সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অন্তৰৰ অন্তৰতম স্থলত সকলো অৰ্থলিপ্সাৰ আঁৰত এখন সুখৰ সংসাৰৰ সপোন নিশ্চয় অভিভাৱক আৰু ছোৱালীয়ে নিজেও দেখে। যাৰ চাকৰিৰ নিতান্ত প্ৰয়োজন তেনে ছোৱালীয়েহে চাকৰিত নিযুক্তি বিচৰাটো নিজৰ বাবে, দহৰ বাবেও মংগলজনক।

 সুচিন্তিত শিক্ষা পদ্ধতিয়েহে এনেবোৰ সমস্যাৰ সমাধান উলিয়াব পাৰিব। শিক্ষা আঁচনি তৈয়াৰ কৰোতে নিম্নোক্ত কথাকেইটালৈ লক্ষ্য ৰাখিলে সুফল আশা কৰিব পাবিঃ-

 (১) ভগবানৰ সৃষ্টিত নাৰী ও পুৰুষ পৃথক। ভগবানৰ সৃষ্টিত সকলো মানুহৰে বুদ্ধি-বৃত্তিও একে নহয়। এই পাৰ্থক্যই ভগবানৰ পক্ষপাতিত্ব নুসূচায়, সৃষ্টি ৰক্ষাৰ বাবে ইয়াৰ প্ৰয়োজন আছে, গতিকে এই পাৰ্থক্য স্বাভাবিক।

 (২) মা হোৱা, ভনী হোৱা নাৰীৰ স্বাভাবিক গুণ কোমলতা, পুৰুষৰ পৰা আমি বিচাৰো শক্তি, শিক্ষাত এনেবোৰ গুণৰ বাঢ়নৰ ব্যৱস্থা থাকিব লাগে।

({gap}}(৩) জ্ঞান-বিজ্ঞানৰ চর্চ্চাৰ ক্ষেত্ৰত ল'ৰা-ছোৱালীৰ কোনো প্ৰভেদ ৰাখিব নালাগে। যিমানে উৰ্দ্ধলৈ যায় যাবলৈ দিব লাগে। অৱশ্যে এইসকলৰ সংখ্যা বেছি নহয়।

 (৪) গৰিষ্ঠ সংখ্যক ল'ৰা-ছোৱালীৰে প্ৰায়োগিক প্ৰবণতা (Skill) অধিক। তেওঁলোকৰ প্ৰায়োগিক দক্ষতাৰ উৎকৰ্ষ সাধনৰ যথাযথ ব্যৱস্থা শিক্ষা আঁচনিত থকা উচিত। দেশক যিদৰে দাৰ্শনিক, শিক্ষক, ডাক্তৰ, ইঞ্জিনীয়াৰ লাগে ঠিক সেইদবে লাগে ব্যৱসায়ী, কৃষক আৰু বিভিন্ন ক্ষেত্ৰত কাৰিকৰী দক্ষতা থকা লোক। দুয়োবিধ শিক্ষাৰে‍ যথাযথ ব্যৱস্থা থাকিব লাগিব।

 (৫) সকলো ধৰণৰ শিক্ষাৰ বাবে নিম্নতম অৰ্হতা হব লাগিব হাই স্কুল অথবা হায়াৰ চেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষা। দুয়োবিধ শিক্ষাৰ প্ৰতি, দুয়োবিধ শিক্ষাৰ্থীৰ প্ৰতি সমদৃষ্টি হব লাগিব, অন্যথাই ই হীনমন্যতাৰ সৃষ্টি কৰে‍।

 (৬) সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, শিক্ষা ব্যৱস্থাত আৰম্ভনিৰে পৰা নীতি-শিক্ষাৰ ব্যৱস্থা থাকিব লাগিব। ই অকল পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'লেই নহব, শিক্ষাগুৰুসকলৰ আচাৰ-আচৰণেও তেনে দৃষ্টান্ত দাঙি ধৰিব পাৰিব লাগিব। তেনে শিক্ষাইহে ল'ৰা ছোৱালীৰ মনত সাত্ত্বিক চেতনা জগাই তুলিব অৰ্থাৎ মানৱ অন্তৰত থকা সত্ত্ব গুণৰ বিকাশ সাধন কৰি ৰজঃ ও তমঃ গুণক নিয়ন্ত্ৰন কৰি অন্ধ অৰ্থলিপ্সাৰ দৰে দোষবোৰৰ দূৰীকৰণত সহায় কৰিব।

 প্ৰশ্নঃ- আপুনি কেইবাখনো শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ় দিছে। আজিকালি তেনে অনুষ্ঠানৰ সংখ্যা বাঢ়িবই লাগিছে, কিন্তু শিক্ষাদানৰ মানৰ কিবা উন্নতি সাধন হৈছে বুলি ভাবেনে? কলেজবোৰত বৰ্ত্তমান শিক্ষাৰ পৰিবেশ নাই বুলিলেই হয়; এই টিউচনসৰ্ব্বস্ব শিক্ষা-পদ্ধতিয়ে ছাত্ৰৰ বা দেশৰ কিবা উন্নতি সাধিব বুলি ভাবে নে?

৬১