সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

_আৰু সাৱলীল, কথাবোৰ অন্তৰৰ পৰা কৈছিল। তেওঁ ভাৰতীয় আধ্যাত্মিক চিন্তা-ধাৰাৰে প্ৰভাৱিত ব্যক্তি। “মই ভাৰত স্কাউটচ্ এণ্ড গাইডচ্ অনুষ্ঠানটোৰ ষ্টেট্‌ চীফ্‌ কমিছনাৰ আছিলো। শ্ৰীমতী মিৰি সেই অনুষ্ঠানটোৰ এগৰাকী উপসভানেত্ৰী আছিল। সেই সূত্ৰেও বহু দিনলৈ সভা সমিতিবোৰত আমি লগ হৈছিলো। ভগবানে তেওঁক যেন সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন দান কৰে। শ্ৰীনীলিমা দত্ত অসমীয়া জাতিয়ে ইন্দিৰা মিৰিক লৈ গৌৰৱ কৰিব পাৰে। তেখেতৰ সমাহিত কথা বতৰা, প্ৰখৰ বুদ্ধি আৰু মানুহৰ লগত মিলিব পৰা স্বভাৱটিয়ে মানৱতাবোধৰ পৰিচয় দিয়ে। তেখেত নাৰীবাদ, পুৰুষবাদ বা আন কোনো বাদৰ পক্ষপাতী নহয়, তেখেত বিশ্ব শাস্তিৰ এগৰাকী প্ৰবক্তা। তেখেতে এসময়ত পানবজাৰ ছোৱালী হাইস্কুলত শিক্ষকতা কৰিছিল। মই সেইখন স্কুলৰে ছাত্ৰী আছিলো যদিও তেখেতক শিক্ষয়িত্ৰী হিচাপে পোৱা নাছিলো। তেখেতৰ জীৱনটোৱেই সমন্বয়ৰ এক উজ্বল দৃষ্টান্ত। নেফাৰ শিক্ষা-বিষয়া ৰূপে তেওঁ সেই জনজাতীয় লোকসকলৰ সেৱাত নিজকে বিলাই দিছিল। এই সমন্বয়ৰ আদৰ্শই তেখেতক আধ্যাত্মিকতা প্ৰদান কৰিছিল। সভাই সমিতিয়ে এই গৰাকী বৃদ্ধা মহিলাৰ যি বাগ্মিতা প্ৰকাশ পায় সি অনন্য। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। ড° ৰমেশ দাস ১৯৫৭ চনত যোৰহাটত পোষ্ট গ্ৰেজুয়েট ট্ৰেইনিং কলেজ স্থাপন হোৱাৰ কেইমাহমান পিছতে মই কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা গৈ সেই প্ৰশিক্ষণ কলেজত বিজ্ঞান-শিক্ষক ৰূপে যোগদান কৰোগৈ৷ কলেজখনত কলা আৰু বিজ্ঞান দুয়োটা বিভাগ খোলা হৈছিল; শিক্ষক নাছিল বাবে পদাৰ্থ-বিজ্ঞান, ৰসায়ন-বিজ্ঞান, অঙ্ক – গোটেই কেইটা বিষয় ম‍ই শিকাবলগীয়া হৈছিল। তেতিয়াৰে পৰা ন দহ বছৰ শ্ৰীযুতা ইন্দিৰা মিৰিৰ তলত কাম কৰাৰ সৌভাগ্য মোৰ হৈছিল। সেই সময়ছোৱাৰ অভিজ্ঞতা আছিল সন্তানে মাতৃৰ শাসনত কাম কৰাৰ অভিজ্ঞতা। মানুহ গৰাকীৰ শান্ত, সৌম্য চেহেৰা, মাতৃ সুলভ আচৰণ, কথা-বতৰাই আমাক মোহিত কৰিছিল আৰু শিক্ষক, কৰ্ম্মচাৰী আটায়ে তেওঁৰ আদৰ্শেৰে কলেজখনৰ উন্নতিৰ হকে দেহে-কেহে চেষ্টা কৰিছিলো। কলেজখনৰ যোগে কেন্দ্ৰীয় চৰকাৰৰ Extension Service অৰ সেৱা আগবঢ়োৱা হৈছিল। কলেজৰ অধ্যক্ষা ইন্দিৰা মিৰি সেই বিভাগৰ ডাইৰেক্টৰ আছিল আৰু কলেজৰ আন এগৰাকী প্ৰবক্তা স্বৰ্গীয় 18 ৬৬