সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

নিযুক্তি দিয়া হয়। পিছত প্ৰকৃতিবিদ্ E.P.Gee চাহাবে মহীচন্দ্ৰ মিৰি সম্পৰ্কে এইদৰে উচ্চ মত প্ৰকাশ কৰিছিল, “He is the man who put Kajiranga in the map of the world,” – মহীচন্দ্ৰ মিৰিৰ চেষ্টাতে পৃথিৱীৰ মানচিত্ৰত কাজিৰঙাই স্থান লাভ কৰিছিল। কথাষাৰ তিলমানো অতিৰঞ্জিত নাছিল। সেই সময়ত কাজিৰঙা চোৰাং চিকাৰীৰ স্বৰ্গ আছিল। বহু দূৰ-দূৰণিৰ পৰা অসংখ্য চিকাৰী তালৈ গৈ নিৰ্বিবাদে গড় নিধন কৰি আপুৰুগীয়া খড়গ সংগ্ৰহ কৰিছিল। মহীচন্দ্ৰই অভাৱনীয় কষ্ট স্বীকাৰ কৰি চোৰাং চিকাৰ পাৰ্য্যমানে বন্ধ কৰিছিল আৰু অঞ্চলটোৰো যথেষ্ট উন্নতি সাধন কৰিছিল। তেওঁ হেনো পুৱা তিনি বজাতে শোৱাপাটী এৰি হাতীৰ পিঠিত উঠি অঞ্চলটোত তহল দিছিল। ওচৰৰে এটা টিলাৰ বিশেষ এডোখৰ ঠাইত বহি তেওঁ বাইনোকুলাৰৰ সহায়ত চতুৰ্দিশ নিৰীক্ষণ কৰিছিল আৰু ক'ৰবাত চোৰাং চিকাৰীৰ দল দেখা পালেই নিজৰ বিপদৰ কথা চিন্তা নকৰি সাহসেৰে সিহঁতৰ পিছ লৈছিল। সম্প্ৰতি সেই টিলাটোতে এটি নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰি মহীচন্দ্ৰ মিৰিৰ নামেৰে নামকৰণ কৰা হৈছে। এইদৰে দুৰ্গম অঞ্চলত সপৰিয়ালে কিছুদিন থকাৰ পিছত চোৰাং চিকাৰীৰ দৌৰাত্ম্য কিছু নিয়ন্ত্ৰনলৈ অহাত মিৰিদেৱে গোলাঘাটলৈ তেওঁৰ কাৰ্য্যালয় স্থানান্তৰিত কৰে। কিছুদিন তেওঁ ডিভিজনেল ফৰেষ্ট অফিচাৰ হিচাপে যোৰহাটতো আছিল। সেই সময়তে কাজিৰঙা অভয়াৰণ্যৰ বুৰঞ্জীত পোন প্ৰথম বাৰৰ বাবে এটি জীয়া গড় ধৰি আমেৰিকা যুক্তৰাজ্যলৈ চালান দিয়া হয়। এসময়ত চিকাৰত মহীচন্দ্ৰৰ বিশেষ চখ আছিল। সাপ ধৰা, হাতী ধৰা, বৰশী বোৱা আদি বিদ্যাত তেওঁ পাকৈত আছিল। পিছলৈ তেওঁ চিকাৰী বৃত্তি সম্পূৰ্ণ ভাৱে এৰি দি বন্য প্ৰাণী সংৰক্ষণত দেহে কেহে লাগে। নগাঁও জিলাৰ কুঠৰিৰ, বিশিষ্ট অভিনেতা, ঘনিষ্ঠ বন্ধু চন্দ্ৰ ফুকন এইবোৰ কামত তেওঁৰ সহযোগী আছিল। যোৰহাটত কিছুদিন কটোৱাৰ পিছত তেওঁ পুনৰ গোলাঘাটলৈ আহে। সপৰিয়ালে গোলাঘাটত বাস কৰি থকা অৱস্থাতে তেওঁ হঠাতে জ্বৰত পৰে। ডাক্তৰে সেই জ্বৰ ‘ব্লেক ৱাটাৰ ফিভাৰ’ (Black water fever) বুলি চিনাক্ত কৰে। বনাঞ্চলত কাম কৰা লোকৰহে হেনো সেই জ্বৰ হয়। হাবিৰ মাজত ঘূৰি ফুৰোতে কেতিয়াবা সেই ৰোগৰ সংক্ৰমন ঘটে। চিকিৎসাৰ বাবে ডাক্তৰ সকল আহিল; যোৰহাটৰ পৰা অহা চিভিল চাৰ্জনজনে ‘আহই' নামৰ এবিধ গছৰ পাত সিজা‍ই ৰস চেপি খুৱাবলৈ নিৰ্দ্দেশ দিলে। কিয়নো ডাক্তৰৰ মতেও সেইবিধ বনদৰৱ সেই জ্বৰৰ অব্যৰ্থ ঔষধ। আচৰিত কথা, যিবোৰ অঞ্চলত এই ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ থাকে সেইবোৰ অঞ্চলতে হেনো ‘আহই’ গছো থাকে। বিচাৰ খোচাৰ কৰি পাত আনি যেতিয়া ৰস প্ৰস্তুত কবি বোগীৰ মুখত দিয়া হ'ল তেতিয়ালৈ তেওঁৰ অৱস্থা জটিল; কোনো বস্তু পেটলৈ নেযায়, যি খুৱায় সেয়ে বমি হৈ ওলাই যায়; গতিকে ঔষধ পেটলৈ নগ'ল। ১৭