সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ইন্টামিডিয়েট শ্ৰেণীত তেওঁৰ বিষয় আছিল অঙ্ক, সংস্কৃত আৰু লজিক, স্নাতক শ্ৰেণীত আছিল দৰ্শন আৰু সংস্কৃত। ইংৰাজীত অনাৰ্চ লৈছিল যদিও পৰীক্ষা দিয়া নহ'ল। স্কুলত মাতৃভাষা হিচাপে বঙলাকে পঢ়িবলগীয়া হৈছিল যদিও কলিকতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অসমীয়া বিষয়টোও আছিল বাবে কলেজত তেওঁ অসমীয়া লৈছিল। সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষক আছিল বিশিষ্ট অসমীয়া কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱ। অসমীয়া বিষয় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছিল বাবে তেওঁ কেইবাখনো কলেজৰ লৰা ছোৱালীক একেলগে বহুৱাই পাঠদান কৰিছিল। ইন্দিৰাই এইজন শিক্ষকৰ তলতে প্ৰথম অসমীয়া বিষয়ৰ পাঠ গ্ৰহণ কৰিছিল। সৰুৰে পৰা বঙলা পঢ়ি অসমীয়া বিষয়ৰ পৰীক্ষা দিবলগীয়া হোৱাত তেওঁৰ কিছু অসুবিধা হৈছিল। বন্ধত ঘৰলৈ আহোতে দেউতাকৰ অনুৰোধক্ৰমে সুসাহিত্যিক সূৰ্য্য কুমাৰ ভূঞাদেৱে সেই বিষয়ত তেওঁক কিছু চাই চিতি দিছিল। ভূঞাদেৱ দেউতাকৰ বন্ধু আছিল আৰু সেই সূত্ৰে মাজে সময়ে তেওঁলোকৰ ঘৰলৈ আহিছিল। ১৯৩২ চনত তেওঁ বি এ পৰীক্ষা দি স্নাতক ডিগ্ৰী লাভ কৰে। সেই যুগৰ অসমীয়া ছোৱালীৰ বাবে সেয়া এক ডাঙৰ সাফল্য বুলিয়েই কব পাৰি। ১৯২১ চনৰ পৰা ৩২ চনলৈকে সুদীৰ্ঘ কালছোৱা কলিকতাত কটাই তেওঁ ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুতিৰ চিন্তাৰে অসমলৈ উভতি আহিল। কলিকতাৰ সৈতে এই দীৰ্ঘ দিনৰ সম্পৰ্কৰ বাবেই হয়তো তেওঁ অনুভৱ কৰে বংগীয় ভাষা সাহিত্য, বিশেষকৈ ৰবীন্দ্ৰনাথৰ গীত ও কবিতাৰ প্ৰতি এক গভীৰ আকৰ্ষণ। কলেজীয়া জীৱনৰ বছৰকেইটা তেওঁ খ্ৰীষ্টিয়ান মিছনেৰীৰ হোষ্টেলত কটোৱা বাবে শিক্ষা জীৱনত ইন্দিৰাই কোনো দিনেই জাতি বৈষম্যৰ তিক্ততা অনুভৱ কৰিবলগীয়া নহ'ল। ১৩