সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ গোসাঁই ঘৰত নামঘোষা, কীৰ্ত্তন, গীতা, উপনিষদ, ভাগৱত, বাইবেল, ব্ৰাহ্ম সংগীত আদি বিভিন্ন পুথি আছে৷ নামঘোষা তেওঁৰ প্ৰিয় গ্ৰন্থ। প্ৰাৰ্থনাৰ শেষত গাখীৰ কল,জলপানেৰে প্ৰাতঃভোজন কৰে। কিতাপ কাগজ পঢ়াৰ পিছত দহমান বজাত ফলৰ ৰস খায়। দুপৰীয়া কম পৰিমানে ভাতৰ সৈতে দাইল, মাছৰ জোল, শাক-পাচলি, চালাদ আদি খায়৷ মাংস, কনী নেখায়; ৰসগোল্লা তেওঁৰ প্ৰিয় মিঠাই। আবেলিৰ চাহ কাপেৰে সৈতে তেওঁ প্ৰায়ে এটা ৰসগোল্লা খায়। ৰাতি দাইল, সিজোৱা পাচলি আৰু এচকল ৰুটি খাই ন বজাত শুবলৈ যায়। তেওঁৰ ঘৰৰ পিছফালৰ অংশটো খোলা। তাত অনবৰত মুক্ত বায়ুৰ অবাধ চলাচল। তাতেই তেওঁ দিনটোৰ অধিকাংশ সময় অতিবাহিত কৰে। সেইখিনিতে থকা ডাঙৰ মেজখনত তেওঁৰ লিখা পঢ়া, খোৱা, আলহী সোধ-পোচ কৰা - সকলো কাম চলে। পিছ পিনৰ বাৰীত ফুল আৰু শাক পাচলিৰ খেতি। বাৰীত শাক পাচলি ৰুই নিজে খাই আনকো বিলোৱাত তেওঁৰ বৰ আনন্দ।
 জীৱনৰ জোখ কথাৰে নহয়, কামেৰেহে হয়। ইন্দিৰা মিৰি কামৰ মানুহ। এই বয়সতো জনকল্যাণমুখী যি কোনো কামতে তেওঁ আগ্ৰহ প্ৰকাশ কৰে। আজিৰ পৰা তিনিকুৰি বছৰ আগতে অন্ধকাৰত ডুব গৈ থকা নেফাৰ গাঁৱে গাঁৱে তেওঁ যি জ্ঞানৰ বন্তি জ্বলাই আহিছিল আজি সি সহস্ৰ বন্তি হৈ অৰুণাচল প্ৰদেশ পোহৰাই তুলিছে। সেই সাৰ্থকতাৰ যি আনন্দ, যি তৃপ্তি, জীৱনৰ গধূলি বেলিকা সি তেওঁক সুখে শান্তিৰে জীয়াই থকাৰ অৱলম্বন দিছে। কৰ্ম্মযোগী সেই নাৰীৰ উত্তৰ পুৰুষলৈ বাণী – কৰ্ম্মত প্ৰবৃত্ত হোৱা – ‘সৰ্ব্বজন হিতায়, সৰ্ব্বজন সুখায়' সৃষ্টিশীল, অনিন্দ্য কৰ্ম্মত।
 জীৱন-যুজৰ সাহসী যুজাৰু সেই মহীয়সী নাৰীলৈ অন্তৰৰ প্ৰণাম যাচিছো। ভাৰতীয় মহা মনীষাৰ প্ৰাণৰ যি আকুতি – “পশ্যেম শৰদঃ শতং/জীৱেম শৰদঃ শতং/শৃনুয়াম শৰদঃ শতম্” – সেই অভীপ্সাই যেন তেওঁৰ জীৱনত পূৰ্ণতা লাভ কৰে।

•••

৫৭