সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। ৰাজ্যপালৰ উপদেষ্টা এন কে কস্তম্‌জীৰ সভাপতিত্বত বহা সেই সন্মিলনত পোন প্ৰথমবাৰৰ বাবে নেফাৰ ৰাইজক নেফাৰ বাবে হাতত লোৱা শিক্ষা আঁচনিৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। সেই সময়ত শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰমত নেফাত শিক্ষা বিস্তাৰৰ উদ্দেশ্যসমূহ ফঁহিয়াই দেখুওৱা হৈছিল। তাত কোৱা হৈছিল, “নেফাৰ শিক্ষা-ব্যৱস্থা নেফাৰ উপযোগী আৰু সেই অঞ্চলৰ শিশুৰ বাতাবৰণৰ সম্পূৰ্ণ অনুকূল হব লাগিব। লিখা-পঢ়া, অঙ্কৰ বাহিৰেও শিশুৰ বয়স, দক্ষতা আৰু ৰাপ অনুসৰি শিক্ষা পদ্ধতি ৰচনা কৰিব লাগিব। পাঠ্যক্ৰমত খেতিৰ কাম, জনজাতীয় কুটীৰ শিল্প, স্বাস্থ্য-বিজ্ঞান, সমাজ-শিক্ষা আৰু নৃত্য-গীতক প্ৰাধান্য দিয়া হব।” কোৱা নিষ্প্ৰয়োজন, শীৰ্ষ শিক্ষা-বিষয়া আৰু তেওঁৰ সহকাৰী বিষয়া সকলে শিক্ষা-আঁচনি অনুসৰি কাৰ্য্য ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যৎপবোনাস্তি চেষ্টা চলাইছিল। ২৮