সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুদান সংগ্ৰহ হ'ল আৰু গুৱাহাটীৰ নাৰেংগী অঞ্চলত স্থায়ী ঘৰ দুৱাৰেৰে অসমৰ প্ৰথম মহিলা আৱাস গৃহ গঢ় লৈ উঠিল। সুদীৰ্ঘকাল এই আৱাস গৃহৰ, মেনেজিং কমিটীৰো তেওঁলোক যথাক্ৰমে প্ৰেছিডেন্ট আৰু চেক্ৰেটাৰী আছিল। অসম ৰাজ্যভাষা আইনৰ অনুমোদন মৰ্ম্মে অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃত হোৱাত পূৰ্ব্বৰে পৰা অফিচ-কাছাৰীত চলি থকা ইংৰাজী ভাষাৰ সুবৃহৎ শব্দভাণ্ডাৰৰ অসমীয়া প্ৰতিশব্দ নিৰূপণ কৰা লৈ এক জটিল সমস্যা উদ্ভৱ হৈছিল। সেই সমস্যা সমাধানৰ বাবে ‘অসম পৰিভাষা সমিতি' গঠিত হয়। ইন্দিৰা মিৰি সেইখন সমিতিৰো সদস্যা আছিল। ইন্দিৰা মিৰি অকল অসমৰে নহয়, বাহিৰৰ ভালেমান সভালৈকো সন্মানিতা অতিথি হিচাপে নিমন্ত্ৰিত হৈছিল। অসম সমাজ কল্যাণ বোৰ্ডৰ সভানেত্ৰী হিচাপে তেওঁ দিল্লী, হায়দৰাবাদ আৰু কাশ্মীৰত বহা সংস্থাটোৰ সৰ্ব্বভাৰতীয় সন্মিলনত অসমক প্ৰতিনিধিত্ব কৰিছিল। ভূপালত অনুষ্ঠিত ‘বিশ্ব জনজাতি সন্মিলন' খনৰ সন্মানিত উদ্বোধকৰ দায়িত্বত আছিল ইন্দিৰা মিৰি। ব্যস্ত চাকৰি জীৱনৰ অন্তত অৱসৰৰ কালছোৱাও তেওঁ অতি সাৰ্থকভাৱে কটাইছে। নানা শিক্ষা-প্ৰতিষ্ঠানৰ উপৰিও শৰণীয়া আশ্ৰম, বিবেকানন্দ কেন্দ্ৰ, শঙ্কৰ মন্দিৰ, সাৰদা সংঘ, ব্ৰাহ্ম সমাজ, ৰেডক্ৰচ আদি বিভিন্ন মানৱ কল্যাণমূলক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁ ঘনিষ্ঠ ভাৱে জড়িত। মহানগৰীৰ শিক্ষা-সংস্কৃতিমূলক সভাত এইগৰাকী মহিলাক প্ৰায়ে সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসনত উপবিষ্টা দেখা যায়। সম্প্ৰতি নব্বৈ বছৰৰ ডেওনা অতিক্ৰম কৰাৰ পিছতো তেনে সভা সমিতিৰ নিমন্ত্ৰণ আজিও ৰক্ষা কৰি আছে। অলপতে ইন্দিৰা মিৰিয়ে স্থানীয় বাতৰি কাকত ‘আজিৰ অসম'ৰ দেওবৰীয়া পৰিপূৰিকা আলোচনীখনত ‘নেফা আৰু মই' শীৰ্ষক জীৱন সোঁৱৰণ ধাৰাবাহিক ভাৱে লিখি শেষ কৰে। জীৱনৰ আগভাগত এটি ব্যস্ত চাকৰি জীৱন কটাবলগীয়া হৈছিল যদিও ঘৰ- সংসাৰৰ দায়িত্বলৈ তেওঁ কোনোদিনে পিঠি দিয়া নাছিল। বৰঞ্চ পিতৃহীন সন্তান তিনিটিৰ জীৱনত তেওঁ পিতৃ-মাতৃ উভয়ৰে ভূমিকা পালন কৰিবলগীয়া হৈছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁৰ প্ৰাতঃস্মৰণীয় পিতৃদেৱ, ভনী পঙ্কজ বনিয়াকে ধৰি পৰিয়ালবৰ্গৰ সহায়-সহযোগৰ কথা তেওঁ কৃতজ্ঞতাৰে সোঁৱৰে। তিনিওটি সন্তানকে উপযুক্ত শিক্ষা দীক্ষাৰে মানুহ কৰিবলৈ সমৰ্থ হোৱা বাবেতেওঁ অত্যন্ত সুখী। তেওঁৰ বৰপুত্ৰ শ্ৰীউৎপল মিৰিয়ে মাকৰ লগতে থাকি শদিয়া গভৰ্নমেন্ট হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। ইংলণ্ডৰ গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লৈ স্বদেশলৈ উভতি আহি তেওঁ ৰুকি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা সফলতাবে সমাপ্ত কৰে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্ম্মজীৱন আৰম্ভ কৰা শ্ৰীমিৰিয়ে পিছত যোৰহাট ইঞ্জিনীয়াৰিং ৪৯