সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

আগকথা নেফা তথা অসমৰ শিক্ষা জগতলৈ স্বনামধন্যা শিক্ষাবিদ ইন্দিৰা মিৰিৰ অৱদান অবিস্মৰণীয়। চল্লিশৰ দশকত নেফাত শিক্ষা বিভাগৰ মূৰববী বিষয়াৰূপে এমুঠি নিষ্ঠাবান অসমীয়া শিক্ষক বিষয়াৰ সহযোগত শিক্ষাৰ প্ৰথম ভেটিটো বান্ধোতে তেওঁ অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ আৰু অসমীয়া লিপি প্ৰৱৰ্ত্তনৰ ব্যৱস্থা কৰি পৰ্ব্বত-ভৈয়ামৰ মাজত পুৰণি স্নেহবন্ধন দৃঢ় কৰাৰ প্ৰচেষ্টা চলোৱাৰ লগতে অসমীয়া কলা-কৃষ্টিকো পাহাৰীয়া ভাই-ভণীসকলৰ মাজত জনপ্ৰিয় কৰি তুলি অসমীয়া জাতি, অসমীয়া ভাষালৈ উৎকৃষ্ট সেৱা আগবঢ়াইছিল। এইগৰাকী মহিলাৰ জীৱনটোৱেই সমন্বয়ৰ এক উজ্জ্বল দৃষ্টান্ত, ই প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে অজেয় মানৱাত্মাৰ সংগ্ৰামৰো এক ইতিহাস। এনে এক জীৱন সৰ্ব্বসাধাৰণ মানুহৰ বাবে, ঘাইকৈ উঠি অহা প্ৰজন্মৰ বাবে নিঃসন্দেহে প্ৰেৰণাৰ উৎস। এই ক্ষয়িষ্ণু পৃথিবীত মানুহৰ নিষ্ঠা, সততা, একাগ্ৰতা, নিৰ্ম্মল সেৱাই উপযুক্ত স্বীকৃতি পোৱা উচিত। এনে এক বৰেণ্য জীৱন কালৰ সোঁতত পাহৰণিৰ গৰ্ভত যাতে হেৰাই নেযায় তেনে এক সদিচ্ছাৰেই এই জীৱনী ৰচনাৰ নিঃকিন প্ৰচেষ্টা মানুহ হিচাপে জীৱন-চৰিতৰ নায়ক বা নায়িকাগৰাকীৰ ব্যক্তিত্ব, চিন্তাধাৰা আৰু কৰ্ম্মৰাজি তাৰ পটভূমিৰ সৈতে পোহৰাই তুলি সেইজনাৰ এক হুবহু প্ৰতিকৃতি পাঠকৰ আগত দাঙি ধৰাই হৈছে আধুনিক জীৱনী ৰচনাৰ উদ্দেশ্য। অতি ওচৰৰ পৰা ব্যক্তিগৰাকীৰ জীৱনৰ খুটি-নাটি, কথা-বতৰা, আচাৰ-আচৰণ লক্ষ্য কৰি যত্ন সহকাৰে প্ৰস্তুত কৰিলে জীৱনী-সাহিত্য জীৱনৰ সঁচা ছবি হোৱাৰ লগতে উপন্যাসৰ দৰে সৰস ও মনোগ্ৰাহীও হব পাৰে। হয়তো তেনে ধাৰণাৰ বশৱৰ্ত্তী হৈয়েই প্ৰথিতযশা ইংৰাজ সাহিত্যিক ডঃ ছেমুৱেল জনচনৰ জীৱনী লিখাৰ সংকল্প লৈ জীৱনীকাৰ জেম্‌চ্ বছৱেলে সুদীৰ্ঘকাল তেওঁৰ লগত ছাঁৰ দৰে ঘূৰি ফুৰিছিল। অৱশ্যে তেনে তৎপৰতা সকলোৰে পক্ষে সম্ভৱপৰ নহয়। তথাপিতো, ব্যক্তিগৰাকী ইহসংসাৰ ত্যাগ কৰি যোৱাৰ পিছত তেওঁৰ বিষয়ে পঢ়ি বা ইজন-সিজনৰ মুখ বাগৰি অহা কথা শুনি লিখাতকৈ জীৱিত কালতে তেওঁৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব পাৰিলে সেই ৰচনা অধিক প্ৰামাণ্য, অধিক জীৱন্ত হোৱাৰ থল থাকে তেনে বিশ্বাসেৰেই বয়োবৃদ্ধা মহিলাগৰাকীৰ ওচৰ চাপিছিলো। মোৰ অভিপ্ৰায় জনাই সেই ক্ষেত্ৰত তেখেতৰ সহায় বিচৰাত প্ৰচাৰ বিমুখ মানুহগৰাকীয়ে পোনতে তেখেতৰ হাতত কোনো তথ্য-পাতি নাই বুলি মোক সেই সংকল্প ত্যাগ কৰিবলৈ কৈছিল। কিন্তু