সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

স্বাভাবিক স্নেহেৰেই তেখেতে শিক্ষা-দীক্ষাৰ ব্যৱস্থা কৰিছিল। বাইদেউৰ বিয়া হৈছিল মিচিং সম্প্ৰদায়ৰ অন্যতম তীক্ষ্ণধী ব্যক্তি প্রয়াত মহীচন্দ্ৰ মিৰিৰ লগত । প্রয়াত মিৰি এগৰাকী সং আৰু দক্ষ বন বিষয়া আছিল। স্বামীৰ অকাল মৃত্যুৰ পাছত তেখেতে বিলাতলৈ গৈ শিক্ষা বিষয়ত দুবছৰীয়া প্রশিক্ষণ লয়। এডিনবাৰ্গৰ পৰা সুখ্যাতিৰে বি এড ডিগ্ৰী লাভ কৰি উভতি আহে। ইয়াৰ পৰবৰ্ত্তী কালৰ পৰা বৰ্ত্তমানলৈকে বাইদেৱে শিক্ষা আৰু সমাজ জীৱনত যিখিনি বৰঙণি আগবঢ়াইছে সি অতি মূল্যবান আৰু ৰোমাঞ্চকৰো৷ বাইদেউক তেতিয়াৰ নেফা (NEFA) ত শিক্ষা বিভাগৰ মুখ্য বিষয়া ৰূপে নিযুক্তি দিয়া হৈছিল। তেতিয়া সেই অঞ্চল দুৰ্গম ঠাই। যাতায়তৰ কোনো উপযুক্ত সুবিধা নাই, শিক্ষাৰ ব্যৱস্থা নাই বুলিলেই হয়। কিন্তু তেখেত মুঠেই নিৰুৎসাহ নহ'ল। কৰ্ত্তব্য নিষ্ঠা, সমাজৰ নিম্নতম সা-সুবিধাও নোপোৱা মানুহৰ প্ৰতি গভীৰ মমতা আৰু দায়িত্ববোধে বাইদেউক সততে উৎসাহিত কৰিছিল । মুষ্টিমেয় যি কেইগৰাকী অসমীয়া ডেকা শিক্ষকে বাইদেউৰ লগত কাম কৰিছিল সেই সকলৰ কথা তেখেতে অতি স্নেহ আৰু কৃতজ্ঞতাৰে আজিও সোঁৱৰে। কেবা মাইল ধৰি অটব্য অৰণ্যৰ মাজেৰে তেখেতসকলে দূৰ-দূৰণিৰ জৰাজীৰ্ণ আৰু মুষ্টিমেয় ছাত্ৰৰ স্কুলবোৰ চাবলৈ যাব লগা হৈছিল। কেতিয়াবা বাঘৰ আগত পৰিব লগা, কেতিয়াবা হাতীৰ খেদাও খাব লগা হোৱা, গছৰ ওপৰৰ পৰা থোপা থোপে তেজপিয়া জোকবোৰ গায়ে মূৰে সৰি পৰাৰ ভয়ঙ্কৰ অভিজ্ঞতাৰ কথা এতিয়া ৰোমাঞ্চকৰ সাধুকথাৰ দৰে বাইদেৱে কয় ৷ এইদৰে বাইদেউ আৰু মুষ্টিমেয় অসমীয়া ডেকাৰ চেষ্টাত শিক্ষাৰ নাম গোন্ধ নোহোৱা নেফাই শিক্ষাৰ কাঁচিয়লি ৰ'দত নিজকে চিনিবলৈ লৈছিল, অসমীয়া ভাষাক মাতৃজ্ঞান কৰি অসমীয়া মাধ্যমত লিখা পঢ়া শিকিছিল। দহ বছৰ কাল সৰল সুন্দৰ জনজাতীয় ভাই-ভনী সকলৰ লগত কটাই, প্রকৃত স্নেহ আৰু নিষ্ঠাৰে তেওঁলোকৰ প্ৰতি সেৱা আগবঢ়াই বাইদেৱে কামত ইস্তফা দি গুছি আহে। গুৱাহাটীৰ নাৰে!ী অঞ্চলত কেন্দ্ৰীয় অর্থ সাহায্য আৰু দান-বৰঙণিৰে 'ৱৰ্কিং গাৰ্লচ্ হোষ্টেল' স্থাপনত শ্ৰীযুতা ইন্দিৰা মিৰি আৰু শ্ৰীমতী শুচিব্ৰতা ৰায়চৌধুৰীয়ে অক্লান্ত পৰিশ্ৰম কৰিছিল। তেখেত দুয়োগৰাকীৰ আশাসুধীয়া যত্নৰ ফলতেই আজি ই বহুতো চাকৰিজীৱী মহিলাৰ নিৰাপদ বাসস্থান হ'ব পাৰিছে। সেইদৰে দুয়োগৰাকীৰে প্ৰচেষ্টাত গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ো গঢ়ি উঠিছিল । বাইদেউৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ প্ৰথম কালছোৱা অতিবাহিত হৈছিল শ্বিলঙত। মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰভাৱৰ মাজত থাকিও শ্বিলঙৰ ভিন্ন ভিন্ন ভাষা-সংস্কৃতিৰ পৰা সাৰ গ্ৰহণ কৰি এটা সুসংস্কৃত মনৰ অধিকাৰী হৈছিল। বৈবাহিক সূত্ৰে মিচিং সম্প্ৰদায়ৰ ৮০