সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

নানান বিষয়ৰ প্ৰতি আমাৰ আগ্রহ জন্মিছিল। এনেবোৰ কাম কৰিবলৈ যি স্বাধীনতাৰ প্ৰয়োজন, সেই স্বাধীনতা মায়ে আমাক দিছিল। আমাৰ ব্যক্তিত্ব ও চৰিত্ৰ গঠনত সেই স্বাধীনতাই যথেষ্ট সহায় কৰিছিল। মা এগৰাকী ভাল ৰান্ধনীও। ইমান কামৰ মাজতো যেতিয়াই আজৰি সময় পাইছিল, তেতিয়াই মায়ে আমাক বিধে বিধে সুস্বাদু ব্যঞ্জন ৰান্ধি খুৱাইছিল। মায়ে সোৱাদ লগাকৈ ৰন্ধা খাৰ আৰু খৰিচা আজিও মুখত লাগি থকা যেন লাগে। এতিয়া বৃদ্ধ অৱস্থাতো মায়ে ৰান্ধনি ল'ৰাটোক ৰন্ধা-বঢ়াত যথেষ্ট দিহা পৰামৰ্শ দিয়ে আৰু সহায়ৰ হাত আগবঢ়ায় আমাক বা ঘৰৰ অতিথি আদি সকলোকে খাবলৈ দিহে মায়ে নিজে আহাৰ গ্ৰহণ কৰে। পো-বোৱাৰী-জোঁৱাই আহিলেতো কথাই নাই । আমি সৰুতেই মাক ঘৰ চলোৱাত সহায় কৰা কেইবাজনো ব্যক্তিৰ সান্নিধ্যলৈ আহো। এই আটাইকেইজন লোকেই অতি চৰিত্ৰবান তথা ব্যক্তিত্বসম্পন্ন আছিল । মায়ে কেতিয়াও তেওঁলোকক বেয়া ব্যৱহাৰ কৰা দেখা নাছিলো। গতিকে আমিও তেওঁলোকক কাম কৰাৰ বাবে হুকুম দিয়া বা গালি শপনি পাৰাৰ প্ৰশ্নই নুঠিছিল। আমি তেওঁলোকক শ্রদ্ধাহে কৰিছিলো আৰু আজিও কৰো। মা সদায়েই লোকৰ দুখত দুখী আৰু প্ৰয়োজন হলেই ৰাতিয়ে দিনে মানুহক বিপদে আপদে সহায় কৰে। ১৯৫০ চনৰ বৃহৎ ভূমিকম্পৰ সময়ত শদিয়া ত্যাগ কৰি অহা বহুতো লোকক আমাৰ ঘৰত আশ্ৰয় দিছিল । মাৰ সৈতে আমাৰ মামা-মামীহঁতৰ সম্বন্ধ অতি মধুৰ; সকলো সময়তে তেওঁলোকে প্রয়োজন অনুভব কৰিলে মাৰ দিহা-পৰামৰ্শ বিচাৰে আৰু মায়ো দিয়ে ৷ মাৰ প্রয়োজনতো তেওঁলোক আটায়ে মাক যথেষ্ট সহায় কৰে। এই একেই সম্বন্ধ মোৰ দেউতাৰ পৰিয়ালৰ লোকৰ লগতো আছে, যদিও ১৯৩৯ চনতেই এই সম্পৰ্কৰ ইতি পৰাৰ দৰে হৈছিল; শাৰীৰিক দূৰত্ব আৰু মাৰ জীৱনৰ অন্য এক অধ্যায় আৰম্ভণিৰ প্ৰয়োজনৰ তাগিদাতো এই সম্বন্ধ শেষ হৈ যোৱা নাছিল । এইবছৰ বিজয়া দশমীত মাৰ বয়স ৯১ বছৰ পূৰ্ণ হ'ব। এই ৯১ বছৰীয়া মানুহ গৰাকীয়ে কাৰো আৰ্থিক বা আবেগিক সহায় নোলোৱাকৈয়ে পূৰ্বৰ দৰে স্বাধীনচিতিয়া ভাবে চলি আছে। এই বয়সতো মাই ৰাতি পুৱাৰে পৰা এক ব্যস্ততাপূৰ্ণ জীৱন যাপন কৰি আছে। ৮০ বছৰ বয়সলৈকে তেওঁ নিজে তাঁত বৈ বিহুত সকলোকে বিহুৱান দিছিল। মোকতো কথাই নাই, বিধে বিধে বোৱা কাপোৰ আৰু ক'ত কি যে দিয়ে তাৰ অন্ত নাই। জাৰকালি নিহালি সদৃশ ডাঙৰ ডাঙৰকৈ উলৰ কাপোৰ গুঠি দিছিল । যেতিয়াই মাৰ ঘৰলৈ যাওঁ, গৈ পোৱাৰ অলপ সময় পিছতে মায়ে মোৰ বাবে বনোৱা উলৰ Vest, Knee Cap, হাত মোজাৰ টোপোলা হাতত লৈ কৈছিল “মামন, চোৱা মই তোমাৰ বাবে কি ৮৫