সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

নতুন ব্যঞ্জন, (তেখেতে এই বয়সতো ৰান্ধনী শালত পুৱা গধূলি ৰন্ধা বঢ়া কৰে) বিহুৰ লাডু- পিঠা, শালৰ গামোছা নিয়মীয়াকৈ আমাৰ ঘৰলৈ আহিছিল। তেখেতৰ ঘৰৰ চৌহদক এখনি আশ্ৰম বুলিব পাৰি। সেই আশ্ৰমবাসিনী ইন্দিৰা মিৰি এগৰাকী তপস্বিনী, সাধনালব্ধ জীৱনৰ পৰমাৰ্থৰ এটি ৰূপ। নিতৌ পুৱা সকলো প্ৰাতঃকৰ্ম্মৰ অন্তত সদ্যস্নাতা, মুক্তকেশী, শুভ্ৰবসনা ইন্দিৰা বাইদেউৱে যেতিয়া ঘৰৰ বাৰাণ্ডাত বহি সমুখৰ পুষ্কৰিণীৰ পিনে চাই ৰবীন্দ্ৰ সীতৰ কলি নাইবা চণ্ডী কাব্যৰ শ্লোক গুগুণাই থাকে তেতিয়া এনে অনুভৱ হয় যেন কোনো আশ্ৰমৰ পূত মন্দিৰৰ পূজাৰিণী ধ্যানমগ্না হৈ বহি আছে। সেই কেবছৰত আজৰি সময়ত প্ৰায়েই তেখেতৰ ওচৰত বহিছিলোগৈ। বিবিধ বিষয়ৰ কথা কয়, বিবিধ আলোচনা তেখেতে কৰে। তেখেতৰ শৈশৱ, কৈশোৰ, যৌৱন, বিবাহিত জীৱন, তেখেতৰ বৈধব্যৰ কথাও ওলায়। অৱশ্যে তেখেতে নিজে কওঁ বুলি নিজৰ কথা কবলৈ নেযায়; মই সুধিলে নাইবা কিবা বক্তব্যৰ প্ৰসংগত উত্থাপন কৰিবলগীয়া হলেহে তেখেতে নিজৰ কথা কয়। তেখেত সচেতন ভাৱে আত্মপ্ৰচাৰৰ পৰা সততে বিৰত থাকে। তথাপি আমাৰ জনাৰ আগ্ৰহক সহাঁৰি দি তেখেতে যিবোৰ বৃত্তান্ত আগবঢ়াইছিল তাৰ মাজেৰে মই উপলব্ধি কৰিছিলো কি অসাধাৰণ ব্যক্তিত্ব, মেধা আৰু বুদ্ধিমত্তাৰ গৰাকিনী এই নাৰীহু ব্যক্তিগত নাইবা সামাজিক জীৱনৰ সংগ্ৰামতো আক্ৰান্ত নোহোৱাকৈ নাছিল তেখেত। সেইবোৰ কাহিনীয়ে তেওঁৰ আত্মিক শক্তি আৰু সাহসৰ পৰিচয় দিয়ে। দুজন ব্যক্তিৰ প্ৰভাৱ আৰু দিক্‌ নিৰ্নয়ে তেখেতক পথৰ সন্ধান দিছিল, গতিৰ চালিকা শক্তি নিৰূপন কৰিছিল। সেই দুজন আছিল তেখেতৰ পিতৃদেৱ স্বৰ্গীয় সোণাধৰ সেনাপতি আৰু স্বামী স্বৰ্গীয় মহী চন্দ্ৰ মিৰি এই দুজনৰ কথা যেতিয়া তেখেতে কয় তেখেতৰ মন আজিও যেন বিভোৰ হৈ উঠে। অসমীয়া, বাংলা, ইংৰাজী আৰু সংস্কৃত-এই চাৰিওটা ভাষাত তেখেতৰ দখল সমান। এই চাৰিওটা ভাষাৰ অনেক গ্ৰন্থৰ উদ্ধৃতি তেওঁৰ কণ্ঠস্থ, বিশেষকৈ ৰবি ঠাকুৰৰ কাব্য আৰু ৰবীন্দ্ৰ সংগীত। সভা সমিতিত তেখেতৰ ভাষণ এক বিৰল প্ৰতিভাৰ স্বাক্ষৰ। কেনে সাৱলীল ভাৱ, প্ৰাঞ্জল ভাষাৰে, বক্তব্যৰ মূল কথাখিনিৰ পৰা কেনিও আতৰি নোযোৱাকৈ তেখেতে ভাষণ দিব পাৰেহু অতিকৈ সৰলমনা, নিৰহংকাৰী, প্ৰচাৰ বিমুখ ইন্দিৰা বাইদেউৰ কথা ভাবিলে মনলৈ আহে তেখেতৰ সত্ত্বাত যেন বিলীন হৈ আছে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সেই কবিতাৰ বাণী ৬১