সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

প্ৰধান টুৱেনচাং জিলা পিছত নগালেণ্ডৰ অন্তৰ্ভুক্ত হয়। ১৯৭২ চনৰ জানুৱাৰী মাহৰ পৰা নেফা অঞ্চল অৰুণাচল প্ৰদেশ নামেৰে ইউনিয়ন টেৰিটৰি' ৰূপে পৰিগণিত হয়। ১৯৭৮ চনত ইয়াক পূৰ্ণ পৰ্য্যায়ৰ ৰাজ্যৰূপে ঘোষণা কৰা হয়। শেহতীয়াকৈ অৰুণাচল প্ৰদেশত কেইবাখনো নতুন জিলা গঠিত হৈছে। স্বাধীনতা লাভৰ পঞ্চাশ বছৰৰ পিছৰ আজিৰ অৰুণাচল প্ৰদেশ আৰু ইন্দিৰা মিৰি চাকৰিত সোমোৱা দিনৰ নেফাৰ মাজত যেন বহু যুগৰ ব্যৱধান। তেতিয়াৰ দিনৰ, শিক্ষা কি বস্তু বুজি নোপোৱা সম্পূৰ্ণ অজ্ঞ, অৰ্দ্ধ উলংগ জনজাতীয় এচাম মানুহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ সপোন বুকুত বান্ধি ইন্দিৰা মিৰিয়ে ১৯৪৭ চনৰ পহিলা ছেপ্তেম্বৰত আৰম্ভ হোৱা নেফাৰ শিক্ষা-বিভাগৰ জন্ম লগ্নতে তাত শীৰ্ষ শিক্ষা-বিষয়া ৰূপে যোগদান কৰেগৈ। নেফাত ভাৰত চৰকাৰৰ আদিবাসী সম্পৰ্কীয় উপদেষ্টা ৰূপে বহুকাল কাৰ্য্য নিৰ্ব্বাহ কৰা প্ৰসিদ্ধ নৃতত্ত্ববিদ ডঃ ভেৰিয়াৰ এলউইনৰ মতে “নেফাৰ জনজাতীয় সকলৰ মাজত শিক্ষা বিস্তাৰ কৰিবলৈ যোৱাটো অকল কষ্ট সাধ্যই নহয় বিপদজনকো।” এইগৰাকী পশ্চিমীয়া নৃতত্ত্ববিদে নেফাৰ চুকে কোণে সুদীৰ্ঘ কাল ঘূৰি পকি জনগোষ্ঠীসমূহৰ সমাজ-সংস্কৃতি, ৰীতি-নীতি, আইন-কানুন আদি বিভিন্ন বিষয়ত অধ্যয়ন চলাই নিজ অভিজ্ঞতা গ্ৰন্থাকাৰে লিপিবদ্ধ কৰি গৈছে। নেফা সংক্ৰান্তত তেওঁৰ সংগৃহীত তথ্য আৰু পৰামৰ্শাৱলী নেহৰু চৰকাৰৰ দ্বাৰা বিশেষ ভাৱে সমাদৃত হৈছিল। ১৯৫৭ চনত প্ৰকাশিত এলউইন চাহাবৰ Philosophy for NEFA নামৰ মূল্যবান গ্ৰন্থখনে ভাৰত চৰকাৰৰ নেফা সম্পৰ্কীয় নীতি নিৰ্দ্ধাৰণত যথেষ্ট প্ৰভাৱ পেলাইছিল। নেফাত শিক্ষাৰ প্ৰচাৰ সম্পৰ্কে তেওঁ কিছু বহুমূলীয়া পৰামৰ্শ আগবঢ়াইছিল। তেওঁ কৈছিল যে নেফাৰ শিক্ষা ব্যৱস্থাত সাধাৰণ বুদ্ধিৰ শিকাৰৰ স্বাৰ্থত শৈক্ষিক বিষয়ৰ লগতে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় অভাৱ পূৰাব পৰাকৈ খেতি- বাতিকে ধৰি বিভিন্ন হস্তশিল্প স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হব লাগে। শিক্ষাৰ মাধ্যম সম্পৰ্কে এলউইনে পৰামৰ্শ দিছিল যে যথা সম্ভৱ শীঘ্ৰে জনজাতীয় দোৱান শিক্ষাৰ মাধ্যম ৰূপে গ্ৰহণ কৰিব লাগে। মন কৰিবলগীয়া কথা যে এলউইন নেফাত নিযুক্ত হোৱাৰ বহু দিন আগতে ১৯৪৭ চনতে ইন্দিৰা মিৰিৰ আমোলত প্ৰবৰ্ত্তিত নেফাৰ শিক্ষা-নীতিত উপৰোক্ত দুয়োটা কথাতে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। জনজাতীয় সকলৰ কৃষ্টি ওপৰম্পৰা ৰক্ষা কৰাৰ দিশত ডঃ এলউইনে বিশেষ ৰক্ষণশীল মনোভাৱৰ পৰিচয় দিছিল। তেওঁৰ কথাতে সুৰ মিলাই পণ্ডিত নেহৰুৱেও সতৰ্ক বাণী শুনাইছিল “ জনজাতিসকলক যেন আমাৰ দ্বিতীয় সংস্কৰণ ৰূপে গঢ়ি তুলিবলৈ চেষ্টা চলোৱা নহয়।” ১৯৪৭ চনত যেতিয়া ইন্দিৰা মিৰি শিক্ষা-বিষয়া ৰূপে নেফাত উপস্থিত হৈছিল তেতিয়া তাত শিক্ষানুষ্ঠান বুলিবলৈ মাথোন তিনিখন প্ৰাথমিক বিদ্যালয় আছিল, এখন ২৩