সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু অৱশেষত অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকৰ পদৰ পৰা অৱসৰ লয়। দ্বিতীয় সন্তান শান্তি নিকেতনৰ স্নাতক শ্ৰীমতী চপলা মিৰিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী লৈ বিদেশলৈ যায় আৰু আমেৰিকাৰ ওৱাছিংটন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি দ্বিতীয়বাৰ শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ডক্তৰেট ডিগ্ৰীৰ আশা বাদ দি অসমলৈ উভতি আহে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপনা আৰম্ভ কৰে। ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী শ্ৰীজ্ঞানেন্দু শ‍ইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা চপলা মিৰি শ‍ইকীয়াই সম্প্ৰতি চাকৰিৰ পৰা অৱসৰ লৈছে। কনিষ্ঠ সন্তান, অসাধাৰণ তীক্ষ্ণধী শ্ৰীমৃণাল মিৰিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত দৰ্শনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱাৰ পিছত ইংলণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ‘ট্ৰিপোজ' আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। চিমলাৰ National Insti - tute of Advance Studies ৰ দৰে ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ সঞ্চালক ৰূপে কাৰ্য্যনিৰ্বাহ কৰা মৃণাল মিৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰো সদস্য আছিল। পিছলৈ শ্বিলঙৰ উত্তৰ পূৰ্ব্বাঞ্চলীয় পাৰ্ব্বত্য বিশ্ববিদ্যালয়ত (NEHU) দৰ্শন বিভাগৰ মূৰব্বী অধ্যাপক পদত নিযুক্ত হৈ অৱশেষত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ আসনত অধিষ্ঠিত হয়। অলপতে তেঁৱো চাকৰিৰ পৰা অৱসৰ লৈছে। উল্লেখনীয় কথা যে ইন্দিৰা মিৰিৰ তিনিওটি সন্তানেই মাতৃৰ আদৰ্শেৰে শিক্ষাৰ ক্ষেত্ৰতে তেওঁলোকৰ জীৱনজোৰা বহুমূলীয়া সেৱা আগবঢ়ালে। এগৰাকী চাকৰিয়াল মাতৃৰ পিতৃহীন সন্তানে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত গভীৰ আত্মবিশ্বাসেৰে আগবাঢ়ি গৈ নিজকে জীৱনত সুপ্ৰতিষ্ঠিত কৰাৰ উপৰিও জাতিৰ জীৱনলৈকো উল্লেখনীয় বৰঙনি আগবঢ়াব পৰাটো কম কৃতিত্বৰ কথা নহয়। হয়তোবা, পিতৃ-মাতৃৰ পৰা জন্মসূত্ৰে পোৱা শিক্ষানুৰাগ, সততা, কৰ্ত্তব্যনিষ্ঠা আদি গুণৰ লগতে মাতৃৰ ব্যক্তিত্ব তথা সংঘাতময় জীৱন দৃষ্টান্তয়ো তেওঁলোকক অনুপ্ৰাণিত কৰিছিল। শিক্ষা-চাকৰি আদিৰ ক্ষেত্ৰত চৰকাৰৰ সংৰক্ষণ নীতিয়েও তেওঁলোকক যথেষ্ট সহায় কৰিছিল। উৎপল মিৰিৰ বৰপুত্ৰ ডঃ বাসৱ মিৰিয়েও দিল্লীৰ AIIMS অৰ পৰা M.S. ডিগ্ৰী লৈ পৰৱৰ্ত্তী শিক্ষা গ্ৰহণৰ বাবে ইংলণ্ডলৈ গৈ বৰ্ত্তমান তাতেই চাকৰি কৰি আছে। 40