সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

(P.T.) প্ৰশিক্ষণ দিবলৈ ‘আসাম ৰাইফল্‌চ’ৰ অভিজ্ঞ সৈনিক এজনকে দায়িত্ব দিয়া হৈছিল। জনজাতীয় দোৱান শিকোৱাৰ বাবে লোৱা হৈছিল কেইজনমান স্থানীয় জনজাতীয় লোক। কোনজন প্ৰশিক্ষাৰ্থীক শিক্ষক হিচাপে কোনটো অঞ্চললৈ পঠিওৱা হব সেই সিদ্ধান্ত আগতীয়াকৈ লৈ সেইমতে তেওঁলোকক সেই অঞ্চলৰ দোৱানৰ শিক্ষা দিয়া হৈছিল, কিয়নো জনজাতীয় শিশুক শিক্ষাদানৰ বাবে দোৱানৰ জ্ঞান অপৰিহাৰ্য্য। তদুপৰি শিক্ষক সকলে যাতে ভিতৰুৱা গাওঁ বিলাকলৈ গৈ আচহুৱা অনুভৱ নকৰে, জনজাতীয় ল'ৰা-ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ সৈতে অন্তৰৰ ভাৱ বিনিময় কৰি তেওঁলোকৰ আপোন যেন হৈ উঠিব পাৰে সেই উদ্দেশ্যে প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন অঞ্চলৰ দোৱান জনাটো আৱশ্যকীয় কথা আছিল। শদিয়াৰ পশ্চিমাঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত এখনি আশ্ৰমৰ দৰে গঢ় লৈ উঠা সেই শিক্ষা-সত্ৰখনে সমগ্ৰ নেফাৰ ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰিছিল। শিক্ষক প্ৰশিক্ষাৰ্থী আটায়ে মিলি মাজে সময়ে গীত-মাত নাটক আদিৰে সাংস্কৃতিক অনুষ্ঠান পাতিছিল। শদিয়া হাইস্কুলৰ শিক্ষক, ছাত্ৰ সকলেও এনে কাৰ্য্যসূচীত তেওঁলোকলৈ সহযোগিতা আগবঢ়াইছিল। মাজে সময়ে শিক্ষাবিদ্‌, জননেতা সকলক আমন্ত্ৰণ কৰি প্ৰশিক্ষাৰ্থীসকল উপকৃত হব পৰা বিষয়ৰ ওপৰত বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছিল। স্বামী ৰংগনাথানন্দ, কাকা কালেলকাৰ, ভগিনী ৰাজন প্ৰমুখ্যে সৰ্ব্ব ভাৰতীয় নেতা-নেত্ৰীসকলৰ বক্তৃতা শুনাৰ সৌভাগ্য তেওঁলোকৰ হৈছিল। এই সকলো শুভ প্ৰচেষ্টাৰ গুৰিতে আছিল ত্যাগ আৰু সেৱাৰ আদৰ্শৰে অনুপ্ৰাণিতা শিক্ষাৰ বেদীত সমৰ্পিতপ্ৰাণ শীৰ্ষ বিষয়াগৰাকীৰ মাতৃ সুলভ মৰম-চেনেহ, উছাহ-উদগনি আৰু অফুৰন্ত কৰ্ম্ম প্ৰেৰণা৷ কেন্দ্ৰৰ কোনেও তেওঁক ‘মেডাম’ নুবুলিছিল, সকলোৰে বাবে তেওঁ আছিল ‘বাইদেউ’, ‘মা’ নাইবা ‘নানে’ (আইতা)। ১৯৪৮ চনটো ঘাইকৈ তেওঁ প্ৰশিক্ষণ কেন্দ্ৰৰ তদাৰকতে কটালে। ১৯৪৮ চনৰ ১৫ জুলাই তাৰিখে ইন্দিৰা মিৰিৰ পিতৃ বিয়োগ ঘটে। জীৱনৰ চৰম দুৰ্যোগৰ মুহূৰ্ত্ততো বটবৃক্ষ সদৃশ যিজনাৰ ব্যক্তিত্বৰ ছাঁত তেওঁ শান্তি আৰু স্বস্তি লাভ কৰিছিল, যাৰ অবিৰত উৎসাহ-অনুপ্ৰেৰণাই খলা-বমা জীৱনৰ বাটত আগবাঢ়ি যোৱাত তেওঁক সাহস আৰু আত্মবিশ্বাস যোগাইছিল সেই গৰাকী পিতৃদেৱৰ দেহাৱসানে তেওঁৰ মনোজগতত এক প্ৰকাৰ শূণ্যতাৰ সৃষ্টি কৰিছিল। কিন্তু অতি দুখৰ কথা, পিতৃৰ মৃত্যুৰ দহ দিনৰ পিছতহে তেওঁ ঘৰলৈ উভতিব পাৰিলে। সেই সময়ত ভৰ বাৰিষা, ব্ৰহ্মপুত্ৰৰ বুকুত দোকোল-টকা বানৰ তাণ্ডৱ লীলা। নৈৰ বুকুত ইপাৰ সিপাৰ হবলৈ তেতিয়াৰ দিনত জাহাজৰ ব্যৱস্থা নাছিল, মাৰ নাৱেৰেহে পাৰ হব লাগিছিল। কিন্তু নৈৰ সোঁত প্ৰৱল হলে মাৰ নাৱঁৰ চলাচলো বন্ধ থাকে। ১৯৪৯ চনত শদিয়াত এখন শিক্ষা-সন্মিলন বহিছিল। সেই উপলক্ষে এখন ২৭