সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

সৈতে সম্পর্ক স্থাপন হোৱা বাইদেৱে অগম্য মিচিং গাঁৱব জনজীৱনৰ প্ৰতি পৰম স্নেহ আক শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল ৷ বাইদেউৰ মুখে শুনিছিলো তেখেতৰ শহৰ দলে মিৰিব শিক্ষাৰ প্ৰতি থকা একান্ত আগ্ৰহৰ কথা। নিজে লিখা পঢ়া নেজানিছিল যদিও মানুহজনে শিক্ষাৰ প্রতি অসীম ধাউতি বুকুত লৈ পুতেক মহীচন্দ্ৰক কান্ধত লৈ, ভায়েক বীচন্দ্ৰক হাতত ধৰি কেবামাইলো দুৰ্গম বাটৰ বোকা পানী খচি আঁতৰৰ পঢ়াশালিলৈ অনা নিয়া কৰিছিল । অতি পৰিতাপৰ কথা যে স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজত পঢ়ি থকা অৱস্থাতে বীৰুচন্দ্ৰৰ অকস্মাৎ অকাল মৃত্যু ঘটে। মিচিং সমাজৰ প্ৰথম বিজ্ঞান স্নাতক, প্রথম প্রশাসনীয় বিষয়া ৰূপে জাতিৰ মুখ উজলোৱা মহীচন্দ্ৰ মিৰিয়েও ভৰ ডেকা বয়সতে ইহলীলা সামৰে। অস্তৰাগৰঞ্জিত জীৱনৰ বিয়লি বেলাতো ইন্দিৰা বাইদেউৰ মানসিক সজীৱতা, ব্যক্তিত্বৰ স্নিগ্ধতা, হৃদয়ৰ অন্তঃস্থলৰ পৰা উৎসাৰিত স্নেহস্পৰ্শৰ কোনো ব্যতিক্রম ঘটা নাই। বাইদেউৰ কাষত এখন্তেক বহিলেই মন ভৰি উঠে। শতবৰ্ষৰ পুণ্যস্পৰ্শেৰে বাইদেউৰ জীৱন পাত্ৰ পূৰ্ণ হওঁক – ইয়াকে কামনা কৰোঁ । ড° সুচিত্রা কাকতী মোক যদি কোনোবাই কৃতী শিক্ষয়িত্ৰী বুলি কব খোজে তাৰ গুৰিতে আছে চিন্তাশীল ব্যক্তি তথা মানবীয় গুণৰাজিৰ উৎকৰ্ষ সাধন কৰি প্ৰকৃত মানুহ গঢ়োতা শ্ৰীযুতা ইন্দিৰা মিৰি। শিক্ষা জগতত বাইদেউৰ অৰিহণাৰ কথা সকলোৱে জানে ৷ এগৰাকী সুবক্তা হিচাবে বাইদেউৰ খ্যাতি আছে। শিক্ষকতাক জীৱনৰ ব্ৰত হিচাবে লোৱাত বাইদেৱে মোক অনুপ্ৰাণিত কৰিছিল ৷ “মানুহ গঢ় দিয়া, উপযুক্ত মানুহ কেৱল শিক্ষকেহে গঢ়িব পাৰে - -- ভাল শিক্ষক হব লাগে - ত্যাগ কৰিব লাগে - - - - ।” বাইদেউৰ কথাবোৰ যেন এতিয়াও মোৰ কাণত বাজি আছে। মহিলাৰ যে ইমান শক্তি আছে তাৰ উমানো পাইছিলো বাইদেউৰ সংস্পৰ্শলৈ আহি, তেখেতৰ সংকটময় সংগ্ৰামপূৰ্ণ জীৱনৰ ইতিহাস শুনি। ইংৰাজী, বঙালী, সংস্কৃত ভাষাত দখল থকা বাইদেউৰ বক্তৃতা যিয়ে এবাৰ শুনিছে কেতিয়াও পাহৰিব নোৱাৰে । --- বাইদেউক মই পাইছিলো অধ্যক্ষা, প্রশাসক আৰু শিক্ষাবিদ্ হিচাবে বাণীকান্ত শিক্ষক-প্রশিক্ষণ মহাবিদ্যালয়ত। নতুনকৈ প্ৰতিষ্ঠিত হোৱা সেইখন মহাবিদ্যালয়ত আমি শিক্ষক আছিলো আৰু যোৰহাটৰ চৰকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পিছত বাণীকান্ত প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ অনুৰোধ ক্ৰমে বাইদেৱে অধ্যক্ষা . হিচাপে যোগদান কৰিছিল। মই তেতিয়া পাছ কৰিয়েই চাকৰিত সোমাইছিলো। মোতকৈ বয়সত ডাঙৰ ব্যক্তিসকলক যেতিয়া মই শ্ৰেণীকক্ষত প্ৰশিক্ষাৰ্থী হিচাবে দেখো, ম‍ই নাৰ্ভাচ হৈ পৰো। ঘন্টা পৰাৰ লগে লগে মোৰ বুকুত গৰম পানী উতলি অহা যেন লাগে। ভয়ত ৮১