সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

অভিজ্ঞতা তেওঁলোকৰ নাছিল। দুয়োজনেই কেইমাহমানকৈ অনুষ্ঠান চলোৱাৰ পিছত বিদায় লৈছিল। ১৯৬৯ চনৰ মাৰ্চ মাহত ইন্দিৰা মিৰিয়ে নিগাজিকৈ সেই দায়িত্ব গ্ৰহণ কৰে। শদিয়া আৰু যোৰহাটৰ অনুষ্ঠান দুটিৰ দৰে এই অনুষ্ঠানৰ জন্ম তেওঁৰ হাতত হোৱা নাছিল যদিও এইখনো এক পূৰ্ণাংগ প্ৰশিক্ষণ কলেজ হিচাপে গঢ় দিয়াৰ কৃতিত্ব ইন্দিৰা মিৰিৰেই বুলিব পাৰি। উলুবাৰী হাইস্কুলত কষ্টে মষ্টে কিছুদিন চলোৱাৰ পিছত লাচিত নগৰত মাটি যোগাৰ কৰি তাতে অস্থায়ী ঘৰ সাজি কলেজখন তালৈ স্থানান্তৰ কৰা হয়। পিছত স্থায়ী ঘৰ-দুৱাৰ হোৱাত পূৰ্ব্বৰ ঘৰ ল'ৰাৰ হোষ্টেলৰূপে ব্যৱহাৰ কৰা হয়। অভিজ্ঞা শিক্ষাবিদ্, দক্ষ প্ৰশাসক ইন্দিৰা মিৰিৰ সুপৰিচালনাত দোপত দোপে উন্নতি কৰি বাণীকান্ত বি টি কলেজ সম্প্ৰতি অসমৰ এখন নামজ্বলা স্নাতকোত্তৰ শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত পৰিণত হৈছে। অধ্যক্ষা হিচাপে তেওঁ যে কেৱল প্ৰশাসনৰ দায়িত্বহে লৈছিল এনে নহয়, প্ৰতিখন কলেজতে তেওঁ প্ৰশিক্ষাৰ্থী সকলক নিয়মিত ভাৱে পাঠদান কৰিছিল। এইখন কলেজ ৰাইজে পতা অনুষ্ঠান; চৰকাৰেও কিছু টকা-পইচা দি সহায় কৰিছিল। কলেজৰ পৰিচালনা ঘাইকৈ মেনেজিং কমিটীৰ হাতত। শৈক্ষিক দিশটো অৰ্থাৎ পাঠ্যক্ৰম, ‘ছিলেবাচ’, পৰীক্ষা পতা আদি কাৰ্য্য বিশ্ববিদ্যালয়ে পৰিচালনা কৰিছিল। ১৯৮০ চনত ইন্দিৰা মিৰিক সমাজ কল্যাণ বোৰ্ডৰ অসম শাখাৰ অধ্যক্ষাৰ দায়িত্ব দিয়া হয়। তেতিয়াৰে পৰা তেওঁ কলেজৰ কিছু দায়িত্ব বাধ্য হৈ এৰিবলগীয়া হয়। তথাপিতো মাজে সময়ে তেওঁ দুই এটা ক্লাছত পাঠদান কৰি আছিল। ১৯৮৩ চনত কলেজৰ শাসন-ভাৰ চৰকাৰে নিজৰ হাতলৈ নিয়ে; লগে লগে তেওঁ চাকৰিৰ পৰা সম্পূৰ্ণ ভাৱে অব্যাহতি লয়। নিজৰ কৰ্ম্ম জীৱনৰ অভিজ্ঞতা বৰ্ণাই তেওঁ কৈছিল “চাকৰি জীৱনলৈ উভতি চালে দেখা পাওঁ প্ৰায় সকলো ঠাইতে মই বাটকটীয়াৰ দায়িত্বই বহন কৰিছিলো। ----- অনুষ্ঠান পাতি যি বিমল আনন্দ লাভ কৰিছিলো সেই নিৰ্ম্মল, অক্ষয় আনন্দই মোৰ মন সদায় পৰিপূৰ্ণ কৰি ৰাখিছে।”---‘মোৰ কৰ্ম্মজীৱনৰ আটাইতকৈ স্মৰণীয় কথা, নেফাতো, অসমতো মোক যেন ‘অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণে' হাতত ধৰিহে আগবঢ়াই নিছিল। কোনো বাধা বিঘিনি নোহোৱাকৈ মোৰ সাধ্যানুসৰি দিব পৰা সকলোখিনি প্ৰাণ ঢালি দিছিলো আৰু মোৰ বিচাৰেৰে ম‍ই সাৰ্থকো হৈছিলো।” পূৰ্ব্বৰ B.T. কোৰ্চটোৰ নাম সলনি কৰি বৰ্ত্তমান B.ED. কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত সম্প্ৰতি ব্যৱসায়িক ভিত্তিত অসংখ্য B.ED. কলেজ গঢ় লৈ উঠিছে। এতিয়া গুৱাহাটী মহানগৰীতে তেনে কেইবাখনো শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান আছে। আজিকালি ডেপুটেড শিক্ষকতকৈ সদ্য উত্তীৰ্ণ স্নাতকসকলেহে এনেবোৰ কলেজত ভিৰ কৰা দেখা ৪৬