সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

তিনি জীৱনৰ কক্ষটি শিলত প্ৰাচীন ভাৰতৰ ছাত্ৰ সকলে জ্ঞান আহৰণৰ স্বাৰ্থত গুৰু গৃহত বাৰ বছৰ কটোৱাৰ দৰে ইন্দিৰা সেনাপতিয়েও পঢ়া শুনাৰ বাবে কলিকতা মহানগৰীত এটা দশকৰো ওপৰ কাল কটাই অসমলৈ উভতি আহে। ইতিমধ্যে দেউতাকে তেওঁৰ বিয়া বাৰু সম্পৰ্কে চিন্তা কৰিবলৈ লৈছিল; মাতৃহীনা তেওঁৰ সুশিক্ষিতা ছোৱালীটিক এক উপযুক্ত সুপাত্ৰত অৰ্পণ কৰিব পাৰিলেহে তেওঁৰ প্ৰাণে শান্তি পাব। কিন্তু তেওঁলোকৰ সম্প্ৰদায়ত ইন্দিৰাক বিয়া দিব পৰাৰ জোখেৰে উপযুক্ত ল'ৰা তেওঁৰ চকুত পৰাই নাছিল। আনহাতে সেই সময়ত সমাজত অসবৰ্ণ বিবাহৰো প্ৰচলন হোৱা নাছিল; প্ৰেমত পৰি কোনোবা ল'ৰা বা ছোৱালীয়ে তেনে বিবাহ বন্ধনত সোমালেও তেওঁলোক সমাজৰ গৰিহণা বা শাস্তিৰ সন্মুখীন হবলগীয়া হৈছিল। তেনে পৰিস্থিতিত ছোৱালীৰ বিয়াৰ সমস্যাই সেনাপতিদেৱক বিশেষ ভাবে চিন্তিত কৰি তুলিছিল। ইতিমধ্যে পঢ়া-শুনাৰ সামৰণি পৰাত ইন্দিৰাই শ্বিলঙৰ ঘৰত শুই বহি দিন কটাবলগীয়া হৈছিল। সেই সময়ত মণিপুৰৰ মহাৰাজৰ শ্বিলঙতো এটি প্ৰাসাদ আছিল আৰু সেই সূত্ৰে ৰাজপৰিয়ালে গ্ৰীষ্মকালৰ দিনকেইটা শ্বিলঙত কটাইছিল। সেনাপতিৰ উচ্চ শিক্ষিতা কন্যা ঘৰত নিষ্কৰ্ম্মা হৈ বহি থকা বুলি গম পাই মণিপুৰৰ ৰজাই তেওঁলৈ খবৰ পঠিয়ালে যে তেওঁৰ পুত্ৰ আৰু কন্যা দুটিৰ পঢ়া শুনা চাই দিবৰ বাবে ইন্দিৰাক গৃহ শিক্ষয়িত্ৰী ৰূপে পালে অতি আনন্দিত হব। এনেয়ে সময় কটোৱাতকৈ ৰজা ঘৰত গৃহ- শিক্ষকতাৰ সোৱাদ লবলৈকে মনস্থ কৰি ইন্দিৰাই সেই প্ৰস্তাৱত সন্মতি জনালে। ৰাণীয়ে তেওঁক নিবলৈ এখন হালধীয়া ৰঙৰ গাড়ী পঠিয়াই দিয়ে; ঘৰত থবলৈ আহোতে গাড়ীত পাচি ভৰাই আম, প্লাম, নাচপতি আদি বিবিধ ফল দি পঠিয়ায়। ঘৰৰ লৰা ছোৱালীহঁতে বায়েক উভতি আহোতে কি আনিছে চাবলৈ আৰু খাবলৈ ৰৈ থাকে। তেওঁক অনা নিয়া কৰা গাড়ীখনক ৰাজপৰিয়ালে ‘ওজাৰ গাড়ী' বুলি কৈছিল। মণিপুৰীসকলে শিক্ষা গুৰুক হেনো ‘ওজা’ বোলে। কেইবামাহো আন্তৰিকতাৰে গৃহ শিক্ষকতা কৰাৰ পিছতো পাৰিশ্ৰমিকৰ মুখ নেদেখি শিক্ষয়িত্ৰীৰ মন বিমৰিষ। তেনে সময়তে গুৱাহাটীৰ পানবজাৰ স্কুলত শিক্ষয়িত্ৰীৰ পদ এটি যোগাব হোৱাত তেওঁ যেতিয়া শ্বিলং এৰি আহিবলৈ ওলাল তেতিয়া ৰাজপৰিয়ালে ১৪