সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

যেয়ে আহে, তেওঁকেই মাতৃসুলভ মৰমেৰে মোহে। আমি শৰণীয়া আশ্ৰমৰ ভণী সকলেও বাইদেউৰ মাতৃসুলভ স্নেহ পাই আহিছোঁ। সচৰাচৰে অমল বাইদেৱেও শৰণীয়া আশ্ৰমত পতা সভা-সমিতিলৈ সদায় ইন্দিবা বাইদেউ অহাটো কামনা কৰিছিল। সেয়ে আমি এতিয়াও আমাৰ মাজত ইন্দিৰা বাইদেউক বিচাৰো। বাইদেউৰ পাণ্ডিত্যপূৰ্ণ শুৱলা ভাষণে সকলোকে মোহে; নানা জনৰ উদ্ধৃতিৰে দিয়া সেই চমু অথচ সাৰুৱা ভাষণে আমাকো অতিকৈ মুগ্ধ কৰে। শৰণীয়া আশ্ৰমত প্ৰায়ে একোখন সভাত এফালে অমল প্ৰভা বাইদেউ, আনফালে পুষ্পলতা বাইদেউ আৰু সোঁ মাজত ইন্দিবা বাইদেউ বহিছিল। সভাৰ সভানেত্ৰীও ইন্দিবা বাইদেউকে পাতি ভাল পাওঁ। বাইদেৱে কয়, “তোমালোকে মোক কিয় মাতা?” কেতিয়াবা বাইদেৱে আহিবলৈ আপত্তি দৰ্শায় যদিও পিছ মুহূৰ্ত্ততে ওলায়হি; বাইদেৱেও আমাক এৰিব নোৱাৰে আৰু আমিও বাইদেউক এৰিব নোৱাৰোঁ। এনে অভিন্ন হৃদয়ৰ বাইদেউ গৰাকীক, অমল প্ৰভা বাইদেৱে এৰি যোৱাৰ পিছত, আমাৰ মনে যেন আৰু নিবিড় ভাৱে পাবলৈ বিচাৰে। যেন অমল বাইদেউৰ অবৰ্ত্তমানত অনুভৱ হোৱা অভাৱ খিনি, ইন্দিৰা বাইদেৱেহে পূৰণ কৰিব পাৰে, আমাৰ এনে ভাৱ হয়। বিহুৱে-পাৰ্বণে আমাৰ বাইদেউৰ ওচৰ পাবলৈ ইচ্ছা হয়। যোৱাৰ সুযোগ নহ'লে, টেলিফোন যোগেৰেই মৰম সেৱা জনাওঁ। বহু দিন বাইদেউৰ ওচৰলৈ যোৱাটো নহ'লে নাইবা ফোন যোগেও খা-খবৰ লোৱা নহ'লে, বাইদেৱে মৰমৰ অভিযোগ সনা সুৰত কয়, “তোমালোকে দেখোন মোৰ খবৰকে নকৰা হ'লা, মই মৰিলেহে বোধকৰো ফুল দিবলৈ আহিবা।” এনে এষাৰ কথা শুনিলে ইমান যে বেয়া লাগেহু লগতে নিজকে অপৰাধী যেনো লাগে। বাইদেউ যেন সু-স্বাস্থ্যৰে সুদীৰ্ঘ কাল আমাৰ মাজত থাকে, সদায় যেন মাতৃ স্নেহেৰে আমাক আৱৰি ৰাখে — ঈশ্বৰৰ ওচৰত আমাৰ এয়ে আন্তৰিক প্ৰাৰ্থনা। শ্ৰীশুচিতা ৰায়চৌধুৰী - কোনো এখন জ্যোতিষ শাস্ত্ৰত পাইছিলোঁ, যিগৰাকী পূৰ্ণবয়ষ্ক ব্যক্তিৰ হাতৰ তলুৱা ফুলৰ দৰে কোমল তেওঁ অশেষ প্ৰতিভাশালী আৰু বৰণীয় হয়। মই মোৰ জীৱনত তেনে একাজলি ফুলৰ দবে কোমল তিনিখন হাতৰ স্পৰ্শ পাই ধন্য হৈছোঁ। সেই তিনিজন ব্যক্তিৰ এজন হৈছে মোৰ পিতৃদেৱ অম্বিকাগিৰি ৰায় চৌধুৰী, দ্বিতীয় জন হৈছে স্বতন্ত্ৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰ লাল নেহেক আৰু তৃতীয় গবাকী অসমৰ এক বৰেণ্যা নাৰী শ্ৰীমতী ইন্দিবা মিৰি। এই তিনিও গৰাকী ব্যক্তিৰে হৃদয় একো ৭৩