সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

- চাকৰিত থকা কালছোৱাতে তেওঁ স্থানীয় চেন্ট মেৰীজ কলেজৰ নৈশ শাখাত বি টি শ্ৰেণীত ভৰ্ত্তি হয়। স্কুলৰ দায়িত্ব, ঘৰত লৰা ছোৱালীৰ দায়িত্ব, নিজৰ পঢ়া শুনা- - তিনিওটা সমানে বজাই ৰাখি এবছৰীয়া প্ৰশিক্ষণৰ অন্তত তেওঁ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু প্ৰথম শ্ৰেণী লৈ বি টি পৰীক্ষাত উত্তীৰ্ণ হয়। শিক্ষক প্ৰশিক্ষণৰ ডিগ্ৰী লোৱাৰ কিছুদিন পিছতে ইন্দিৰাই কেন্দ্ৰীয় চৰকাৰৰ জলপানী লৈ গুজৰাট মহাবিদ্যাপীঠত ছমহীয়া মন্টেশ্বৰী শিক্ষা-পদ্ধতিৰো প্ৰশিক্ষণ লয়গৈ। গুজৰাটৰ বিখ্যাত সাৰাভাই পৰিয়ালৰ তদাৰকত অনুষ্ঠিত সেই প্ৰশিক্ষণত শিক্ষাদান কৰিবৰ বাবে মন্টেশ্বৰী শিক্ষা পদ্ধতিৰ উদ্ভাৱিকা স্বয়ং মেডাম মন্টেশ্বৰীকে মতাই অনা হৈছিল। সেই প্ৰশিক্ষণো সফলতাৰে সমাপ্ত কৰি ইন্দিৰা মিৰিয়ে পূবৰ্বৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদত যোগদান কৰেগৈ। ইতিমধ্যে আমি পাই আহিছো যে সবৰ্বভাৰতীয় নেতা ডঃ আম্বেদকাৰৰ নেতৃত্ব আৰু অনুপ্ৰেৰণাত সমগ্ৰ ভাৰততে চলা দীৰ্ঘ দিনীয়া সংগ্ৰামৰ ফল স্বৰূপে দেশৰ অনুন্নত আৰু জনজাতীয় সম্প্ৰদায়ৰ প্ৰাৰ্থী সকলে শিক্ষা, চাকৰি, ৰাজনৈতিক ক্ষমতা লাভ আদি ক্ষেত্ৰত আসন সংৰক্ষণৰ সুবিধা লাভ কৰিছিল। গতিকে সেই সম্প্ৰদায়সমূহৰ যোগ্য ছাত্ৰ- ছাত্ৰীসকলৰ বাবে দেশ বা বিদেশত উচ্চ শিক্ষা লাভৰ বাবে বৃত্তি লাভ কৰাটো কিছু সহজ হৈ পৰিছিল। কন্যাৰ বৈধব্য দুখ পাতলাবৰ বাবেই হয়তো সেনাপতিদেৱে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পাৰ্য্যমানে উধাবলৈ তেওঁক সততে অনুপ্ৰেৰণা যোগাই আছিল। পিতৃৰ চেষ্টাতে ইন্দিৰা মিৰিয়ে বিলাতত শিক্ষক-প্ৰশিক্ষণৰ উচ্চ পৰ্য্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰৰ ঘৰৰ পৰা এটি বৃত্তি লাভ কৰিলে। এক উজ্জ্বল ভবিষ্যতৰ চিন্তাত ইন্দিৰা মিৰিৰ মন উৎফুল্ল হৈছিল যদিও সুদীৰ্ঘ দুবছৰৰ বাবে পিতৃহীন সন্তানকেইটিক এৰি থৈ যোৱাৰ চিন্তাই তেওঁক ব্যাকুল কৰিলে। গুজৰাটত ছমহীয়া মন্টেশ্বৰী প্ৰশিক্ষণ লবলৈ যাওঁতে ডাঙৰ লৰা উৎপলক দেউতাকৰ দায়িত্বত থৈ সৰু দুটিক ভনীয়েক পঙ্কজ বনিয়াক গটাই থৈ গৈছিল। পঙ্কজৰ বিয়া হৈছিল উচ্চপদস্থ প্ৰশাসনীয় বিষয়া লক্ষীমপুৰৰ নন্দেশ্বৰ বনিয়াৰ সৈতে। বনিয়া দম্পতী নিঃসন্তান আছিল। কিন্তু এই উদাৰ, মৰমীয়াল মানুহহালে তেওঁলোকৰ দুয়োপক্ষৰে ভালে কেইটিও লৰা ছোৱালী লগত ৰাখি নিজৰ সন্তানৰ দৰে বুকুৰ মৰম দি ডাঙৰ দীঘল কৰিছিল। ইন্দিৰাৰ ছোৱালী চপলা আৰু সৰু পুত্ৰ মৃণালৰ শৈশৱৰ কালছোৱা এইগৰাকী মমতাময়ী মাহীয়েকৰ লগতে অতিবাহিত হৈছিল। পিছলৈ ইন্দিৰা মিৰিয়ে নেফাত চাকৰি কৰি থকা সময়ছোৱাত বৰপুত্ৰ উৎপলক লগত ৰাখিছিল যদিও সৰু দুটিক ভনীয়েক পঙ্কজৰ লগতে থৈছিল। চাকৰি সূত্ৰে নন্দেশ্বৰ বনিয়াদেৱ অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰোতে নিজৰ কেইবাটিও ভাই-ভনীৰ লগতে জেশাহুয়েকৰ ল'ৰা-ছোৱালী দুটিকো লগত লৈ ফুৰাইছিল; ফলত তেওঁলোকৰ ছয়গাওঁ, কমলাবাৰী, সোনাৰি, ডিফু আদি কেবা ঠাইতো স্কুলীয়া শিক্ষা গ্ৰহণৰ অভিজ্ঞতা হৈছিল। দেউতাক আৰু এইগৰাকী ভনীয়েকেই তেওঁৰ ল'ৰা-ছোৱালীৰ দায়িত্ব নিজব কান্ধত লৈ ইন্দিৰা মিৰিব বিদেশ যাত্ৰাৰ পথ সুগম কৰি দিলে। ১৯