সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

থাকে কোন? অসমক ৰাখে কোনে? অসমীয়াই ৰাখিব লাগিব অসমক জীয়াই,অসমীয়া ভাষাৰে আৰু অসমৰ মাটিতে শিৰ দোঁৱাই। গতিকে অসমৰ ইংৰাজী স্কুলত অসমীয়া ভাষা শিক্ষাৰ সুদৃঢ় ব্যৱস্থা কৰাব লাগে। অসমীয়া মাধ্যমৰ স্কুল বিলাক উন্নত মানৰ কৰি তুলিব লাগিব। ঘৰে দুৱাৰে, সা-সঁজুলিৰে, খেলা-ধূলাৰ ব্যৱস্থাৰে, উপযুক্ত শিক্ষকৰ নিযুক্তিৰে ইংৰাজী স্কুলৰ সমপৰ্য্যায়ৰ কৰি তুলিব লাগিব। ইংৰাজী মাধ্যমৰ স্কুলত ফীজ হিচাপে অভিভাৱক সকলে বহু টকা খৰচ কৰে। অসমীয়া মাধ্যমৰ স্কুলবোৰত (দুই এখনত বাদে) মাছুল নেলাগে। গতিকে স্কুলৰ ঘৰ-দুৱাৰ, শিক্ষণ-সামগ্ৰী, আচবাব-পত্ৰ, গবেষণাগাৰ আদিৰ বাবেই অভিভাৱক সকলে যদি কিছু খৰচ কৰিবলৈ সন্মত হয় তেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰো উন্নতি নহৈ নোৱাৰে। প্ৰশ্ন ঃ- সম্প্ৰতি স্কুল-কলেজৰ পৰীক্ষাসমূহৰ ফলাফলে এনে এখন ছবি দাঙি ধৰে যে ভবিষ্যতে চাকৰি-বাকৰিৰ সিংহভাগ নিজ প্ৰতিভাৰ গুণে ছোৱালীয়েই পাব। তেতিয়া ল'ৰাহঁতে কি কৰিব? অৰ্থোপাৰ্জ্জনৰ সহজ উপায় বিচাৰি যদি তেওঁলোক বেয়া পথত নামে? ল'ৰাহঁতক অধ্যয়নমুখী, দায়িত্ব-সচেতন কৰাৰ কিবা উপায় দিব পাৰেনে? - উত্তৰ :- ছোৱালীয়ে সাধাৰণ চাকৰিত অকল প্ৰতিভাৰ বলত সিংহভাগ পোৱাটো সহজ নহব, কাৰণ এনে চাকৰি নিৰ্ভৰ কৰে আন বহুতো কথাৰ ওপৰত – যেনে জনজাতি, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ, স্বজন প্ৰীতি, ভেটি ইত্যাদি। উচ্চ পৰ্য্যায়ৰ প্ৰতিভা প্ৰধান চাকৰিসমূহত হয়তোবা এনে অৱস্থা হব পাৰে (অৱশ্যে দেৰী আছে)। কিন্তু এনে অৱস্থা নোহোৱাকৈয়ে আজিও জানো ল'ৰা বিপথে যোৱা নাই? এই বিপথগামী ল’ৰাসকলৰ অধিকাংশই প্ৰতিভাবান নহয়। ছোৱালীয়ে প্ৰতিভাৰ বলত অধিক চাকৰি পালে হয়তোবা এনে ল'ৰাৰ সংখ্যা আৰু বাঢ়িব আৰু কালত এনে ল'ৰাৰ লগত ছোৱালীয়েও যোগ দিব। এনে অৰ্থলিপ্সাৰ পৰা ল'ৰা ছোৱালীহঁতক কিদৰে আতৰাব পাৰি মোৰ বোধেৰে, তাৰ একমাত্ৰ উপায় হৈছে শিক্ষা-ছোৱালীক ছোৱালীৰ লাগতিয়াল শিক্ষা আৰু ল'ৰাক ল'ৰাৰ লাগতিয়াল শিক্ষা। মোৰ বোধেৰে, পুৰুষৰ উপযোগী চাকৰি পুৰুষে, ছোৱালীৰ উপযোগী চাকৰি ছোৱালীয়ে পোৱা উচিত। শিক্ষকৰ নিযুক্তিত মই তলৰ পৰা ওপৰলৈ ছোৱালীহে বিচাৰো, অন্যক্ষেত্ৰত পৰিস্থিতি সাপেক্ষে। মই ভাবো, অকল চাকৰিৰ অভাৱত ল'ৰা বিপথগামী হোৱা নাই, অৰ্থলিপ্সাৰ বিষময় ফলস্বৰূপেহে এনে পৰিস্থিতি হৈছে। শিক্ষাৰ লক্ষ্য হব লাগে শুদ্ধ, সম্পূৰ্ণ মানৱ গঢ়া, অৰ্থলিপ্সা পূৰণৰ যন্ত্ৰ বনোৱা নহয়। ল'ৰাৰ ক্ষেত্ৰত শিক্ষা চাকৰিমুখী হ'লেও ছোৱালীৰ ক্ষেত্ৰত আজিও শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে বিবাহ, চাকৰি গৌণ। পিছে যুগৰ চাপত কিছুমান ছোৱালী আৰু অভিভাৱকো আধুনিক ব্যয়বহুল বিলাসী জীৱনৰ প্ৰতি আকৰ্ষিত, গতিকে চাকৰি লাগে। যিয়েই নহওক, 'মা' হোৱা ছোৱালীৰ স্বভাৱ, গতিকে ৬০