সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

সেই মূল্যবান প্ৰৱন্ধকেইটিয়ে বিগত শতিকাৰ চতুৰ্থ দশকত নেফাত প্ৰৱৰ্ত্তিত শিক্ষা পদ্ধতিৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰিছে। তেনে এটি প্ৰৱন্ধৰে এঠাইত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত ইন্দিৰা মিৰিৰ ভূমিকা সম্পৰ্কে তেওঁ এইদৰে লিখিছে, “গুৰিয়াল গৰাকীৰ নিস্বাৰ্থ সেৱা, ত্যাগ, গভীৰ সহানুভূতিৰ আদৰ্শই প্ৰশিক্ষাৰ্থী সকলক এনেভাৱে অনুপ্ৰাণিত কৰিছিল যে সকলোৱে কায়মনোবাক্যে নিজকে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। - এমুঠি ধুলি লৈ চেনেহৰ প্ৰেৰণাৰে সোণ-ৰেণু কৰাৰ যাদু জনা এই গৰাকী মহিলাৰ সাহচৰ্য্যত মোৰ হে ঘাইকৈ প্ৰশিক্ষণ হ'ল। মোৰ দৰে আন সহকৰ্ম্মী আৰু শিক্ষকো তেওঁৰ আদৰ্শৰ প্ৰেৰণাত আগবাঢ়িবলৈ ধৰিলে। আমি আটায়ে বিশ্বাস আৰু সাহসেৰে নেফাৰ সেৱা কৰিবলৈ যে সাজু হব পাৰিলো তাৰ মূলতে আছিল তেওঁৰ বিৰাট মানবীয় হৃদয়বত্তা আৰু ত্যাগৰ আদৰ্শ। আজি এই নেত্ৰীগৰাকীৰ কথা ভাবিলে তেওঁ খুঁত দোষবোৰ মনত নপৰে, মাথোন কবৰ মন যায় - তুমি যেন শ্বেত সাগৰৰ ঘাটে নামি শুচি স্নান কৰা শ্বেতব্ৰতা কল্যাণী।” নেফাৰ শিক্ষা বিভাগত উনৈশ বছৰ কাল যোগ্যতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা স্বৰ্গীয় মুক্তিনাথ বৰদলৈ নেফাত ইন্দিৰা মিৰিৰ সোঁহাত স্বৰূপ আছিল। পোনতে টি টি আইৰ অধ্যাপক ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰা বৰদলৈদেৱ পিছলৈ সহকাৰী শিক্ষা-বিষয়া হৈছিল আৰু তেওঁক পাঠ্যপুথি উৎপাদন বিভাগৰ দায়িত্ব দিয়া হৈছিল। অসমৰ প্ৰখ্যাত সংগীতজ্ঞ স্বৰ্গীয় কীৰ্ত্তিনাথ বৰদলৈৰ সুযোগ্য পুত্ৰ মুক্তিনাথ বৰদলৈয়ে নেফাৰ উপযোগীকৈ ভালেমান গীত লিখি সুৰ দি নিজে গাইছিল আৰু আনকো গোৱাইছিল। প্ৰশিক্ষণ-কেন্দ্ৰৰ শিক্ষাৰ্থী সকলক, ভবিষ্যতে ছাত্ৰ-ছাত্ৰীক শিকাব পৰাকৈ গাবলৈ শিকোৱা গীতৰ এটি স্তৱক আছিল - “আমি গাওঁ মিলনৰ গান এক ভাষা, এক জাতি, এক প্ৰাণ; ইয়াতে মিলিছে ভাই পৰ্ব্বত ভৈয়াম আহি ইয়াতে বাজিছে ভাই সুখৰ মোহন বাঁহী এই যে মিলন ভূমি স্বৰ্গৰ সমান এক জাতি, এক ভাষা, এক প্ৰাণ। ” মুক্তি বৰদলৈয়ে টি টি আইৰ প্ৰধান অধ্যাপক ৰূপে শিক্ষা-তত্ত্ব, শিশু-মনস্তত্ত্ব, বিষয় -শিক্ষণ পদ্ধতি আৰু সংগীত শিকাইছিল। বাঁহ-বেত, কাঠ, কুমাৰ-শিল্প আদি বিষয়ৰ শিক্ষা দানৰ বাবে সেই সেই বিষয়ত অভিজ্ঞলোকক নিয়োগ কৰা হৈছিল। তাঁত-সূতৰ কাম শিকাইছিল কল্যাণী বৰুৱাই। কৃষি আৰু স্বাস্থ্য সম্পৰ্কীয় শিক্ষা শদিয়াৰ চৰকাৰী কৃষি- বিষয়া আৰু স্বাস্থ্য-বিষয়াই দিছিল। অনুশাসন আৰু শৃঙ্খলাৰ জ্ঞানৰ বাবে শৰীৰ-চৰ্চাৰ ২৬