সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

‘সেনাপতি পুৰী’ নামে জনাজাত, পুখুৰীটোৰ পূৱ দিশত অৱস্থিত তেওঁলোকৰ পুৰণি বাসভৱনত আহিন মাহৰ শুক্লা দশমী তিথি অৰ্থাৎ বিজয়া দশমীৰ দিনা যেতিয়া ইন্দিবাই পৃথিৱীৰ পোহৰ দেখিছিল সেইদিনা একে সময়তে ঘৰখনৰ আন এটা কোঠাত তেওঁৰ - ককাদেউতাক ভদ্ৰাম সেনাপতিৰ মৃত্যু ঘটিছিল। এহাতে পিতৃক হেৰুৱাই আনহাতে লাভ কৰা এই কন্যা ৰত্নটিক দেউতাক সোণাধৰ সেনাপতিয়ে ‘পিতৃ বিনিময়ী মা' বুলি আদব কৰিছিল। পিছে তেনে দুৰ্যোগৰ মুহূৰ্ত্তত পৃথিৱীলৈ অহা কথাষাৰে জনা হবৰে পৰা ছোৱালীটি মনোজগতত এটা মুছিব নোৱাৰা দাগ বহুৱাইছিল। সোণাধৰ সেনাপতিৰ প্ৰথমা পত্নীৰ নিঃসন্তান অৱস্থাতে মৃত্যু ঘটাত তেওঁ পুনৰ্বিবাহ কৰায়। দুৰ্ভাগ্যক্ৰমে এটি পুত্ৰ সন্তান জন্ম দি সেই গৰাকীও মৃত্যুমুখত পৰে। পিছত তেওঁ যোৰহাটৰ ৰায়চাহাব সভাৰাম দাসৰ ভনীয়েক দিব্যকান্তিক বিয়া কৰায়। ইন্দিৰা তেওঁৰেই প্ৰথম সন্তান। দুৰ্দৈবাৎ পেটমোছা ল'ৰা সন্তানটিৰ জন্মৰ তিনিদিনৰ পিছতে চাৰিটি সন্তান এৰি দিব্যকান্তি দাসেও ইহলীলা সামৰে। সেইকালত উন্নত চিকিৎসা আৰু উপযুক্ত তদাৰকৰ অভাৱত তিৰোতাৰ প্ৰসৱকালীন মৃত্যু সাধাৰণ কথা আছিল। কিছুদিনৰ পিছত সেনাপতিয়ে নগাঁৱৰ শিঙিয়া পোতনি গাঁৱৰ পৰা কুৰংগনী নামে চতুৰ্থ গৰাকীক বিয়া কৰাই আনে। সেই গৰাকী পত্নীয়ে পাচোটি পুত্ৰ আৰু তিনি গৰাকী কন্যা জন্ম দিয়ে। সংস্কৃতজ্ঞ পিতৃ সোণাধৰে ইন্দিৰাৰে আৰম্ভ কৰি তেওঁৰ তেৰটি সন্তানৰ অধিকাংশৰে পদুম ফুলৰ বিভিন্ন নামেৰে নামকৰণ কৰে। ইন্দিৰা' শব্দৰ এটা অৰ্থ হ'ল নীলা পদুম। তেওঁৰ এই পদুম প্ৰীতি নাতি- পুতিৰ নামলৈকে বাগৰে। ইন্দিৰা মিৰিৰ পুত্ৰ দুটিৰ নাম উৎপল আৰু মৃণাল। বিয়াৰ পিছত ইন্দিৰা সেনাপতি ইন্দিৰা মিৰি নামে পৰিচিত হয়। সোণাধৰ সেনাপতিৰ পূৰ্ব্ব-পুৰুষৰ বাসস্থান আছিল পূৰ্ব্বৰ অবিভক্ত শিৱসাগৰ জিলাৰ সদৰ ঠাই, একে নামৰ চহৰখনৰ গাতে লগা অৰ্জ্জুনগুৰি নামে গাঁৱত। তেওঁলোক জাতত বনিয়া, বৃত্তিত সোণাৰী আছিল। তেওঁলোকৰ স্বৰ্ণ শিল্পৰ বৈশিষ্ট্য আছিল বাখৰ পতোৱা সোণৰ আ-অলংকাৰ গঢ়া। সোণাধৰ সেনাপতিৰ উপৰি পুৰুষ ‘দাস' উপাধিধাৰী আছিল। ৰজা গৌৰীনাথ সিংহৰ দিনৰ এজন ৰাজ বিষয়াই লিপিবদ্ধ কৰি থৈ যোৱা এটি টোকাৰ পৰা জনা যায় যে সোণাধৰৰ পিতৃ ভদ্ৰাম সেনাপতিৰ আজোককাক ভোটোং নামৰ ব্যক্তিগৰাকীয়ে মৰাণ বিদ্ৰোহৰ সময়ছোৱাতে আহোম ৰজাৰ পৰা ‘সেনাপতি’উপাধি লাভ কৰে। সেই বিদ্ৰোহৰ সময়ত আহোম ৰজাৰ সৈন্যবল টুটি অহাত প্ৰজাক উপযুক্ত ৰক্ষণাবেক্ষণ দিবলৈ অসমৰ্থ হৈছিল আৰু ৰাইজে নিজৰ মাজৰে একোজনক সেনাপতি পাতি লৈ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিছিল। তেনেদৰে পাতি লোৱা দহজন সেনাপতিৰ ওপৰত ভোটোং বৰ সেনাপতি নিৰ্বাচিত হৈছিল। তেতিয়াৰে পৰা পৰিয়ালটিয়ে সেনাপতি উপাধি