সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

আদি খ্ৰীষ্টিয়ান বিষয়াসকলৰ মতে ভাষাৰ শুদ্ধ উচ্চাৰণৰ বাবে ৰোমান লিপিহে অধিক গ্ৰহণযোগ্য। কিন্তু ইন্দিৰা মিৰিয়ে যুক্তি দিছিল যে উচ্চাৰণৰ শুদ্ধতাৰ বাবে দেৱনাগৰী লিপিতকৈ অধিক কাৰ্য্যকৰী একো হব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰেও দেৱনাগৰী লিপিব সপক্ষেই মত প্ৰকাশ কৰিলে। নেফাৰ জনসাধাৰণে লিপি সম্পৰ্কে স্বকীয় মতামত ব্যক্ত কৰিব পৰা পৰ্য্যায় তেতিয়াও পোৱাগৈ নাছিল। গতিকে নেফা চৰকাৰে দেৱনাগৰী লিপিকে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ সেই লিপিৰ সৰলীকৰণৰ বাবে দুজনমান বিষয়া নিয়োগ কৰিলে। স্বাধীনতা লাভৰ পিছৰে পৰা নেফাত তিনিখলপীয়া শাসন ব্যৱস্থাৰ প্ৰবৰ্ত্তন হৈছিল। ৰাজ্যপালৰ অধীনত এজন উপদেষ্টা নিয়োগ কৰি তেওঁৰ তলৰ খাপত এহাতে পলিটিকেল অফিচাৰ সকলে শাসন কাৰ্য্য, আনহাতে উন্নয়নমুখী বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলে সেই বিভাগ সমূহ পৰিচালনা কৰিছিল। গতিকে সেই বিষয়া সকল স্বাভাবিকতে প্ৰভূত ক্ষমতাৰ অধিকাৰী আছিল। কিন্তু ১৯৫৪ চনত পূৰ্ব্বৰ শাসন ব্যৱস্থাৰ ঠাইত Single Line Administration প্ৰৱৰ্ত্তন কৰা হয়। নতুন ব্যৱস্থা মতে উপদেষ্টাৰ পিছতে উন্নয়ন আয়ুক্তৰ পদ এটি সৃষ্টি কৰি উন্নয়নমূলক বিভাগ সমূহ সেইজন বিষয়াৰ অধীনলৈ অনা হয়। এই ব্যৱস্থাই প্ৰশাসনৰ ক্ষেত্ৰত তুলনামূলক ভাৱে পূৰ্ব্বতকৈ কিছু শৃংখলা আনে; আনহাতে ই বিভাগীয় মূৰব্বী বিষয়াসকলৰ ক্ষমতা ভালেখিনি খৰ্ব্ব কৰে। ফলত সেইসকলে পূৰ্ব্বৰ দৰে মুকলিমূৰীয়া ভাৱে কাম কৰিব নোৱাৰা হ'ল আৰু তেওঁলোকৰ মনত অসন্তুষ্টিৰ ভাৱ জাগি উঠিল। পৰিস্থিতিৰ তাড়নাত কিছুসংখ্যক সৎ, সুদক্ষ অসমীয়া বিষয়া আতৰি আহিল, কিছুমানক বিদায় দিয়া হ'ল। নতুনকৈ যিসকল পলিটিকেল অফিচাৰে নিযুক্তি পালে তেওঁলোকৰ অধিকাংশই আছিল অৱসৰ প্ৰাপ্ত সামৰিক বিষয়া; সেইসকলৰ অসামৰিক প্ৰশাসন সম্পৰ্কে কোনো অভিজ্ঞতা নাছিল। তদুপৰি জনজাতীয় ভাষাৰ কোনো জ্ঞান তেওঁলোকৰ নাছিল। সেই সময়ত নেফাৰ সৰ্ব্বসাধাৰণে বুজি পোৱা অসমীয়া ভাষাৰ দুই চাৰিটা শব্দত বাদে তেওঁলোকে থলুৱা ভাষাৰ একোকে বুজি নেপাইছিল৷ গতিকে পূৰ্ব্বৰ বিষয়াসকলৰ দৰে নেফাৰ ৰাইজৰ বুকুৰ আপোন তেওঁলোক হব পৰা নাছিল, কিন্তু নেফাক হিন্দী ভাষী ৰাজ্যৰূপে পুনৰ্নিৰ্ম্মাণ কৰিবলৈ তেওঁলোক উঠি পৰি লাগিছিল। ইতিমধ্যে ভালেমান অসমীয়া বিষয়াই নেফা এৰি অহাত ইন্দিৰা মিৰিয়ে একপ্ৰকাৰ নিঃসংগতা অনুভৱ কৰিছিল। উন্নয়ন আয়ুক্তৰ তলতীয়া হবলগীয়া হোৱাত পূৰ্ব্বৰ দৰে শিক্ষাৰ ক্ষেত্ৰত তেওঁ নিজাববীয়াকৈ কোনো সিদ্ধান্ত লব নোৱাৰা হ'ল। তেনে অস্বস্তিকৰ পৰিবেশতে চৰকাৰৰ এক নতুন নীতিয়ে তেওঁক মানসিক ভাৱে বিপৰ্য্যস্ত কৰি তুলিলে। সেই নীতি অনুসৰি শিক্ষা বিভাগত শিক্ষা-সঞ্চালকৰূপে সৰ্ব্বোচ্চ পদবী এটাৰ সৃষ্টি কৰা হয়। সেই পদৰ বাবে ইন্দিৰা মিৰিকো প্ৰাৰ্থী হিচাপে আবেদন কৰিবলৈ দিয়া হৈছিল যদিও ৪১