সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

নাঁৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ তিমাই নামে ঠাইত বাতিটো খপি পিছদিনা প্ৰত্যুষতে পৰশুৰাম কুণ্ডত পূত চিতা ভষ্ম বিসৰ্জ্জন দিছিল। দিহিং সত্ৰাধিকাৰে সেই অনুষ্ঠানত পৌৰোহিত্য কৰিছিল। ইন্দিৰা মিৰি আৰু তেওঁৰ বিষয়াসকলে সেই কাৰ্য্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। সমগ্ৰ নেফাৰ লোকেৰে সেই দিনা পৰশুৰাম কুণ্ডথলী লোকাৰণ্য হৈছিল। একেটা বছৰৰে আন এক বেদনা দায়ক ঘটনা আছিল মিছিমি পাহাৰৰ এছিষ্টেন্ট পলিটিকেল অফিচাৰ কেম্পবেল চাহাবৰ, ৩০/৪০ জন মিছিমি লোকৰ সৈতে ভূমিস্খলনত মৃত্যু। ৩০/৩৫ বছৰীয়া সেই এংলো-ইণ্ডিয়ান বিষয়াগৰাকীয়ে মিছিমি পাহাৰৰ ভিতৰুৱা মাইনুটাং গাঁৱৰ এটা টিলাত বহি ৰাইজৰ গোচৰৰ বিচাৰ কৰি আছিল, এনেতে হঠাতে ভূমিস্খলন হৈ টিলাটো খহি পৰে আৰু বিচাৰক, ৰাইজ আটায়ে জীৱন্তে সমাধিস্থ হয়। এই ভয়াবহ ঘটনা নেফাৰ প্ৰশাসন তথা ৰাইজৰ বাবে এক ডাঙৰ প্ৰত্যাহবান আছিল। এই ঘটনাৰ পৰাই বুজিব পাৰি কিমান অনিশ্চয়তাৰ মাজেৰে, কিমান দুৰ্যোগৰ সন্মুখীন হৈ ভৈয়ামৰ পৰা যোৱা মানুহখিনিয়ে সেই পাৰ্ব্বত্য অঞ্চলত শাসন তথা শিক্ষাদান কাৰ্য্য চলাবলগীয়া হৈছিল। নেফাত পলিটিকেল অফিচাৰ হিচাপে দীৰ্ঘকাল চৰকাৰী দায়িত্ব পালন কৰি অহা কৰ্ণেল স্বৰ্গীয় উমা শৰ্ম্মাদেৱে তেওঁৰ জীৱন সোঁৱৰণত এইদৰে লিখিছে, “নেফাত শিক্ষক সকলে ইমান আন্তৰিকতাৰে কাম কৰিছিল যে সৰ্ব্বসাধাৰণ ৰাইজে তেওঁলোকক দেৱতা জ্ঞান কৰিছিল। শিক্ষক সকলে কেৱল ল'ৰা-ছোৱালীকে নহয়, গাঁৱৰ প্ৰাপ্ত বয়স্কসকলকো বিনা পাৰিশ্ৰমিকেৰে লিখা পঢ়া শিকাইছিল। ভৈয়ামত নিজৰ ঘৰ দুৱাৰ এৰি থৈ আহি দুৰ্গম পাৰ্ব্বত্য এলেকাত বছৰেকীয়া ছুটীও নোলোৱাকৈ কিছু শিক্ষকে কাম কৰিছিল। ভাল মনৰ মানুহ হ'লে নেফাত কাম কৰিবলৈ একো অসুবিধা নাছিল। মানুহবিলাক আছিল অত্যন্ত সৎ” (তপস্যা জীৱনৰ কষটি শিলত উমানাথ শৰ্ম্মা সঞ্জীৱ সভাপণ্ডিত)। সেইখন নেফাতেই শিক্ষাবিদ ইন্দিৰা মিৰিৰ নেতৃত্বত এচাম নিষ্ঠাবান শিক্ষক আৰু শিক্ষা-বিষয়াই জ্ঞান বিস্তাৰৰ মাধ্যমেৰে অসম আৰু নেফাৰ মাজত ঐক্য-সম্প্ৰীতিৰ সেতু নিৰ্ম্মাণ কৰাই নহয়, সেই ঠাইত কিদৰে অসমীয়া কলা-কৃষ্টি চৰ্চাৰো বাট মুকলি কৰিছিল সেই সম্পৰ্কে বাগ্মীবৰ কবি নীলমণি ফুকনদেৱে, সোণাধৰ সেনাপতি শতবাৰ্ষিকী অনুষ্ঠানৰ সভাপতিৰ অভিভাষণত এইদৰে কৈছিল, “ইন্দিৰা মিৰিয়ে ট্ৰাইবেল এডুকেশ্যনৰ অফিচাৰ হৈ নেফাত শিক্ষা বিস্তাৰৰ কামত ব্ৰতী হ'ল। অলপ দিনৰ ভিতৰতে শিক্ষা-সংস্কৃতিৰ মাধ্যমেৰে তেওঁ পৰ্ব্বত-ভৈয়ামৰ মাজত যিটো সংহতিৰ সৃষ্টি কৰিছিল ৰাজনৈতিক চাকনৈয়াত নপৰা হ'লে সংহতিব শক্তিশালী সেতু ৰচিত হ'লহেতেন। সেই সময়ত ভূমিকম্পত আবৰ পাহাৰ বিধ্বস্ত হোৱাত শদিয়াৰ পৰা শিক্ষাক্ষেত্ৰ মাৰ্ঘেৰিটালৈ তুলি আনিলে। “সেই সময়ত মই ডিগবইৰ আই এন টি ইউ চিৰ সন্মিলনলৈ যাওঁ, তাতে শ্ৰীমতী ৩৪ 319