পঠিয়াইছিল। এই ফটোখন দেখিলে এতিয়াও পুৰণি স্মৃতিয়ে মোক বৰ আমনি কৰে। মা স্কটলেণ্ডৰ পৰা ঘূৰি আহোতে আমি অতি হেপাহেৰে তেজপুৰৰ পৰা শ্বিলঙলৈ মাক লগ ধৰিবলৈ গৈছিলো। মাৰ কাষৰ পৰা তেতিয়াও কিন্তু আতৰি থাকিবলগীয়া হৈছিলো, কিয়নো মাই লগে লগেই শদিয়ালৈ গৈ NEFA ৰ শিক্ষা বিষয়া (Education Office) হিচাবে যোগদান কৰে। শ্বিলঙত মামাৰ লগত থাকি মই, টাবু আৰু মাহীদেউৱে মেট্ৰিক পাছ কৰিছিলো।
মাৰ লগত থাকি পঢ়িব নোৱাৰা কথাটো যে পৰিস্থিতিয়ে বাধ্য কৰিছিল, সেইকথা আমাৰ মনটোৱে কিবা প্ৰকাৰে মানি লৈছিল। সেইকাৰণেই বোধকৰো মাৰ ওপৰত মোৰ কোনো খং-ৰাগ বা অভিমান নাছিল। সেই সময়ত মাৰ অনুপস্থিতিত মামা-মাহীহঁতৰ লগত থাকি পঢ়া শুনা কৰাটোৱে আমাৰ বাবে বাস্তৱ আছিল।
মেট্ৰিক পাছ কৰাৰ পিছতে আমি মাহীদেউৰ ঘৰৰ পৰা ওলাই আহো আৰু যিবোৰ ঠাইত পঢ়িছিলো, সেইবোৰ ঠাইত কলেজৰ হোষ্টেলত থাকিয়ে পঢ়াশুনা কৰিছিলো। সেই সময়ছোৱাত বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বেলেগ বেলেগ ধৰণৰ মানুহক লগ পাইছিলো। এই সুবিধা আৰু সুযোগ লাভ কৰাৰ মূলতেই আছিল মোৰ মা।
আগতেই কৈছো যে মা বৰ আৱেগিক নাছিল। শদিয়াত মাৰ লগত থকা সময়ত মা মফশ্বললৈ যাবলৈ ওলালেই মোৰ কান্দোন আৰম্ভ হৈছিল৷ মোৰ কান্দোন দেখি মোৰ ভাই-ককাই, মামাহঁতে হাঁহিছিল। মাই মোক কৈছিল “মামন, মই সদায় এনেদৰে Tour লৈ যাব লাগিব, তুমি সদায়েই আৰু কিমান কান্দিবা?” আন বহুত মাকৰ দৰে (মই জনাত) তেনে অৱস্থাত মাই কান্দিকাটি বাউলী হোৱা নাছিল। আমাৰ থকা-খোৱাৰ সুবন্দবস্ত কৰি নিজৰ কৰ্তব্যই মাক য’লৈকে নিছিল তালৈকে গৈছিল। মা যে নিজৰ কৰ্তব্যৰ প্ৰতি কিমান নিষ্ঠাবান আছিল সেইটোৱে স্পষ্টকৈ প্ৰকাশ পায়।
শ্বিলং আৰু শদিয়াত মাৰ লগত থকাৰ সময়ত মায়ে আমাক গধূলি পঢ়াইছিল। গোটেই দিনতো কামত ব্যস্ত থকা মাই ঘৰলৈ ঘূৰি আহি আমাক পঢ়োৱাৰ সময়ত আমি পঢ়াশুনাত মনযোগ নিদিলে বা পঢ়াশুনা নকৰিলে বৰ বেজাৰ পাইছিল।
পঢ়োৱা সময়ৰ বাদে আন সময়ত মাৰ লগত আমাৰ যথেষ্ট সহজ তথা বন্ধুসুলভ সম্বন্ধ আছিল। যথেষ্ট হাঁহি তামাছা কৰিছিলো, গান গাইছিলো একেলগে। কেতিয়াবা মাৰ লগত আমি আটায়ে পূৰ্ণিমাৰ জোনাক নিশা পিকনিক খাবলৈ যোৱা স্মৃতিবোৰ মই এতিয়াও ৰোমন্থন কৰো। মাৰ লগত থাকোতে আৰু তাৰ পৰবৰ্তী সময়তো আমাৰ বিভিন্ন সমনীয়াৰ লগত আত্মীয়তা গঢ়ি উঠিছিল। আমি আটাইবোৰে একেলগে বিশাল লুইতত সাতুৰিবলৈ, ওচৰৰ গাঁওবোৰলৈ ফুৰিবলৈ গৈছিলো; অন্যলোকৰ বাৰীয়ে বাৰীয়ে টেঙা বিচাৰি ফুৰিছিলো। আমি আমাৰ সমনীয়া বন্ধু-বান্ধবীৰ লগত এইদৰে ঘূৰি ফুৰি পৰস্পৰে নানান কথা শিকিছিলো,