সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

পাছীঘাটত, এখন শদিয়াত আৰু ৩ য় খন মেকাত। পাছীঘাটৰ স্কুলখন টানমুদ মৰাং নামৰ এজন মিৰিলোকে চলাইছিল। শদিয়াৰ খনৰ দায়িত্বত আছিল খ্ৰীষ্টিয়ান মিছনেৰী; চিলিণ্ডাৰ চাহাব নামে খ্যাত এজন ইউৰোপীয়ৰ তত্ত্বাবধানত সেইখন চলিছিল। মেকাৰ স্কুলখনৰ শিক্ষক আছিল ডুগিয়ন লেগো নামে এজন আবৰ লোক। তিনিওখনৰে মাধ্যম অসমীয়া আছিল। তিনিওখনতে অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমেই চলিছিল। পৰীক্ষা-পাতিও অসমৰ শিক্ষা বিভাগৰ নীতি নিয়ম অনুসৰি চলোৱা হৈছিল। প্ৰাথমিক বিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰসকলে আহি শদিয়াৰ চৰকাৰী হাইস্কুলত নাম লগাই অসমীয়া মাধ্যমেৰেই শিক্ষা গ্ৰহণ কৰিছিল। সেই সময়ত শদিয়া হাইস্কুলৰ শিক্ষাৰ মান যথেষ্ট উন্নত আছিল। স্কুলৰ শিক্ষা দানৰ দায়িত্বত আছিল তেজপুৰৰ গোপী মেধী, যোৰহাটৰ মদন বৰদলৈ, গোপাল বৰদলৈ, নৰেন বৰদলৈ, বিদ্যা শৰ্ম্মা প্ৰমুখ্যে নিষ্ঠাবান শিক্ষকসকল। সহকাৰী শিক্ষা-বিষয়া মেলিন চাইমনৰ সৈতে শ্বিলঙৰ পৰা যাত্ৰা কৰি ভৰা ব্ৰহ্মপুত্ৰ মাৰ নাৱেৰে পাৰ হৈ ইন্দিৰা মিৰি নেফাত উপস্থিত হয়; তাত কেইদিন মান ঘূৰি পকি পৰিবেশ আৰু পৰিস্থিতি অধ্যয়নৰ অন্তত তেওঁ পলিটিকেল অফিচাৰ্ব্বয় পি. এল. জেম্‌হ্ আৰু ইমদাদ আলীৰ সৈতে আলোচনা কৰি ৰাজ্যপালৰ উপদেষ্টা ৱাকাৰ চাহাবলৈ এক লিখিত প্ৰতিবেদন পঠিয়ালে, তাৰ লগতে ভবিষ্যৎ কাৰ্য্যপন্থাৰ আঁচনি এখনো গাথি দিলে। তেওঁ জনালে যে জনজাতিৰ ল'ৰা- ছোৱালীৰ শিক্ষা-ব্যৱস্থা ফলপ্ৰসূ কৰিবলৈ হ'লে পোনতে সিহঁতক ভালদৰে জানি বুজি লব লাগিব। জনজাতীয় সকলৰ আচাৰ-আচৰণ, আশা-আকাঙ্খা, অভাৱ-অভিযোগ ভালদৰে বুজি পাবলৈ হ'লে শিক্ষা-বিষয়া তেওঁলোকৰ মাজত বা নিচেই কাষতে থাকিব লাগিব। অসম আৰু নেফাৰ সীমাৰেখাত অৱস্থিত শদিয়ালৈ যিহেতুকে জনজাতীয় লোকৰ অতি সঘন অহাযোৱা গতিকে শিক্ষা-বিষয়া হিচাপে তেওঁ শদিয়াতে থাকিব খোজে। দ্বিতীয়তে, যিহেতু জনজাতীয় ল'ৰা ছোৱালীক শিক্ষা দিব পৰা তেওঁলোকৰ নিজ জনগোষ্ঠিৰ কোনো লোক তেতিয়ালৈকে ওলোৱা নাই সেয়ে অসমীয়া বা অন্ততঃ অসমীয়া জনা মানুহকহে পোনতে শিক্ষক হিচাবে নিযুক্ত দিব লাগিব, কাৰণ তেওঁৰ তালৈ গৈ অভিজ্ঞতা হৈছিল যে পৰ্ব্বতীয়া জাতিয়ে নিজৰ নিজৰ দোৱানৰ বাহিৰে বুজি পোৱা একমাত্ৰ ভাষা আছিল অসমীয়া। তদুপৰি উপযুক্ত প্ৰশিক্ষণ অবিহনে ভৈয়ামৰ অজনজাতীয় লোকে থলুৱা জনজাতীয়সকলক শিক্ষা দিয়াটো সম্ভৱপৰ কথা নহব। গতিকে শদিয়াত পোনতে এটি শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি তুলিব লাগিব। সেই অনুষ্ঠান শদিয়াতে পতাৰ যুক্তিযুক্ততা দেখুৱাই তেওঁ কৈছিল যে শদিয়াৰ পৰা যে অকল আবৰ আৰু মিচিমি পাহাৰেই ওচৰ হব এনে নহয়, ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ ভাল ব্যৱস্থা হলে টিৰাপ, সোৱনশিৰি, বালিপাৰা আদি অঞ্চললৈকো সহজে যাব পৰা হব। সুখৰ কথা, চৰকাৰে শিক্ষা-বিষয়া গৰাকীৰ সেই 28