সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

জ্বৰৰ তৃতীয় দিনা একপ্ৰকাৰ বিনা চিকিৎসাই সেইগৰাকী প্ৰতিভাধৰ নিষ্ঠাবান বন বিষয়াই মৃত্যুক সাৱটি ল'লে। গোলাঘাটৰ ধনশিৰি নৈৰ পাৰত তেওঁৰ শেষকৃত্য সমাপন কৰা হয়। মহীচন্দ্ৰৰ সৰুতে মাতৃ বিয়োগ ঘটিছিল; তেওঁক বুঢ়ীমাকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। বহু কষ্ট স্বীকাৰ কৰি অশেষ শ্ৰম আৰু অহোপুৰুষাৰ্থৰ মাজেৰে মিৰি চাঙৰ সেই ল'ৰাজনে পঢ়ি শুনি নিজকে জীৱনত সুপ্ৰতিষ্ঠিত কৰাৰ পিছত সংকল্প লৈছিল নিজৰ ভাই-ভতিজাহঁতক মানুহ কৰাৰ, মিৰি সমাজখনক উন্নয়নৰ পথেৰে আগবঢ়াই নিয়াৰ। কিন্তু সেই স্বপ্ন আধৰুৱাকৈয়ে এৰি সাতত্ৰিশ বছৰ বয়সতে তেওঁ ইহসংসাৰ ত্যাগ কৰিলে। তেওঁৰ ম তেওঁৰ মৃত্যুত যে কেৱল মিচিং সমাজ বা অসমে এজন সুসন্তান হেৰুৱালে এনে নহয়, সমগ্ৰ ভাৰতে হেৰুৱালে এজন দেশপ্ৰেমিক মহৎ ব্যক্তি, এজন নিষ্ঠাবান, সুদক্ষ বন বিষয়া। মিৰি দম্পতীৰ বিবাহিত জীৱন অতি সুখৰ আছিল। স্বামীৰ প্ৰতিভা, সততা আৰু নাৰীৰ প্ৰতি সন্মানবোধে ইন্দিৰাক মুগ্ধ কৰিছিল। কিন্তু নিয়তিৰ নিৰ্ম্মম বিচাৰত বিয়াৰ সাতোটা বছৰ পাৰ নৌ হওঁতেই সোণৰ সংসাৰ নিমিষতে চাৰখাৰ হৈ গ'ল। সেই সময়ত তেওঁলোকৰ প্ৰথমটি লৰা সন্তানৰ বয়স তিনি বছৰ, দ্বিতীয় ছোৱালীটি ডেৰ বছৰীয়া আৰু তৃতীয়টি মাতৃ গৰ্ভত। পিতৃৰ মৃত্যুৰ ছমাহ পিছতহে শ্বিলঙত ইন্দিৰাৰ পিতৃগৃহত সেই দুৰ্ভগীয়া পুত্ৰ সন্তানটিৰ জন্ম হয়। দেৱতুল্য স্বামীক এইদৰে আচম্বিতে হেৰুৱাই ইন্দিৰাই চৌদিশে এন্ধাৰ দেখিলে; তেওঁৰ ভৰিৰ তলৰ পৃথিৱীখন যেন হেৰাই গ'ল। কিন্তু ভাঙি পৰিলে তো নচলিব, তেওঁৰ কান্ধত যে তিনিটি সন্তানৰ গধুৰ বোজাহু পৰবৰ্ত্তী ঘটনা ক্ৰম ইন্দিৰা মিৰিয়ে এইদৰে বৰ্ণাইছে, ‘মোৰ নিচেই সৰুতে মা ঢুকাইছিল। দেৱতুল্য পিতৃৰ তত্ত্বাৱধানত দিন কটাবলৈ পুনৰ ঘৰলৈ উভটি আহিলো। পিতৃদেৱৰ অক্লান্ত যত্নতে ভাঙি যোৱা মেৰুদণ্ড যোৰা লগাই থিয় হ'লো। তিনিটি সন্তানৰ লালন পালনৰ সুব্যৱস্থা কৰিবৰ বাবে সাজু হ'লো।” বিয়াৰ পিছতে তেওঁ পানবজাৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰীৰ পদ এৰি থৈ স্বামীৰ কৰ্ম্মস্থানলৈ ঢাপলি মেলিছিল। কিন্তু এতিয়া স্বামীহীন জীৱনত তেওঁক তো অৱলম্বন হিচাপে পুনৰ চাকৰি এটাৰ প্ৰয়োজন হবহু অকল সেয়েই নহয়, দুখ শোক পাহৰি থাকিবলৈ তেওঁক ব্যস্ততাও লাগিব। গতিকে ৩য় সন্তানৰ জন্মৰ তিনি মাহমান পিছত তেওঁ শ্বিলঙৰে এখন স্কুলত ‘পাৰ্ট-টাইম’শিক্ষয়িত্ৰী ৰূপে কামত সোমায়। কিছুদিন পিছত গুৱাহাটীৰ পানবজাৰ স্কুলৰ তদানীন্তন প্ৰধান শিক্ষয়িত্ৰী ৰাজবালা দাসে তেওঁৰ স্কুলত সহ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লবলৈ ইন্দিৰাক মাতি পঠায়। গুৱাহাটীত তেওঁলোকৰ নিজা ঘৰ দুৱাৰ থকা বাবে নতুন কাৰ্য্যভাৰ গ্ৰহণ কৰাত তেওঁৰ বিশেষ অসুবিধা নহ'ল। কিন্তু বেছিদিন তেওঁ সেই পদত থাকিবলগীয়া নহ'ল; শ্বিলঙৰ অসমীয়া ছোৱালী হাই স্কুলখনত প্ৰধান শিক্ষয়িত্ৰীৰ পদ খালি হোৱাত তেওঁ গুৱাহাটীৰ চাকৰি এৰি থৈ সেই দায়িত্ব ভাৰ গ্ৰহণ কৰেগৈ। সেই ১৮