সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ডঃ ডি এছ কোঠাৰীৰ অধীনত এটি শিক্ষা-আয়োগ গঠন কৰিছিল। শিক্ষাৰ সকলো স্তৰতে প্ৰয়োজনীয় সংশোধন ঘটাই জাতীয় শিক্ষা-আঁচনি তৈয়াৰ কৰাই এই শিক্ষা-আয়োগৰ মূল উদ্দেশ্য আছিল। শিক্ষাৰ বিভিন্ন বিভাগৰ উন্নয়ন সাধনৰ লক্ষ্য আগত ৰাখি শিক্ষা-আঁচনি পৰিকল্পনাৰ বাবে এই আয়োগৰ অধীনত কেইটামান Task Force তৈয়াৰ কৰি দিয়া হৈছিল। ইন্দিৰা মিৰি সেই Task Force অৰ এগৰাকী সদস্যা আছিল। ১৯৮৩ চনত অসম চৰকাৰে গঠন কৰা জেল-আয়োগৰো তেওঁ সদস্যা আছিল। এই আয়োগৰ অধ্যক্ষ আছিল আই এ এছ বিষয়া ইমদাদ আলী। সেই দায়িত্বতে প্ৰফুল্ল শৰ্ম্মা, ৰমা দাস, ইন্দিৰা মিৰি, কমল কুমাৰী বৰুৱা, ডঃ দীপালী দত্ত প্ৰমুখ্যে আয়োগৰ সদস্য সদস্যাসকলে কলিকতা, লক্ষ্ণৌ, পশ্চিম বংগৰ কাৰাগাৰ সমূহ আৰু দিল্লীৰ তিহাৰ জেল পৰিদৰ্শন কৰি প্ৰতিবেদন আগবঢ়াইছিল। ১৯৭৭ চনত এই বিশিষ্টা শিক্ষাবিদ্‌ গৰাকীক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট বৰঙনিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইন্দিৰা মিৰিক ডি লিট সন্মানেৰে বিভূষিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২ নং দুমহলীয়া ছাত্ৰী নিবাসটো ইন্দিৰা মিৰিৰ নামেৰে নামকৰণ হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিৰ্বাচনৰ বাবে গঠিত হোৱা কমিটীতো তেওঁক সদস্যা হিচাপে লোৱা হৈছিল। জ্ঞানদাভিৰাম বৰুৱা আইন কলেজ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো তেওঁ গৰ্ভনিং বডীৰ সদস্যা আছিল। গুৱাহাটী পাব্লিক স্কুল, জালুকবাৰী শিশু সদনৰো তেওঁ বহু বছৰ ধৰি সভানেত্ৰী আছিল। অসম ৰেডক্ৰচ ছচাইটিৰ আজীৱন সভ্যা হিচাপে অনুষ্ঠানটিৰ কাম কাজৰ লগত তেওঁ বিশেষ ভাৱে জড়িত। গুৰুজনাৰ ধৰ্ম্ম ও কলা-কৃষ্টিৰ প্ৰসাৰৰ বাবে গুৱাহাটীৰ পল্টন বজাৰত স্থাপিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সংঘৰো তেওঁ আজীৱন সদস্যা। সৰ্ব্বভাৰতীয় প্ৰাপ্ত বয়স্ক শিক্ষা বিভাগৰ অন্তৰ্গত নিৰক্ষৰতা দূৰীকৰণ কমিটীত তেওঁ আজিও সদস্যা হৈ আছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। ভাৰত স্কাউচ্ এণ্ড গাইড্‌চৰ অসম শাখাৰ তেওঁ উপ-সভানেত্ৰী। আজিকালি অসমৰ শিক্ষাকেন্দ্ৰ গুৱাহাটীত অধ্যয়ন বা চাকৰি কৰিবলৈ অহা ছোৱালী বা মহিলাৰ বাবে অসংখ্য আবাস গৃহ গঢ় লৈ উঠিছে। কিন্তু আজিৰ পৰা তিনি চাৰি দশকৰ আগেয়ে, খ্ৰীষ্টিয়ান মিছনেৰীসকলে পতা দুই এখন হোষ্টেলত বাদে তেনে কোনো সা-সুবিধা ইয়াত নাছিল। সেই অসুবিধা দূৰ কৰাৰ প্ৰচেষ্টাৰে গুৱাহাটীত এটি ‘কৰ্ম্মৰতা মহিলাৰ আবাস গৃহ' স্থাপনৰ আঁচনি প্ৰস্তুত কৰি আগবাঢ়ি আহিছিল দুগৰাকী সমাজ সেৱী মহিলা – ইন্দিৰা মিৰি আৰু শুচিব্ৰতা ৰায়চৌধুৰী। তেওঁলোকৰ অক্লান্ত চেষ্টাতে অনুষ্ঠানটিৰ - ৪৮