ।” নাৰীৰ সামাজিক, শৈক্ষিক উন্নয়ন আৰু সনাতন ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণ- দুয়োটা দিশত সমতা ৰক্ষা কৰি মহিলাসকল আগবঢ়াব সপক্ষে তেওঁ মত পোষণ কৰে। ইন্দিৰা মিৰিৰ স্বকীয় জীৱন-যাত্ৰাৰ প্ৰণালী এই ক্ষেত্ৰত এক দৃষ্টান্ত স্বৰূপ। অন্ন-সংস্থানৰ দায়ত তেওঁ ঘৰ-দুৱাৰ এৰি নেফাৰ শীৰ্ষ শিক্ষা-বিষয়া ৰূপে দায়িত্বপূৰ্ণ চৰকাৰী চাকৰিত আছিল যদিও তেওঁ নিজৰ নাৰীসুলভ গুণবোৰ বজাই ৰাখিবলৈ সততে চেষ্টা কৰিছিল; ঘোৰাত উঠি, বুটজোতা পিন্ধি, হাবি-বননি ভাঙি স্কুল পাতিবলৈ বা পৰিদৰ্শন কৰিবলৈ গৈছিল যদিও তেওঁৰ মাতৃসুলভ আচৰণে ছাত্ৰ-শিক্ষক-অভিভাৱক সকলোকে মুগ্ধ কৰিছিল। ঘৰৰ পৰা ইমান দূৰৈত থাকি চাকৰি কৰিবলৈ যোৱা শিক্ষক, বিষয়া, কৰ্ম্মচাৰী সকলোকে মৰম চেনেহৰ ডোলেৰে এটি পৰিয়ালৰ দৰে বান্ধি ৰাখি তেওঁ ৰাইজৰ সেৱাৰ বাবে কিদৰে উদ্বুদ্ধ কৰিছিল সেই কথা বৰ্তমানে বাচি থকা তেওঁৰ তলতীয়া শিক্ষক-কৰ্ম্মচাৰীয়ে এতিয়াও সোঁৱৰে। সেয়ে তেওঁক নেফাত সকলোৱে মা, বাইদেউ, নানে আদি পাৰিবাৰিক সম্বোধনেৰেহে মাতিছিল। অৱশ্যে সেইবুলি তেওঁ শাসনৰ বাঘজৰিদালো ঢিলাই দিয়া নাছিল। ব্যস্ত চাকৰিয়াল বুলি ৰান্ধনীশালৰ সৈতে সম্পৰ্ক তেওঁ কাহানিও ছেদ কৰা নাছিল আৰু আজিও কৰা নাই। বয়সৰ লেখেৰে নব্বৈ পাৰ হোৱা মানুহ গৰাকীয়ে নিতৌ ৰন্ধা বঢ়াৰ বাবে পাচলি কাটি-কুটি দিয়ে, মাজে সময়ে পাকঘৰ সোমাই ইখন সিখন ৰান্ধে। ৰন্ধা বঢ়াত তেওঁৰ বৰ চখ। নিজে ৰান্ধি খাই, আনকো খুৱাই তেওঁ বৰ তৃপ্তি পায়। আন এক উল্লেখযোগ্য কথা, ইন্দিৰা মিৰিয়ে ৮০/৮১ বছৰ বয়সলৈকে অসমীয়া তাঁতশালত কাপোৰ বৈছিল। সংস্থানহীনা কোনো মহিলাই ভাতমুঠিৰ বাবে বয়সলৈকে তাঁতশালখন চলাই থকাটো বেলেগ কথা, কিন্তু তেওঁৰ সেই সমস্যা নাছিল; অসমীয়া গৃহস্থীৰ সংস্কৃতি বজাই ৰখাৰ স্বাৰ্থতহে তেওঁৰ প্ৰিয় সেই শিল্পৰ অনুশীলন চলাই আছিল। তাহানি কলিকতাৰ স্কুলত পঢ়ি থকা অৱস্থাত বন্ধত ঘৰলৈ আহোতে ঘৰৰ তাঁতশালতে বোৱা-কটাৰ প্ৰাথমিক শিক্ষা লৈছিল যদিও স্বামীৰ কাৰ্য্যক্ষেত্ৰ বাগুৰিত, মাজে সময়ে তেওঁলোকৰ লগত থাকিবলৈ অহা ডাঙৰ জাগৰাকীৰ পৰাই সেই বিদ্যা ভালকৈ আয়ত্ব কৰে। শদিয়া আৰু মাৰ্ঘেৰিটাত শিক্ষা-বিষয়া হৈ থকা অৱস্থাতো তেওঁ ঘৰত তাঁতশাল পাতি আজৰি পৰত তাঁতত বহিছিল। অৱসৰৰ পিছতো গুৱাহাটীৰ ঘৰত তাঁতশাল পাতি গামোছা, নেপকিনৰ কাপোৰ আদি বৈ লৈছিল আৰু আনকো উপহাৰ দিছিল। অকল কাপোৰ বোৱাই নহয়, জাবকালি উলশলা লৈ শ্বাল, চুয়েটাৰ আদি গোথাৰ অভ্যাস এতিয়াও এৰি দিয়া নাই। ১৯৩৯ চনত স্বামী ঢুকাবৰ সময়ত তেওঁৰ বয়স ডেৰকুৰি বছৰো পূৰা হোৱা নাছিল। কিন্তু কপাল উকা হোৱা দিন ধৰি তেওঁ সম্পূৰ্ণ বগা সাজেৰে যি মহাশ্বেতা ৰূপ ৫২