সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ক্ষেত্ৰত মোৰ সোঁহাত, বাওঁহাত আছিল সিতাংশু মজুমদাৰ আৰু যোগেন শ‍ইকীয়া, দুয়োজনেই অতি সুদক্ষ, নিষ্ঠাবান কৰ্ম্মী। তেওঁলোকৰ সহায়-সহযোগ, চৰকাৰৰ আমাৰ ওপৰত বিশ্বাস আৰু সহায়ে কলেজখন অতি শীঘ্ৰে কলা, বিজ্ঞান দুয়োটা বিভাগতে এখন পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠান ৰূপে গঢ় লৈ উঠাত সহায় কৰিছিল। কম সংখ্যক প্ৰশিক্ষাৰ্থীবে ৩/৪ বছৰলৈ উত্তীৰ্ণৰ হাৰ শতকৰা প্ৰায় এশভাগেই আছিল। আমাৰ আনন্দ চায় কোনে? ভাবিছিলো ব ভাল শিক্ষক তৈয়াৰ কৰিছো। এতিয়াহে দেখিছো, শিক্ষক নহয়, সৰহ সংখ্যকেই বেপাৰীহে।” শিক্ষাদানক তপস্যা জ্ঞান কৰা অভিজ্ঞা শিক্ষাবিদ্‌ৰাকীয়ে আজিৰ টিউচনসৰ্ব্বস্ব শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো এইদৰে খেদোক্তি কৰিবলগীয়া হৈছে। যোৰহাটত থকা কালছোৱাত ইন্দিৰা মিৰিয়ে সেইখন চহৰতে অৱস্থিত State Institute of Education ৰো অধ্যক্ষাৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। সেই অনুষ্ঠানত বিভিন্ন শৈক্ষিক বিষয়ৰ ওপৰত গৱেষণা চলোৱা হৈছিল; তাৰ কেন্দ্ৰীয় কাৰ্য্যালয় দিল্লীত আছিল। দহবছৰ কাল নিষ্ঠাপূৰ্ণ সেৱা আগবঢ়াই ১৯৬৭ চনত ইন্দিৰা মিৰিয়ে যোৰহাট বি টি কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰে। পিছৰ বছৰ ১৯৬৮ চনত ৰাজ্যিক শিক্ষা গৱেষণা কেন্দ্ৰৰ পৰাও অৱসৰ লৈ গুৱাহাটীলৈ উভতি আহে। ইতিমধ্যে গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত তেওঁৰ পিতৃপ্ৰদত্ত মাটিত ঘৰ দুৱাৰ সজা কাম আৰম্ভ হয়। ৭০ চনৰ শেষৰ পিনে তেওঁ নিজ গৃহত প্ৰৱেশ কৰে। চাকৰিকাল শেষ হোৱাৰ পিছতো আজিকালিৰ মানুহ বেছ কৰ্ম্মক্ষম হৈয়ে থাকে। শাৰীৰিক মানসিকভাৱে সক্ষম হৈ থকা মানুহগৰাকীৰ শিক্ষাদান আৰু শিক্ষক-প্ৰশিক্ষণৰ সৈতে জড়িত কুৰি বছৰৰো ওপৰকালৰ পূৰঠ অভিজ্ঞতা এনেয়ে যাবলৈ দিয়াটো এক জাতীয় অপচয় বুলিয়েই গণ্য কৰিব পাৰি। তেনে অপচয় সমাজৰ কাম্য নাছিল বাবেই তেওঁক এইবাৰ গুৱাহাটীত ১৯৬৭ চনত অসমৰ শিক্ষা ও সাহিত্য জগতৰ কৰ্ণধাৰ ব্যক্তি বাণীকান্ত কাকতিদেৱৰ নামেৰে স্থাপিত হোৱা ৰাইজৰ অনুষ্ঠান বাণীকান্ত বি টি কলেজৰ অধ্যক্ষাৰ দায়িত্বভাৰ লবলৈ আহবান জনোৱা হয়। কৰ্ম্মৰ মাজেৰেই জীৱনৰ আনন্দ আৰু পূৰ্ণতা বিচৰা অভিজ্ঞা শিক্ষাবিদ্‌ৰাকীয়ে সেই আহবানৰ প্ৰতি সঁহাৰি জনাই শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানটিৰ অধ্যক্ষা ৰূপে কামত যোগদান কৰে। সেই সময়ত উলুবাৰী হাইস্কুলত বি টি কলেজৰ শ্ৰেণীসমূহ বহিছিল। অফিচ আৰু শিক্ষকৰ বহা কোঠা হিচাপে ব্যৱহাৰ কৰিবলৈ কলেজখনৰ মেনেজিং কমিটীয়ে নিজৰ খৰচত স্কুল চৌহদতে এটি সৰু ঘৰ সাজি লৈছিল। আৰম্ভনিতে অধ্যক্ষৰূপে অনুষ্ঠানটিৰ গুৰি ধৰিছিল কটন কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাধাকান্ত দাসে। তাৰ পিছত আহিল একেখন কলেজৰে আন এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন্দ্ৰ মোহন আচাৰ্য্য। দুয়োজনেই কৃতবিদ্য শিক্ষক যদিও শিক্ষক-প্ৰশিক্ষণ সম্পৰ্কে কোনো 80