সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

সেৰেঙা জনবসতি। নেফাৰ মানুহে তেতিয়ালৈ শিক্ষা-দীক্ষা নেলাগে, সভ্যতাব পোহৰেই ভালকৈ পোৱা নাছিল। বহুতে লজ্জা নিবাৰণৰ আৱশ্যকতাও তেতিয়ালৈকে অনুভৱ কৰা নাছিল। একেবাবে অজ্ঞ, হিংস্ৰ পাহাৰীয়া জাতিবোৰৰ মাজত সেইকালত মানুহৰ মূৰ কটা (Head hunting) অতি সাধাৰণ কথা আছিল। তেওঁলোকৰ কিছুসংখ্যকে ককালত কাপোৰ নেৰাখিলেও ককালৰ পৰা এখন বা দুয়োফালে দুখন দা ওলোমাই লৈ ফুৰিছিল। অকা, ডফলা, নগা, আবৰ, মিচিমি, চিংফৌ, খাটি, মন্‌পা, চাৰদুক্‌পেন আদি বিভিন্ন জনজাতিৰ বাসস্থান এই নেফা অঞ্চল। ইংৰাজৰ শাসনাধীন হোৱাৰ পিছত বিদেশী শাসক সকলে অঞ্চলটোত জৰীপ কাৰ্য্য চলাইছিল; জিলাৰ সদৰ আৰু প্ৰধান ঠাইবোৰলৈ যাতায়তৰ সুচলাৰ্থে কিছু ৰাস্তা-ঘাট নিৰ্ম্মাণ কৰিছিল; আবৰ পাহাৰৰ পাছীঘাট, মিছিমি পাহাৰৰ দেনি আদি ঠাইত ডাক-বঙলা সজাইছিল। কিন্তু তেওঁলোকে সেই দুৰ্গম অঞ্চলত নিকপীয়া শাসন ব্যৱস্থা প্ৰৱৰ্ত্তন কৰিব পৰা নাছিল; স্থানীয় মুখিয়াল লোকসকলক ভাৰ-ভেটীৰে সন্তুষ্ট কৰি তেওঁলোকৰ সহায়তে নাম মাত্ৰ শাসন ব্যৱস্থা বৰ্ত্তাই ৰাখিছিল। দেশৰ শাসনভাৰ জাতীয় চৰকাৰৰ হাতলৈ অহাৰ পিছত নেফা অঞ্চল ভাৰত চৰকাৰৰ বহিঃ পৰিক্ৰমা দপ্তৰৰ অধীনত ৰখা হৈছিল, কিয়নো ভাষা, সংস্কৃতি, সামাজিক পৰিবেশ সকলো ক্ষেত্ৰতে দেশৰ বাকী অঞ্চলতকৈ সম্পূৰ্ণ বেলেগ সেই জনজাতীয় অঞ্চলসমূহত ভাৰতীয় প্ৰশাসন ব্যব ব্যৱস্থাত প্ৰযোজ্য নিয়ম-নীতি, আইন-কানুন থিতাতে প্ৰয়োগ কৰাটো উচিত নহব বুলিয়েই কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিছিল। নেফা সম্পৰ্কে ভাৰত চৰকাৰৰ নীতি নিৰ্দ্ধাৰণ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। পোনতে, ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে অসমৰ ৰাজ্যপালেই শ্বিলঙত কাৰ্য্যালয় পাতি নেফাৰ শাসনৰ দায়িত্ব বহন কৰিছিল। ৰাজ্যপালৰ এজন উপদেষ্টাৰ অধীনত আইন উপদেষ্টা, অৰ্থনৈতিক উপদেষ্টা, জনজাতি বিষয়ক উপদেষ্টা আৰু স্বাস্থ্য, কৃষি, শিক্ষা, অভিযান্ত্ৰিক, বন আদি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলে নিজ নিজ ক্ষেত্ৰত শাসন কাৰ্য্য পৰিচালনা কৰিছিল। গতিকে সেই বিষয়া সকলৰ হাতত অপৰ্য্যাপ্ত ক্ষমতা আছিল। - পোনতে নেফা অঞ্চল বালিপাৰা সীমান্ত ভূভাগ আৰু শদিয়া সীমান্ত ভূভাগ - এই দুই খণ্ডত বিভক্ত আছিল। ১৯৪২ চনত শদিয়া সীমান্ত অঞ্চলৰ পৰা একাংশ ফালি নি টিৰাপ সীমান্ত ভূভাগ গঠন কৰা হয়। পিছলৈ বালিপাৰা অঞ্চলো দুভাগ হয়। ১৯৪৮ চনৰ পৰা শদিয়া অঞ্চলৰ বাকী অংশ আবৰ পাহাৰ আৰু মিচিমি পাহাৰ নামে জনাজাত হয়। অৱশেষত শাসনৰ সুবিধাৰ্থে ১৯৫৪ চনত সমগ্ৰ নেফা অঞ্চলক নতুনকৈ কামেং, সোৱনশিৰি, ছিয়াং, লোহিত, টিৰাপ আৰু টুৱেনচাং – এই ছখন জিলাত বিভক্ত কৰা হয়। প্ৰতিখন জিলাৰ শাসনৰ মূল দায়িত্ব একোজন পলিটিকেল অফিচাবৰ হাতত। নগা বসতি ২২ -