সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

এবছৰ পিছত আমাৰ পৰিয়াললৈ এক কাল দুৰ্যোগৰ অন্ধকাৰ নামি আহিল। ---- - ১৯৩৯ চনৰ জুলাই মাহত দাদাৰ আকস্মিক মৃত্যুৰ পিছত শোকাকুল দিশহাবা বৌদেৱে তেওঁৰ তিনিবছৰীয়া পুত্ৰ, এবছৰীয়া কন্যা আৰু গৰ্ভস্থ সন্তানটিৰে শ্বিলঙৰ পিতৃগৃহত আশ্ৰয় লয়গৈ। “দাদা-বৌদেউৰ আশ্ৰয়ত আমাৰ নিশ্চিন্ত সুখৰ ছাত্ৰ-জীৱন এইদৰে থানবান হৈ যোৱাত ধনসিং আৰু ৰামেশ্বৰ ঢকুৱাখানা হাইস্কুলত পঢ়িবৰ বাবে ঘৰলৈ উলটি গ'ল। মই গোলাঘাটতে আমাৰ চিনাকী এটি কাৰ্বি পৰিয়ালত কেইমাহমান কটাই পিছত হোষ্টেললৈ যাওঁ আৰু ১৯৪০ চনত মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হওঁ। ১৯৪২ চনত মই শ্বিলঙলৈ গৈ চেন্ট এন্থনী কলেজত নাম লগালো আৰু বৌদেউৰ সৈতে তেওঁৰ পিতৃগৃহতে থাকিবলৈ ল'লো। কিন্তু বৌদেউ আৰু তেওঁৰ পিতৃৰ বোজা হৈ থাকিবলৈ ভাল নলগাত ভাৰতীয় সৈন্যবাহিনীত হাবিলদাৰ ক্লাৰ্ক হিচাপে সোমাই ট্ৰেইনিঙৰ বাবে জব্বলপূৰলৈ যাত্ৰা কৰিলো। ” উপৰোক্ত বিবৰণৰ পৰাই অনুমান কৰিব পাৰি স্বামীৰ পৰিয়ালৰ প্ৰতি ইন্দিৰা মিৰিৰ মৰম-স্নেহ, দায়িত্ব ও কৰ্তব্যবোধ কিমান আছিল। এইখিনিতে উল্লেখযোগ্য, শ্ৰীপাটিৰে কিছুদিন পিছত সৈন্যবাহিনী এৰি আহি চৰকাৰী বৃত্তি লৈ আগ্ৰাৰ কৃষি কলেজত পঢ়ি কৃষি স্নাতক হৈ ওলাই আহে আৰু বৌয়েকে নেফাৰ কৃষি বিভাগৰ মূৰব্বী বিষয়া আৰ এন গিডৱানীক কৈ তেওঁৰ বিভাগতে চাকৰি দিয়ায়। সুদীৰ্ঘ কাল অতি নিষ্ঠা আৰু দক্ষতাৰে সেৱা আগবঢ়াই অৱশেষত নেফাৰ চী চেক্ৰেটাৰী ৰূপে শ্ৰীপাটিৰে অৱসৰ গ্ৰহণ কৰে। ৰাজসেৱাত বাদেও নানা জনহিতকৰ কাৰ্য্যৰ দ্বাৰা অৰুণাচল প্ৰদেশত তেওঁ চিৰনমস্য হৈ ৰ'ল। অৱসৰৰ পিছত তেওঁ গুৱাহাটীতে ঘৰ সাজিব খোজাত শ্ৰীমতী মিৰিয়ে সামান্য দামত নিজৰ ঘৰৰ দাঁতিতে এডোখৰ মাটি তেওঁক দিয়ে। বৌয়েকৰ ঘৰতে শ্ৰীপাটিৰ আৰু তেওঁৰ পত্নী সুৰবালা পাটিৰ কিছুদিন থাকি ঘৰ সজা কাম সম্পূৰ্ণ কৰে। সম্প্ৰতি বৌয়েক- দেওবেক দুয়ো আপোন ভাই-ভনীৰ দৰে ইঘৰে সিঘৰৰ দুখ সুখৰ সমভাগী হৈ প্ৰতিবেশীৰূপে কাল কটাইছে। জন্মৰ তিনিদিনৰ পিছতে মাতৃহাৰা হোৱা সহোদৰ ভাই কোনদক ওৰেটো জীৱন ইন্দিৰা মিৰিয়ে মাতৃৰ মৰম দিছিল। সংস্থানহীন ভায়েকক বাইদেৱেকে নিজৰ মাটিতে হাঁহ-কুকুৰা পাম খোলাৰ ব্যৱস্থা কৰি দি অন্ন-সংস্থানৰ পথ উলিয়াই দিছিল, বিয়া-বাক পাতি দি নিজৰ মাটিতে থাকিবলৈ দিছিল। দুৰ্ভাগ্যবশতঃ ভায়েকৰ অকাল মৃত্যু হোৱাত শিশু কন্যাটিৰে বিধৱা গৰাকীক তেওঁ নিজৰ লগলৈ আনিছিল। পিছত অৱশ্যে ঘৰ-দুৱাৰ সাজি তেওঁলোকে নিজাকৈ থাকিবলৈ লয়। ৫৪